ETV Bharat / entertainment

ভাৰত-থাইলেণ্ডৰ সম্পৰ্কৰ আধাৰত অসমীয়া ছবি ‘ধ্বজা’ - ravi sarma upcoming movies

Assamese film Dhwaja : ৰুদ্ৰৰ পিচতে অইন এখন অসমীয়া ছবিত ব্যস্ত হৈ পৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ৷ এক আকৰ্ষণীয় কলা-কুশলীৰ সমাহাৰেৰে নিৰ্মাতাই হাতত লৈছে ‘ধ্বজা’ শীৰ্ষক এখন নতুন অসমীয়া ছবিৰ কাম ৷

announcement of a new assamese film dhwaja to be acted by ravi sarma in the lead role
অসমীয়া ছবি ‘ধ্বজা’ ঘোষণা (Photo source Facebook)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 12:41 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 13 জুলাই : থাইলেণ্ড আৰু ভাৰতৰ সম্পৰ্কক বিষয়বস্তু হিচাপে লৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘ধ্বজা’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । প্ৰায় প্ৰতিটো সপ্তাহতে একোখনকৈ হ’লেও অসমীয়া ছবি মুক্তিৰ খবৰে এতিয়া উৎসাহিত কৰি তুলিছে অসমীয়া ছবি প্ৰেমী দৰ্শকসকল । ক্ৰমান্বয়ে বৃদ্ধি পাইছে অসমীয়া ছবি মুক্তিৰ সংখ্যা । ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে নৱ প্ৰজন্মৰ বহু পৰিচালক-পৰিচালিকা ।

announcement of a new assamese film dhwaja to be acted by ravi sarma in the lead role
অসমীয়া ছবি ‘ধ্বজা’ ঘোষণা (Photo source Facebook)

শেহতীয়াকৈ পুনৰ এখন নতুন অসমীয়া ছবিৰ ঘোষণাই প্ৰতিগৰাকী দৰ্শকক উৎসাহিত কৰি তুলিছে । ছবিখনৰ প’ষ্টাৰখনে আগ্ৰহ বৃদ্ধি কৰিছে দৰ্শকৰ মনত । ‘শ্ৰী ৰঘুপতি’ ৰ সফলতৰ পাচতে এই বৰ্ষৰ শেষৰ ফালে আহি আছে ৰবি শৰ্মা অভিনীত নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’। ছবিখনৰ বাবে দৰ্শকে অপেক্ষা কৰি থাকোতেই ঘোষণা হ’ল সেইগৰাকী অভিনেতাৰে আন এখন ছবিৰ নাম । ‘ৰুদ্ৰ’ ৰ পাচত ৰবি শৰ্মাৰ পৰৱৰ্তী প্ৰকল্প হ'ব ‘ধ্বজা’। আহিবলগীয়া এই নতুন অসমীয়া ছবিখনত অভিনেতাগৰাকীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে সহ-অভিনেতা হিচাপে থাকিব দিগন্ত হাজৰিকা, উদয়ন দুৱৰা আৰু মনোজ বৰকটকী আদিকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰী । এই ছবিখনত অভিনয় কৰিবলগীয়া প্ৰতিগৰাকী তাৰকাই নিজৰ অভিনয়ৰে ইতিমধ্যে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে ৷

অধিৰাজ বৰকটকী আৰু শ্বাহনাৱাজ ৰহমানৰ প্ৰযোজনাৰে আহিবলগীয়া ছবিখনৰ পৰিচালনাৰ কৰিব শ্বাহনাৱাজে । মুম্বাইত প্ৰতিষ্ঠিত শ্বাহনাৱাজ পৰিচিত মিডিয়া উদ্যোগী, চলচ্চিত্ৰ নিৰ্মাতা, গল্পকাৰ, এগৰাকী প্ৰযোজক, কাৰ্যবাহী প্ৰযোজক, সৃষ্টিশীল পৰিচালক, চিত্ৰগ্ৰহণকাৰী, লাইন প্ৰযোজক আৰু ব্ৰেণ্ড প্ৰচাৰ ৰণনীতিবিদ হিচাবে । ইয়াৰোপৰি তেওঁ বহু ক্ষেত্ৰত অভিজ্ঞ । আনহাতে, সহ-পৰিচালক হিচাপে আছে সমৰ জ্যোতি, নমী হুছেইন আৰু চাকিলুৰ ৰহমান । একশ্যন থ্ৰীলাৰ যুক্ত এই ছবিখনৰ একশ্যন টীমত অন্তৰ্ভুক্ত থাকিব হলীউডৰ বিখ্যাত একশ্যন টীম ‘দ্যা ৱান’ । ছবিখনত থাইলেণ্ড আৰু ভাৰতৰ সম্পৰ্কক সংযুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ক্ষুধাত থাকিব ছাচপেন্স-থ্ৰীলাৰ: স্ক্ৰীণৰ পৰা চকু আঁতৰাব নোৱাৰিব আপুনি ! - new assamese web series khudha