ETV Bharat / entertainment

এদিনতে ব্লকবাষ্টাৰ চিত্ৰনাট্য লিখি উলিয়াইছিল অনুৰাগ কাশ্যপে, সেইখন ছবিৰ বাবে ১ টকাত চুক্তিবদ্ধ হৈছিল ফেমেলী মেন

অনুৰাগ কাশ্যপে ২৪ ঘণ্টাত এই ব্লকবাষ্টাৰ ছবিখনৰ চিত্ৰনাট্য লিখি উলিয়াইছিল ৷ সেই ছবিখনৰ বাবে মনোজ বাজপেয়ী নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল ৷

ANURAG KASHYAP CONTROVERSY
অনুৰাগ কাশ্যপ-মনোজ বাজপেয়ী (Film Poster- IANS)
author img

By ETV Bharat Entertainment Team

Published : April 19, 2025 at 4:59 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা অনুৰাগ কাশ্যপে বিতৰ্কৰ বাবে বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে । কিছুদিন পূৰ্বে তেওঁ বলীউডক লৈয়ো নিজৰ চিন্তাধাৰা প্ৰকাশ কৰি দক্ষিণৰ চিনেমা জগতৰ ফালে মন মেলে । ইয়াৰ পাছতে তেওঁ দক্ষিণৰ ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে । এতিয়া তেওঁ বিতৰ্কিত বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে ।

শেহতীয়াকৈ পৰিচালকগৰাকীয়ে ‘ফুলে’ ছবিখনৰ উদ্ধৃতি দি চেন্সৰ ব’ৰ্ডক লক্ষ্য কৰি লৈছিল, তাৰ পাছতে বিতৰ্ক বাঢ়ি যায় । এতিয়া অনুৰাগে এটা সম্প্ৰদায়ৰ ওপৰত আপত্তিজনক মন্তব্য কৰিছে, তাৰ পিছত তেওঁ ক্ষমা খুজিবলগীয়া হৈছে । নিজৰ বক্তব্যৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰা অনুৰাগ কাশ্যপ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম সফল পৰিচালক । তেওঁ বহু ছবি পৰিচালনা কৰাৰ লগতে বহু ছবিৰ চিত্ৰনাট্য আৰু সংলাপো লিখিছে যিবোৰ ছুপাৰহিট বুলি প্ৰমাণিত হৈছে ৷

আপুনি জানেনে ২৭ বছৰ পূৰ্বে অনুৰাগে এনে এখন ছবিৰ চিত্ৰনাট্য লিখিছিল যিখন ছবিত অভিনয় কৰাৰ পাছত মনোজ বাজপেয়ী ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল । বিতংকৈ জানো আহক-

অনুৰাগৰ মুম্বাইলৈ আগমন

১৯৯৩ চনত ৫ হাজাৰ টকা লৈ মুম্বাইলৈ আহিছিল অনুৰাগ কাশ্যপ ৷ মুম্বাইত জীৱিকা নিৰ্বাহ সহজ নাছিল যদিও ভাগ্যই তেওঁক বহুত সহায় কৰিছিল ৷ ১৯৯৪ চনত ৰাম গোপাল বাৰ্মাৰ পৰিচালনাত নিৰ্মিত ছবি ‘সত্য’ৰ চিত্ৰনাট্য লিখাৰ সুযোগ পাইছিল কাশ্যপে ।

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা হন্সল মেহতাই প্ৰকাশ কৰিছে যে তেওঁলোক সকলোৱে বহি মদ খাইছিল আৰু মনোজ বাজপেয়ীক 'সত্য' ছবিখনৰ বাবে এক টকাত চুক্তিবদ্ধ কৰা হৈছিল, তাৰ পিছত অনুৰাগক ছবিখনৰ চিত্ৰনাট্য লিখিবলৈ দিয়া হৈছিল আৰু ঘৰৰ ভাৰা দিবলগীয়া হোৱাৰ বাবে তেওঁক আগতীয়াকৈ ১৫ হাজাৰ টকা দিয়া হৈছিল ৷ তাৰ পাছত মাত্ৰ ২৪ ঘণ্টাত অনুৰাগে ‘সত্য’ ছবিখনৰ চিত্ৰনাট্য লিখি উলিয়াইছিল ৷ তেওঁক সহযোগ কৰিছিল অভিনেতা সৌৰভ শুক্লা আৰু পৰিচালক ৰাম গোপাল বাৰ্মাই ।

চিত্ৰনাট্য লিখা অনুৰাগ কাশ্যপৰ ছবি

অনুৰাগৰ সত্য (১৯৯৪) ছবিখনৰ চিত্ৰনাট্য ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয় আৰু মনোজ বাজপেয়ীও তাৰকা হিচাপে জিলিকি উঠে । সত্যৰ বাজেট আছিল ২.৫ কোটি টকা আৰু ছবিখনে ১৫ কোটি টকা উপাৰ্জন কৰিছিল । ইয়াৰ পিছত অনুৰাগে মনোজৰ ছবি শ্বুলৰ বাবেও সংলাপ লিখিছিল । অনুৰাগে কৌন, জং, পাঞ্চ, পইচা ৱছুল, ব্লেক ফ্ৰাইডে, ন’ স্মোকিং, ৰিটাৰ্ণ অফ হনুমান, মুম্বাই কাটিং, দেৱ ডি, গুলাল, উড়ান, গেংছ অফ ৱাছেপুৰ, বম্বে টকীজ, আগ্লী, বম্বে ভেলভেট, ৰমন ৰাঘৱ ২.০, মেডলি, মুক্কাবাজ, ভৱেশ জোশী ছুপাৰহিৰো, লাষ্টৰ বাবে চিত্ৰনাট্য লিখিছে ।

অনুৰাগৰ সংলাপ থকা চিনেমা

অনুৰাগে শ্বুল, নায়ক, যুবা, ৱাটাৰ, মে এইছা হি হু, মিক্সড ডাবলছ, হানিমুন ট্ৰেভেলছ, ডন দনাদন গ’ল, ফুল এণ্ড ফাইনেল, শ্বকালকা বুম বুম, কুৰ্বান, লুটেৰা, হাছি তোহ ফাছি, মুথন (হিন্দী সংলাপ) আৰু থাৰ আদি বহু ছবিৰ বাবে সংলাপ লিখিছে ।

অনুৰাগৰ দ্বাৰা পৰিচালিত হিট চিনেমা

অনুৰাগে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু ছবি পৰিচালনা কৰিছে ৷ তেওঁৰ প্ৰথমখন ছবি হৈছে পাঞ্চ (২০০৩) ৷ তাৰ পিছত ব্লেক ফ্ৰাইডে, ন’ স্মোকিং, ৰিটাৰ্ণ অফ হনুমান, মুম্বাই কাটিং, দেৱ ডি, গুলাল, গেংছ অফ ৱাছেইপুৰ (দুয়ো অংশ), বম্বে টকীজ, আগ্লী, বম্বে ভেলভেট, ৰাম ৰাঘৱ ২.০, মেডলি, মুক্কাবাজ, লাষ্ট ষ্ট’ৰীজ, মনমাৰজিয়ান, ঘোষ্ট ষ্ট’ৰীজ, শ্ব’ক্ড, ডোবাৰা আৰু কেনেডী অন্তৰ্ভুক্ত ।

লগতে পঢ়ক : ছলমানে কেটৰিণাৰ বাবে গান গোৱাৰ পাছতে বিয়া পাতিছিল বিকী কৌশলে