ETV Bharat / entertainment

অন্তৰা-অংকিতা, উভয়ে কণ্ঠ নিগৰোৱা ছেমি-ক্লাছিকেল অৰিজিনেল ‘ৰং যা’ৰ ভিডিঅ’ মুকলি

অসমৰ সন্মানীয় বঁটা প্ৰদান সমাৰোহত বিশেষ সংগীতানুষ্ঠান আৰু গীত উন্মোচনেৰে নন্দী ভগ্নীৰ চমক ।

Antara Nandy Ankita Nandy popularly known as Nandy sisters unveil their new song Rang Jaa at assam award 2024
নন্দী ভগ্নীদ্বয় (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 5, 2025 at 12:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ জীপাল সাংস্কৃতিক ঐতিহ্যক তুলি ধৰাৰ নিৰন্তৰ প্ৰয়াস কৰি অহা নন্দী ভগ্নীদ্বয়ৰ অন্য এক চমক । শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ২০২৪ ত অন্তৰা নন্দী আৰু অংকিতা নন্দীয়ে নিজৰ যাদুকৰী কণ্ঠেৰে উপস্থিত শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে ৷

এক প্ৰাণৱন্ত সংগীতমধুৰ সন্ধিয়া অনুষ্ঠান পৰিৱেশন কৰি সকলোকে মোহাচ্ছন্ন কৰিবলৈ সক্ষম হয় নন্দী ছিষ্টাৰ্ছ ৷ উক্ত অনুষ্ঠানত তেওঁলোকৰ আকৰ্ষণীয় পৰিৱেশন শৈলীয়ে ৰাজ্যখনৰ বৈচিত্ৰ্যময় সংগীতকলাক সুন্দৰভাৱে পৰিস্ফুট কৰি তোলে ৷ সমূহ দৰ্শকে এক অনন্য অনুভৱ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয় ।

Antara Nandy Ankita Nandy popularly known as Nandy sisters unveil their new song Rang Jaa at assam award 2024
সংগীত পৰিৱেশনৰ মুহূৰ্তত অন্তৰা নন্দী আৰু অংকিতা নন্দী (Photo : ETV Bharat Assam)

এই অনুষ্ঠানতে উন্মোচন কৰা হয় অন্তৰা নন্দীয়ে ৰচনা কৰা তথা অন্তৰা আৰু অংকিতা নন্দী উভয়ে কণ্ঠ নিগৰোৱা তেওঁলোকৰ শেহতীয়া ছেমি-ক্লাছিকেল অৰিজিনেল ‘ৰং যা’ৰ । অত্যন্ত প্ৰতিভাশালী নৃত্যশিল্পী কুমাৰ শৰ্মাৰ আকৰ্ষণীয় প্ৰদৰ্শন দেখা পোৱা গৈছে নন্দী ভগ্নীদ্বয়ৰ ছেমি-ক্লাছিকেল গীত ‘ৰং যা’ত ।

‘Rang Jaa’ গীতটিৰ ভিডিঅ’ৰ লগতে নৃত্য পৰিচালনা কৰিছে যশস্বী নৃত্যশিল্পী কুমাৰ শৰ্মাই । অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰণালয়ৰ সদস্যবৃন্দ তথা বহুকেইগৰাকী চৰকাৰী শীৰ্ষ বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অন্তৰা আৰু অংকিতা নন্দীৰ এই নতুন গীতটোৰ মিউজিক ভিডিঅ’ ৷

ইউটিউবত উপলব্ধ হৈছে গীতটি । উল্লেখ্য যে, উক্ত অনুষ্ঠানত অন্তৰা আৰু অংকিতা নন্দীৰ অনুষ্ঠান পৰিৱেশনৰ লগতে তেওঁলোকৰ নতুন গীতটিয়ে বিশিষ্ট ব্যক্তি আৰু উপস্থিত দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : অভিনৱ প্ৰতিভাৰ দ্বাৰা নিজৰ নামটোক যৰ্থাথ কৰি তুলিছে এটি কিশোৰে