ETV Bharat / entertainment

আৰশ্বাদ ৱাৰ্ছীয়ে ২৫ বছৰীয়া বিবাহ বাৰ্ষিকী উপলক্ষে পত্নীক দিলে এক বিশেষ উপহাৰ

Arshad Warsi Registers Marriage: ভেলেণ্টাইন ডে’ত বিবাহৰ ২৫ বছৰ সম্পূৰ্ণ কৰিব বলীউডৰ অভিনেতা আৰশ্বাদ ৱাৰ্ছী আৰু তেওঁৰ পত্নী মাৰিয়া গ’ৰেট্টীয়ে । বিবাহৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই দম্পতীয়ে ইগৰাকীয়ে সিগৰাকীক দিলে বিশেষ উপহাৰ ।

Arshad Warsi and Maria Goretti register marriage after 25 years
আৰশ্বাদ ৱাৰ্ছীয়ে ২৫ বছৰীয়া বিবাহ বাৰ্ষিকী উপলক্ষে পত্নীক দিলে এক বিশেষ উপহাৰ
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 12:26 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা আৰশ্বাদ ৱাৰ্ছীক নিজৰ ব্যক্তিগত জীৱনৰ কথা খুব কমেইহে কোৱা দেখা যায় । তেওঁৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে, তেওঁৰ বিবাহ হৈছিল মাৰিয়া গ’ৰেট্টীৰ সৈতে । শীঘ্ৰেই দুয়োৰে বিবাহৰ ২৫ বছৰ সম্পন্ন হ’ব । ১৯৯৯ চনৰ ১৪ ফেব্ৰুৱাৰীত আৰশ্বাদ আৰু মাৰিয়াৰ বিবাহ হৈছিল । এই দম্পতীয়ে এইবাৰ ৰূপালী জয়ন্তী উদযাপন কৰিব । বিশেষ কথাটো হ’ল ভেলেণ্টাইন ডে’ৰ দিনা আৰশ্বাদ আৰু মাৰিয়াৰ বিয়া হৈছিল । এতিয়া বিবাহৰ ২৫ বছৰৰ পাচত এই দম্পতীয়ে ইগৰাকীয়ে সিগৰাকীক দিলে এক বিশেষ উপহাৰ ।

আৰশ্বাদ আৰু মাৰিয়াই বিবাহৰ ২৫ বছৰ সম্পূৰ্ণ কৰিবলৈ মাজত মাথো এটা দিন বাকী আছে । কিন্তু আপুনি জানি আচৰিত হ’ব যে বিবাহৰ ইমান বছৰৰ পাচতো এই দম্পতীয়ে নিজৰ বিবাহ পঞ্জীয়ন কৰা নাছিল । হয়, শুনি নিশ্চয় আচৰিত লাগিছে, নহয়নে ? কিন্তু ২৫ বছৰীয়া বাৰ্ষিকীক বিশেষ কৰি তুলিবলৈ এই দম্পতীয়ে অৱশেষত বিবাহ পঞ্জীয়ন কৰিছে ।

২৩ জানুৱাৰীত আৰশ্বাদ ৱাৰ্ছী আৰু মাৰিয়াই বিবাহ পঞ্জীয়ন কৰে । সংবাদ মাধ্যমেৰে হোৱা এক বিশেষ বাৰ্তালাপত আৰশ্বাদ ৱাৰ্ছীয়ে কয়,‘‘এই কথা তেওঁৰ মনলৈ কেতিয়াও অহা নাছিল আৰু তেওঁ ইয়াক প্ৰয়োজনীয় বুলিও বিবেচনা কৰা নাছিল ।’’ অৱশ্যে তেওঁ উপলব্ধি কৰিলে যে সম্পত্তি ক্ৰয় কৰাৰ সময়ত এইটো অতি গুৰুত্বপূৰ্ণ । লগতে, যদি দুয়োৰে ভিতৰত এগৰাকীৰ মৃত্যু হয় তথাপিও ই গুৰুত্বপূৰ্ণ ।

আৰশ্বাদে আৰু কয়, ‘‘আমি আইনৰ বাবে এই কাম কৰিছো । নহ’লে মই অনুভৱ কৰোঁ এজন স্বামী হিচাপে, যদি আপুনি ইগৰাকী সিগৰাকীৰ প্ৰতি দায়বদ্ধ তেন্তে কেৱল সেইটোৱেই গুৰুত্বপূৰ্ণ ।’’

ইফালে আৰশ্বাদে ভেলেণ্টাইন ডে’ৰ লগত জড়িত বিবাহৰ সন্দৰ্ভত হাঁহি হাঁহি কয়,‘‘মোৰ বিয়াৰ তাৰিখটো ক’বলৈ মোৰ ভাল নালাগে কাৰণ কথাটো বৰ আচহুৱা যেন লাগে । মাৰিয়া আৰু মোৰ দুয়োৰে লাজ লাগে । আমি ইচ্ছাকৃতভাৱে এই কাম কৰা নাছিলো ।’’

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে আৰশ্বাদ ৱাৰ্ছীক বৰ্তমান দেখা গৈছে ডান্স ৰিয়েলিটি শ্ব’ 'ঝলক দিখলা জা'ত । তেওঁক শ্ব’টোৰ বিচাৰক হিচাপে দেখা গৈছে । ছবিৰ কথা ক’বলৈ গ’লে অতি সোনকালে সঞ্জয় দত্তৰ সৈতে এখন ছবিত দেখা যাব আৰশ্বাদক ।

লগতে পঢ়ক: নিজতকৈ ১৯ বছৰ সৰু মান্যতাৰ প্ৰেমত কেনেকৈ পৰিছিল সঞ্জয় দত্ত ?