শিল্পী কেনে হ'ব লাগে, এগৰাকী বিশিষ্ট শিল্পীৰ কথাৰে এক প্ৰতিবেদন
দুকুৰিৰো অধিক সময় তেওঁ জড়িত সাংস্কৃতিক জগতখনৰ সৈতে । বহু বঁটা, বহু উপাধি, সন্মান অৰ্জন কৰা এগৰাকী প্ৰকৃত শিল্পী । আহক জানো তেওঁৰ বিষয়ে...

Published : July 29, 2025 at 7:33 PM IST
|Updated : July 29, 2025 at 8:13 PM IST
বিশ্বনাথ : "শিল্পীয়ে সমাজ গঢ়িব পাৰে, শিল্পীয়ে সমাজ ভাঙিব পাৰে । এটা জাতি জীয়াই থাকিবলৈ হ'লে থাকিব লাগিব সাহিত্য কলা-কৃষ্টি । যাৰ বাবে কোৱা হয় সংস্কৃতি এটা জাতিৰ দাপোণ ৷ সংস্কৃতি জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকিব আৰু জাতি জীয়াই থাকিলে আমি জীয়াই থাকিম । অসমীয়া জীয়াই থাকিব ।" - এই মন্তব্য অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত তথা নাট্যকাৰ, শিল্পী বিনোদ খনালৰ ।
অসমখন হৈছে বাৰেৰহণীয়া ভাষা আৰু সংস্কৃতিৰ মিলন ভূমি ৷ নানা জাতি, নানা জনগোষ্ঠীৰ সুকীয়া সুকীয়া সংস্কৃতিৰে জীপাল অসমৰ কৃষ্টিৰ পথাৰ ৷ সেইসমূহৰ ভিতৰত অন্যতম গোৰ্খা জনগোষ্ঠী ৷ একনিষ্ঠভাৱে গোৰ্খাসকলৰ কৃষ্টি-সংস্কৃতিৰ লগতে অসমীয়া জাতিৰ কলা-কৃষ্টি-সংস্কৃতিৰ সাধনা কৰা এগৰাকী সাধক হৈছে বিহালী সমষ্টিৰ বটিয়ামাৰীৰ নিবাসী বিনোদ খনাল ।
বিগত ৪০ বছৰ ধৰি অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই অহা অৰিহণাৰ বাবে ২০২০ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হয় খনাল । আনহাতে বিগত সময়ছোৱাত ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে নেপালকে ধৰি কেইবাখনো দেশৰ পৰা প্ৰায় হাজাৰোধিক সম্বৰ্ধনা পত্ৰ, বহু উপাধি অৰ্জন কৰাৰ উপৰি ২০১৮ চনত সদৌ অসম ছাত্ৰ সন্থাই পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰিছিল বিশিষ্ট শিল্পীগৰাকীক ।
শিল্পী বিনোদন খনালৰ বিষয়ে কিছু কথা :
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱত ১৯৫৯ চনত জন্ম গ্ৰহণ কৰা বিনোদ খনালে ১৯৭৬ চনৰ পৰা জড়িত হৈ পৰে সাংস্কৃতিক জগতখনৰ লগত ৷ প্ৰায় ৪০ বছৰৰো অধিক সময় খনালে বৃহৎ অসমীয়া জাতিটোৰ লগতে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন ভাষা-সংস্কৃতি, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিবৰ বাবে ভিন্ন ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অহৰহ চেষ্টা কৰি আহিছে ।

দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে কি কয় খনালে :
সাংস্কৃতিক যাত্ৰা তথা দীঘলীয়া এক পৰিক্ৰমাৰ অভিজ্ঞতা সুঁৱৰি শিল্পী বিনোদ খনালে কয়, "১৯৮৪ ত 'অন্য এক সংগ্ৰামৰ প্ৰস্তুতি’ শীৰ্ষক নাট ৰচনা কৰি অসমীয়া, নেপালী আৰু হিন্দী ভাষালৈ অনুবাদ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিবলৈ সক্ষম হৈছিলোঁ । তাৰ লগতে ‘গৰীৱ হোৱাও এক অভিশাপ’ নামৰ নাটকখন ১৯৮৪ চনত ৰচনা কৰি নিজেই মঞ্চত অভিনয় কৰিছিলোঁ ৷ তাৰ পাছত ‘পৰিবাৰ’ নামৰ নাটখন ১৯৮৮ চনত উত্তৰ-পূৰ্বাঞ্চলৰ মাজত বহুলভাৱে প্ৰচাৰ কৰাৰ উদ্দেশ্য ভিডিঅ’ প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিওঁ ।"

