বলীউডৰ ছবিত একেটা ফ্ৰেমতে কংগনা আৰু এজন অসমীয়া অভিনেতা
কংগনাৰ ‘ইমাৰজেন্সী’ত অভিনয়ৰ সুযোগ অসমৰ অভিনেতাৰ । অসমত ছবিখনৰ শ্বুটিঙৰ সময়ত ছবিখনত অভিনয়ৰ সুযোগ দিয়া হৈছিল অসমৰ অভিনেতাক ।

By ETV Bharat Entertainment Team
Published : January 18, 2025 at 1:52 PM IST
|Updated : January 18, 2025 at 3:05 PM IST
গুৱাহাটী: ১৭ জানুৱাৰীত মুক্তি লাভ কৰে কংগনা ৰনৌতৰ বহু প্ৰত্যশিত ছবি ‘ইমাৰজেন্সী’ । কেতিয়াবা ইয়াৰ সংলাপ বা কেতিয়াবা তথ্য যোগানত পলম হোৱাৰ বাবে আৰু কেতিয়াবা কংগনা ৰাজনৈতিক জীৱনত ব্যস্ত থকাৰ বাবে ইমাৰ্জেন্সীৰ মুক্তিৰ দিন বহুবাৰ ধৰি পিছুওৱা হৈছিল যদিও অৱশেষত এতিয়া ছবিখন ১৭ জানুৱাৰীত মুক্তি লাভ কৰিলে ছবিখন ।
ইফালে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ভাৰতৰ ভিন্ন ঠাইৰ লগতে, চুবুৰীয়া দেশতো । অসমতো কৰা হৈছিল ছবিখনৰ বহুকেইটা দৃশ্যৰ দৃশ্যগ্ৰহণ । অসমত ছবিখনৰ শ্বুটিঙৰ সময়ত ছবিখনত অভিনয়ৰ বাবে সুযোগ দিয়া হৈছিল অসমৰ অভিনেতাক । যাৰ ফলত ছবিখনে মুক্তিলাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে ছবিখনত অভিনয় কৰা অসমৰ এজন অভিনেতা ।
- কংগনাৰ ইমাৰজেন্সীত অভিনয়ৰ অভিজ্ঞতা অসমৰ অভিনেতাৰ :
‘ইমাৰজেন্সী’ ছবিখনৰ এটা দৃশ্যত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল অসমৰ যুৱ পৰিচালক তথা অভিনেতা ৰাজ বাস্ফৰে । কংগনাৰ লগত অভিনয় কৰিবলৈ সুযোগ লাভ কৰি উৎফুল্লিত অভিনেতাগৰাকী ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাৎক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয়, "মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে মই এনেকুৱা কিবা এটা কৰিব পাৰিছো । সেইকাৰণে মই বহুত উৎসাহী হৈয়ো আছো আৰু বহুত ভালো লাগি আছে মনত । নিজকে ৰূপালী পৰ্দাত দেখিছো । কংগনা ৰনৌতৰ সৈতে একেলগে একেটা ফ্ৰেমতে থকাটো মোৰ কাৰণে বহুত ডাঙৰ কথা ।"

তেওঁ লগতে কয়, "এটা সৰু চৰিত্ৰ আছিল, কিন্তু এইটো কৰিবলৈ পাই মই বহুত সুখী । লগতে মোৰ কেইবাজনো বন্ধু আছিলে তেওঁলোকেও ছবিখনৰ এটা পাৰ্ট আছিল । তেওঁলোকেও বহুত ভাল কাম কৰিছে । গোটেইকেইটা অসমীয়া ল'ৰা । গতিকে সেই মুহূৰ্তটো আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত আছিল ।"

- অসমত কেতিয়া হৈছিল শ্বুটিং:
এই সন্দৰ্ভত অভিনেতা ৰাজ বাস্ফৰে কয়, "২০২২ চনৰ ২২ নৱেম্বৰত শ্বুটিং হৈছিল । তাত মোৰ তিনিদিনমানৰ কাম হৈছিল । এদিন শ্বুটিং হৈছিল আৰু দুদিন মই তাত থাকিবলগীয়া হৈছিল । এই দৃশটোৰ শ্বুটিং বোকাখাতৰ গৰমপানীত হৈছিল । তেওঁলোক বহুত প্ৰফেচনেল হয় । কংগনা মেডামক লগ পাইছো তেখেত বহুত ভাল আৰু তেখেতৰ ব্যৱহাৰো বহুত ভাল ।"

উল্লেখ্য যে, এই ছবিখন ১৯৭৫ চনৰ ২৫ জুনত ভাৰতত ২১ মাহৰ বাবে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ওপৰত নির্মাণ কৰা হৈছে । সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । জৰুৰীকালীন অৱস্থাৰ সময়ত দেশে সন্মুখীন হোৱা পৰিস্থিতিৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

