নিতেশ তিৱাৰীৰ ৰামায়ণত ৰণবীৰ কাপুৰৰ ৰামৰ চৰিত্ৰটোক লৈ প্ৰতিক্ৰিয়া অৰুণ গোবিলৰ
Arun Govil on Ranbir Kapoor: ৰণবীৰ কাপুৰক ‘ৰামায়ণ’ ছবিত শ্ৰীৰামৰ চৰিত্ৰত দেখা যাব । শেহতীয়াকৈ ৰণবীৰৰ ৰামৰ চৰিত্ৰটোক লৈ অৰুণ গোবিলৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে ।

Published : March 12, 2024 at 5:20 PM IST
চিটাৰা ডেস্ক, ১২ মাৰ্চ: নিতেশ তিৱাৰীৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ক লৈ দৰ্শকৰ মাজত ব্যাপক চৰ্চা হোৱা দেখা গৈছে । এই ছবিখনত ৰণবীৰ কাপুৰক শ্ৰীৰামৰ চৰিত্ৰত আৰু সাই পল্লৱীক মাতৃ সীতাৰ চৰিত্ৰত দেখা যাব । অভিনেতা ৰণবীৰ কাপুৰক ৰামৰ চৰিত্ৰত দেখিবলৈ অনুৰাগীও আগ্ৰহী হৈ আছে ।
শেহতীয়াকৈ ৰণবীৰৰ চৰিত্ৰ সন্দৰ্ভত টিভিৰ ৰাম অৰ্থাৎ অৰুণ গোভিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অৰুণ গোভিলক ৰণবীৰ কাপুৰে ৰামৰ চৰিত্ৰত অভিনয় কৰা ভূমিকা সম্পৰ্কে তেওঁৰ মতামত সোধা হৈছিল আৰু অভিনেতাজনে এই চৰিত্ৰটোৰ বাবে নিজৰ সকলোখিনি দিব পাৰিবনে নাই সেই বিষয়েও সোধা হৈছিল ।
এই সন্দৰ্ভত অৰুণ গোভিলে উত্তৰত কয়, ‘‘এয়া হ’ব পাৰে নে নোৱাৰে সময়ে ক’ব, কাৰো বিষয়ে আগতীয়াকৈ একো ক’ব নোৱাৰি । কিন্তু, ৰণবীৰৰ ক্ষেত্ৰত তেওঁ এজন ভাল অভিনেতা ।’’
অৰুণ গোভিলে লগতে কয়, ‘‘ৰণবীৰ এজন বঁটা বিজয়ী অভিনেতা, মই তেওঁক যিমান চিনি পাওঁ, তেওঁ এজন অতি সংস্কৃতিবান ল’ৰা । তেওঁৰ ভিতৰত মূল্যবোধ আৰু সংস্কৃতি আছে । মই তেওঁক বহুবাৰ দেখিছো, মই নিশ্চিত যে তেওঁ এই ভূমিকাটো কৰিবলৈ নিজৰ সকলোখিনি দিব ।’’
উল্লেখ্য যে, এতিয়ালৈকে নিতেশ তিৱাৰীৰ আগন্তুক ছবি ‘ৰামায়ণ’ৰ বাবে বহু তাৰকাৰ নাম প্ৰকাশ পাইছে । কিন্তু জানিব পৰা মতে শ্ৰীৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰক চূড়ান্ত কৰা হৈছে আৰু ছবিখনত মাতৃ সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাই পল্লৱীক চূড়ান্ত কৰা হৈছে । আনহাতে, ছানী দেওলক হনুমান, লাৰা দত্ত কৈকেয়ী আৰু যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব । অৱশ্যে এতিয়ালৈকে নিতেশ তিৱাৰীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ৷
লগতে পঢ়ক: গজিনীৰ পৰিচালকৰ সৈতে নতুন ছবিৰ ঘোষণা ছলমানৰ, ২০২৫ চনৰ ঈদত মুক্তি পাব