এই ৪০ বছৰীয়া জীৱনত এইকেইখন অন্যতম নাট বুলি উল্লেখ কৰে খনালে । তাৰ উপৰি বহুকেইখন নাটক নিজেই লিখি মঞ্চত উপস্থাপন কৰিছে । আনহাতে লোক-সাংস্কৃতিক সাধক খনালৰ নামত কাজিৰঙাৰ অৰ্কিড উদ্যানৰ উদ্যোগত এটা সংগ্ৰাহলয় থকাৰ কথাও উল্লেখ কৰে শিল্পী বিনোদ খনালে ।
নৱ-প্ৰজন্মৰ প্ৰতি কি আহ্বান খনালৰ :
আনহাতে বৰ্তমান সমাজত একাংশ নতুন প্ৰজন্মৰ শিল্পীৰ উশৃংখল স্বভাৱৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত শিল্পী বিনোদ খনালে কয়, "এটা কথা মনত ৰাখিব লাগে অভিভাৱকসকলে, যদি অভিভাৱকসকল ঠিক হৈ যায় তেতিয়া নিশ্চয় নতুন প্ৰজন্ম ঠিক হৈ যাব । যদি মাক দেউতাক ভাল পথেৰে আগুৱাই যায় নিশ্চয় ল'ৰা-ছোৱালী ভাল হ'ব । কিন্তু তাৰ মাজতে এটা কথা, এজন যিকোনো অভিভাৱকে আনৰ ল'ৰা-ছোৱালীক যদি বেয়া পথেৰে যোৱা দেখা পাই তেতিয়া মোৰ ল'ৰা-ছোৱালী বুলি ভাবি ল'ৰাজনৰ বাবে বা ছোৱালীজনীৰ প্ৰতি সচেতন হ'লে সমাজখন ভাল হৈ থাকিব ।"

তেওঁ পুনৰ কয়, "কাৰণ প্ৰায় ২০ বছৰ আগতে আমাৰ সমাজখনত এটা বান্ধোন আছিল । যিটো বান্ধোনৰ এটা ভাল সম্পৰ্ক আছিল । মোৰ ল'ৰাটো আৰু আন এজন ল'ৰাৰ মাজত বা সন্তানৰ মাজত কোনো পাৰ্থক্য নাছিল । ইজনে সিজন অভিভাৱকৰ সন্তানক একেটা চকুৰে চোৱা হৈছিল । তেতিয়া যদি কোনোবা এটা ল'ৰাই বেয়া কাম কৰিছে তেওঁৰ ল'ৰাটোৰ প্ৰতি গুৰুত্ব আছিল, নিজৰ বুলি আগুৱাই লৈ গৈছিল, লৰাটোক সজাগ কৰিবলৈ, ভাল কৰিবলৈ । কিন্তু বৰ্তমান সময়ত সেই ব্যৱস্থা নাই । মানুহৰ ব্যস্ততা বাঢ়িল যাৰ ফলত উচ্ছৃংখলতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।"
নতুন প্ৰজন্মলৈ শিল্পী বিনোদ খনালৰ আহ্বান, "হে নতুন প্ৰজন্ম 'আমি অসমীয়া নহয় দুখীয়া, কিহৰ দুখীয়া আমি হ’ম... সেয়ে আমি নিজৰ ভাষা-সাহিত্য-সংস্কৃতিক লৈ প্ৰতিজন নতুন প্ৰজন্ম যুৱক-যুৱতীয়ে গৌৰৱ কৰিব লাগে আৰু নৱ প্ৰজন্মৰ আগুৱাই অহাত সহায় কৰিব লাগে । সকলো আগবাঢ়ি আহি সমাজ গঢ়াত সহযোগিতা কৰিব লাগে ।"

তেওঁ লগতে কয়, "যিহেতু এই নতুন প্ৰজন্মই আমাৰ ৰাষ্ট্ৰ, জাতিৰ ভৱিষ্যৎ । সেয়ে আমি ভাবোঁ নতুন প্ৰজন্ম আগুৱাই আহিব লাগে, আমাৰ প্ৰতিটো ভাষা-সাহিত্য-সংস্কৃতিক আগুৱাই লৈ যাব লাগে । তেতিয়া এদিন আমি নিশ্চয় সু-ফল পাম, এদিন বিশ্বই আমাক চিনি পাব, অসমীয়া হিচাপে জানিব, আমি সকলোৱে মিলি পোহৰৰ ফালে আগুৱাই যাওঁ ।"

