পুৰণিক পাহৰি কেৱল নতুনৰ পাছত দৌৰাটোৱেই সূচায় নেকি প্ৰগতি ? অতীতলৈ ঘূৰি কি চাম ?
উন্নয়নৰ নামত গছ কটাৰ বিৰুদ্ধে সৰৱ এতিয়া ৰাজ্যৰ সাংস্কৃতিক মহলো । সামাজিক মাধ্যম যোগে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ বহু শিল্পীৰ ।

By ETV Bharat Entertainment Team
Published : October 30, 2024 at 6:12 PM IST
গুৱাহাটী : উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰ্বত্রে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহলো । মহানগৰীৰ দীঘলীপুখুৰীৰ চৌপাশে থকা গছ কেইজোপা সুৰক্ষাৰ বাবে সাহিত্যিক, সাংবাদিক, চিত্ৰশিল্পী, শিক্ষক, ৰাজনীতিক সকলোৱে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে সামাজিক মাধ্যম যোগে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন-পাপনকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ।
সমাজিক মাধ্যমত এটা পোষ্টত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে লিখে, “গছ নেকাটিব ৷ নাপায় ৷”
ইফালে গছ কটাৰ বিৰোধিতা কৰি সামাজিক মাধ্যমযোগে দীঘলীপুখুৰীৰ এখন ফটো পোষ্ট কৰি অংগৰাগ পাপন মহন্তই লিখিছে, “যদি আমি পুৰণি সকলোবোৰ ভাঙি পেলাওঁ আৰু কেৱল ‘নতুন’ নিৰ্মাণত গুৰুত্ব দিওঁ, তেন্তে আমি ঐতিহাসিকভাৱে বহুত সৰু হৈ পৰিম ! পুৰণি ঘৰ হওঁক বা পুৰণি গছ হওঁক, আমাৰ দেখুৱাবলৈ কোনো ইতিহাস নাথাকিব ! আমি যেতিয়া সমগ্ৰ বিশ্ব ভ্ৰমণ কৰো আৰু তেতিয়া সেউজীয়াৰে আৱৰা আৰু ঐতিহাসিক স্থাপত্যৰ সৈতে সুন্দৰ চহৰবোৰক প্ৰশংসা কৰো ! আৰু ইয়াত আমি গুৱাহাটী চহৰৰ ‘বিকাশ’ৰ বাবে 150 বছৰতকৈয়ো অধিক পুৰণি গছ হেৰুৱাইছো ! গছৰ প্ৰতি থকা মোৰ প্ৰেমৰ বাবে মই বহু বছৰ ধৰি নিৰন্তৰ আঘাতপ্ৰাপ্ত হৈ আছো, যেতিয়া মই দেখিছো যে শতিকা পুৰণি গছবোৰ ৰাস্তা আদি বহল কৰিবলৈ কটা হৈছে । অতীতত মই আইনক সুধিবলৈয়ো গৈছিলো, কেৱল এইটো শুনিবলৈ যে উন্নয়ন পৰিৱেশৰ আগত আহে ! আমি পুৰণি সম্বলসমূহ বচাবলৈ নতুনকৈ কিবা এটা কিয় নিৰ্মাণ কৰিব নোৱাৰো । গুৱাহাটীৰ পুৰণি অংশবোৰৰ আকৰ্ষণ হৈছে গছৰ আৱৰণ ! এইটো আমাৰ সংস্কৃতিৰ অংশ ! আমি কিয় পুৰণি সম্বলসমূহ বচাবলৈ উপায় বিচাৰি নাপাওঁ ।”
আনহাতে কণ্ঠশিল্পী দীপলিনা ডেকাই এই সন্দৰ্ভত মন্তব্য কৰে, “সেতু নিৰ্মাণ কৰক, ধ্বংস নহয়–প্রাচীন গছবোৰ থাকক আমাৰ ভৱিষ্যতৰ মূল ৰূপে ।”
তৰালী শৰ্মায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, “এই চহৰৰ নীৰৱ নিৰ্বিকাৰ নাগৰিক তেওঁলোক ৷ আপুনি-মই নেদেখা প্ৰজন্মৰ ইতিবৃত্তও খোদিত তেওঁলোকৰ বুকুতে ৷ জ্যেষ্ঠজন যিদৰে এটি পৰিয়ালৰ ধৰণী কিম্বা সাহস, তেওঁলোকো আমাৰ বাবে ঠিক একেই ৷ কংক্ৰীট উন্নয়নৰ মাজতো তেওঁলোকৰ অস্তিত্বক কোনেও নোহোৱা কৰিব পৰা নাই আজিলৈ...তেওঁলোক থাকিব লাগিব, আপোনাৰ বাবে-মোৰ বাবে-আমাৰ বাবে ৷ উন্নয়নৰ ধামখুমীয়াতো এটি মুকলি উশাহৰ বাবে তেওঁলোক থাকিবই লাগিব ৷”
ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা যোগেশ কাশ্যপে লিখিছে, “দীঘলীপুখুৰীৰ পাৰৰ গছ কেইজোপা নকটাকৈ ৰাখকচোন , সেইখিনিয়েই ঠাই আছে গুৱাহাটীত সতেজ, শীতল অনুভৱ হোৱা,....যিমান ব্যস্ততাৰ মাজতো সেইফালেৰে গ’লে কিছুসময় ৰৈ যাওঁ, ৰৈ যাওঁ লগা....বহু স্মৃতিয়ে ৰিঙিয়াই, বহু সময়ৰ সাক্ষী সেই গছ কেইজোপাই উচুপি উচুপি মোক বাৰে বাৰে যেন সোঁৱৰাই ‘তুমিওটো ভাগৰ জুৰাইছিলাহি মোৰ বুকুৰ ছাঁয়াত’ । নকটাকৈ আগবাঢ়ক ।”
কণ্ঠশিল্পী জয় বৰুৱাইয়ো সামাজিক মাধ্যম যোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে ৷ তেওঁ লিখিছে, “এই গছবোৰ আমাৰ ঐতিহ্য । আমাৰ ইতিহাস, আমাৰ পৰিয়াল, আমাৰ কাহিনী । এইটো চোৱাটো আমাৰ বাবেই প্ৰয়োজনীয় যাতে তেওঁলোকৰ কোনো ক্ষতি নহয় । পৰিকল্পনাবোৰৰ বিকল্প অনুসৰণ কৰিব লাগিব ।”
লগতে পঢ়ক : ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

