দ্বিতীয় দিনা বক্স অফিচত কিমান উপাৰ্জন কৰিলে য়ামী গৌতমৰ আৰ্টিকেল ৩৭০ য়ে ?
Article 370 Box Office collection Day 2 : য়ামী গৌতম অভিনীত ছবি ‘আৰ্টিকেল ৩৭০’ এ প্ৰথম দিনাই বক্স অফিচত এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল । গতিকে জানো আহক ছবিখনে দ্বিতীয় দিনা কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

Published : February 25, 2024 at 10:32 AM IST
চিটাৰা ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ২৩ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছে য়ামী গৌতমৰ বহু প্ৰত্যাশিত ছবি ‘আৰ্টিকেল ৩৭০’ । সমালোচক আৰু দৰ্শকৰ পৰা ছবিখনে লাভ কৰিছে ইতিবাচক সঁহাৰি । ছবিখনত য়ামী গৌতমৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথম দিনাই ছবিখনে বক্স অফিচত ভাল ধন উপাৰ্জন কৰিছে । দ্বিতীয় দিনা 'আৰ্টিকেল ৩৭০'এ কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক এই প্ৰতিবেদনত ৷
কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ আঁতৰোৱাৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবিখন দৰ্শকে ভাল পাইছে ৷ মুকলিৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছিল ৫.৯ কোটি টকা । এতিয়া ছবিখনৰ শনিবাৰৰ সংগ্ৰহ প্ৰকাশ পাইছে । মুক্তিৰ দ্বিতীয় দিনা ২৭% তকৈও অধিক উপাৰ্জনৰ পৰিসংখ্যা বৃদ্ধি পাইছে ছবিখনৰ ।
‘আৰ্টিকেল ৩৭০’ ৰ শনিবাৰৰ উপাৰ্জন এনেকুৱা-
Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ দ্বিতীয় দিনা ‘আৰ্টিকেল ৩৭০’ এ উপাৰ্জন কৰিছে ৭.৫ কোটি টকা ।
ইয়াৰ লগে লগে ছবিখনৰ দুদিনৰ উপাৰ্জন হৈছেগৈ মুঠ ১৩.৪ কোটি টকা।
এইখিনিতে উল্লেখ কৰিব লাগিব যে যদি ছবিখনৰ উপাৰ্জন এই গতিত আগবাঢ়ি যায়, তেন্তে বক্স অফিচত নিশ্চিতভাৱে এই ছবিখনে বহু অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব ।
উল্লেখ্য যে, আদিত্য সুহাস জম্ভালেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক হৈছে আদিত্য ধৰ । ইয়াৰ আগতে তেওঁ ব্লকবাষ্টাৰ ছবি ‘উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ প্ৰযোজনা কৰিছিল । আৰ্টিকেল ৩৭০ ছবিখনত য়ামী গৌতমে চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ।
আনহাতে, অৰুণ গোবিলে ছবিখনত পি এম মোদীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও প্ৰিয়মণি, কিৰণ কৰ্মৰকাৰকে ধৰি আন অভিনেতাসকলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে মুক্তিৰ পূৰ্বে ‘আৰ্টিকেল ৩৭০’ৰ প্ৰশংসা কৰিছিল । এই ছবিখনৰ জৰিয়তে মানুহে শুদ্ধ তথ্য লাভ কৰিব বুলিও তেওঁ কৈছিল ।

