ETV Bharat / entertainment

অগণন হৃদয়ক আন্দোলিত কৰা তোমাৰ দৰদী কণ্ঠ তুলনাবিহীন; হে অৰিজিৎ.... শুভ জন্মদিন - ARIJIT SINGH BIRTHDAY

আজি 38 বছৰত ভৰি দিলে বলিউডৰ আগশাৰীৰ নেপথ্য গায়ক অৰিজিৎ সিঙে ৷ আজি জানো আহক তেওঁৰ কোনবোৰ গীত অনুৰাগীৰ মাজত হৈ ৰৈছে চিৰস্মৰণীয় ৷

Happy Birthday Arijit Singh
অৰিজিত সিং (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : April 25, 2025 at 2:15 PM IST

4 Min Read

হায়দৰাবাদ : বলীউডৰ নেপথ্য গায়ক অৰিজিৎ সিঙে শুকুৰবাৰ, 25 এপ্ৰিলত জীৱনৰ আৰু এটা বছৰ সম্পূৰ্ণ কৰে । জন্মদিনৰ দুদিনৰ পাছতে চেন্নাইত তেওঁৰ কনচাৰ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ পিছে শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত গায়কজনে সংগীতানুষ্ঠানটো বাতিল কৰাৰ কথা ঘোষণা কৰে ।

আজি 38 সংখ্যক জন্মদিন উদযাপন কৰিছে অৰিজিৎ সিঙে ৷ বিশেষ দিনটোত উভতি চাও আহক তেওঁৰ এক বিশেষ কৃতিত্বলৈ ৷ জনপ্ৰিয় গ্লোবেল মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাইত 10 কোটি অনুৰাগী অতিক্ৰম কৰা প্ৰথমজন ভাৰতীয় সংগীতজ্ঞ হিচাপে পৰিগণিত হৈছে গায়কগৰাকী । এই উল্লেখনীয় কৃতিত্বই অৰিজিৎ সিঙক স্পটিফাইত বিশ্বজুৰি দ্বিতীয় সৰ্বাধিক অনুসৰণ কৰা শিল্পী হিচাপে স্থান দিছে, ব্ৰিটিছ গায়ক-গীতিকাৰ এড শ্বীৰানৰ ঠিক পিছতে । এই কৃতিত্বৰ জৰিয়তে সিঙে আৰিয়ানা গ্ৰাণ্ডে, টেইলৰ ছুইফট, বিলি আইলিছ, ড্ৰেককে ধৰি কেইবাজনো আন্তঃৰাষ্ট্ৰীয় সংগীতৰ শিল্পীক অতিক্ৰম কৰিছিল ।

Happy Birthday Arijit Singh
অৰিজিত সিং (Photo: IANS)

আত্মাক আলোড়িত কৰা কণ্ঠ আৰু আৱেগিক পৰিৱেশনৰ বাবে পৰিচিত অৰিজিৎ সিঙে বছৰ বছৰ ধৰি চাৰ্টত শীৰ্ষস্থান দখল কৰা অসংখ্য ট্ৰেক আগবঢ়াইছে । কোনবোৰ গীতে গায়কগৰাকীক স্পটিফাইত দ্বিতীয় স্থান লাভ কৰাত সহায় কৰিছে জানেনে ? লাখ লাখ লোকৰ মাজত অনুৰণন ঘটোৱা তেওঁৰ দহটা সৰ্বাধিক জনপ্ৰিয় গীতৰ তালিকা তলত দিয়া হ'ল :

1. কেশৰীয়া - ব্ৰহ্মাস্ত্ৰৰ (2022) এটা ৰোমাণ্টিক গান, য'ত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনয় কৰিছে ।

2. অগৰ তুম সাথ হো - এ আৰ ৰহমানৰ দ্বাৰা ৰচিত তামাশা (2015)ৰ এই হৃদয়বিদাৰক গীতটোত ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনে অভিনয় কৰিছে ।

3. শ্বায়দ - গীতটো প্ৰীতমৰ দ্বাৰা ৰচিত, লাভ আজ কাল 2 (2020)ছবিখনৰ ।

4. তুঝে কিতনা চাহনে লাগে - কবীৰ সিং (2020)ৰ এই প্ৰেমৰ গীতটিত শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানীয়ে অভিনয় কৰিছে ।

Happy Birthday Arijit Singh
অৰিজিত সিঙৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

5. চলেয়া - জোৱানৰ (2023) গানটোত শ্বাহৰুখ খান আৰু নয়নতৰাই অভিনয় কৰিছে, যিটো অনিৰুদ্ধ ৰবিচন্দৰে ৰচনা কৰিছিল ।

6. হীৰীয়ে - 2023 চনৰ মিউজিক ভিডিঅ’টোত অভিনয় কৰিছে মালয়ালম অভিনেতা দুলকুৰ ছলমান আৰু গায়িকা জেছলিন ৰয়েলে ।

7. খেইৰিয়ত - প্ৰীতমৰ দ্বাৰা ৰচিত চিচোৰে (2019)ৰ প্ৰেম গীতটোত স্বৰ্গীয় সুশান্ত সিং ৰাজপুত আছিল ।

8. তুম হি হো - আশিকী 2 (2013)ৰ আইকনিক গানটোৱে সিঙক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ গৈছিল । আজিও অনুৰাগীৰ প্ৰিয় এই গানটোত শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰে অভিনয় কৰিছে ।

9. পল - জলেবীৰ (2018) গীতটি ৰচনা কৰিছে জাভেদ মহছিনে আৰু গীতৰ কথা ৰচনা কৰিছে প্ৰশান্ত ইংগোলে আৰু কুনাল ভাৰ্মাই ৷

10. ঘুংৰু - ৱাৰ (2019) ছবিখনৰ নৃত্যট্ৰেকত হৃত্বিক ৰোশন আৰু বাণী কাপুৰে অভিনয় কৰিছে ।

জন্মদিনৰ এদিন পূৰ্বে বৃহস্পতিবাৰে অৰিজিৎ সিঙে 27 এপ্ৰিল দেওবাৰে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্ট বাতিলৰ কথা ঘোষণা কৰে । শেহতীয়াকৈ 22 এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি সন্মান আৰু সংহতিৰ চিন স্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

কনচাৰ্টৰ আয়োজকসকলৰ আনুষ্ঠানিক বিবৃতি পুনৰ পোষ্ট কৰি গায়কজনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে । বিবৃতিটোত লিখা আছিল, "গুৰুত্বপূৰ্ণ আপডেট । শেহতীয়া আৰু কৰুণ পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত শিল্পীগৰাকীৰ সৈতে আয়োজকসকলে সামূহিকভাৱে এই দেওবাৰে, 27 এপ্ৰিলত চেন্নাইত হ'বলগীয়া আগন্তুক অনুষ্ঠানটো বাতিল কৰাৰ সিদ্ধান্ত লৈছে ।"

বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে সকলোকে তেওঁলোকৰ সম্পূৰ্ণ টিকটৰ মূল্য ঘূৰাই দিয়া হ'ব আৰু ৰিফাণ্ডবোৰ স্বয়ংক্ৰিয়ভাৱে তেওঁলোকৰ পৰিশোধৰ মূল একাউণ্টলৈ ঘূৰাই দিয়া হ'ব ।

লগতে পঢ়ক : সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা পাকিস্তানী তাৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.