কাম কৰা মানুহৰে সমালোচনা হয়, বহি খাই থকা মানুহৰ সমালোচনা নহয় : আঙুৰলতা ডেকা
নলবাৰীৰ এখন সভাত অংশ লৈ কৰা এটা মন্তব্যৰ পাছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে আঙুৰলতা ডেকা । ইয়াক লৈ স্পষ্টীকৰণ দিলে আঙুৰলতা ডেকাই ।

Published : August 31, 2025 at 1:20 PM IST
গুৱাহাটী: বিতৰ্কত অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা । নলবাৰীত মহিলা সবলীকৰণক লৈ অনুষ্ঠিত এক সজাগতা সভাত অংশ লৈ কৰা এটা মন্তব্যই পুনৰবাৰ চর্চালৈ আনিছে অভিনেত্ৰী তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাক । উক্ত সভাত যুৱতীসকলক বিয়াৰ পূৰ্বে বেংকত টকা জমা ৰাখিবলৈ পৰামৰ্শ দিছিল আঙুৰলতাই । লগতে "আজি মোৰ বেংক বেলেঞ্চ আছে, সেয়ে মই সিদ্ধান্ত ল'ব পাৰো । মই গাড়ী এখন ল'ম বুলি ভাবিলে ল'ব পাৰো, ঘৰ এটা কিনিব পাৰো । যাৰ বেংক বেলেঞ্চ জিৰ', তাৰ সিদ্ধান্তও জিৰ'"- বুলি মন্তব্য কৰিছিল আঙুৰলতা ডেকাই ।
আঙুৰলতা ডেকাৰ এই মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে ৰাজনৈতিক মহলত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । এই প্ৰতিক্ৰিয়াৰ মাজতে শনিবাৰে নিশা এক ফেচবুক লাইভযোগে বিধায়িকাগৰাকীয়ে প্ৰদান কৰে এক স্পষ্টীকৰণ ।
ফেচবুক লাইভযোগে বিধায়িকা আঙুৰলতা ডেকাৰ স্পষ্টীকৰণৰ লগতে মহিলা সমস্যাৰ সন্দৰ্ভত মন্তব্য:
শনিবাৰ নিশা ফেচবুক লাইভযোগে এই সমগ্ৰ বিতৰ্কৰ সন্দৰ্ভত পোনপটীয়াকৈ আঙুৰলতাইস্পষ্টীকৰণ প্ৰদান নকৰিলেও আওপটীয়াকৈ কিছু মন্তব্য প্ৰকাশ কৰে । প্ৰাক্তন বিধায়িকা গৰাকীয়ে কয়, "বিজেপিত যোগদান কৰাৰ পাছত বটদ্ৰৱা সমষ্টিৰ পৰা বিধায়িকা হিচাপে মই সেৱা আগবঢ়াবলৈ সক্ষম হৈছিলো । সেই সময়ত মহিলা সম্বন্ধীয় বহু বিষয় মই চচাক্ষুৰে দেখিছিলো । যিবোৰ বিষয় আমি ছবিত দেখিছিলো বা চৰিত্ৰসমূহ নিজে ৰূপায়িত কৰিছিলো । কিন্তু সেইবোৰ যেতিয়া বাস্তৱত দেখিছিলো তেতিয়া অন্তৰে কান্দিছিল ।"
তেওঁ লগতে কয়, "সেইসময়ত দেখা এটা সমস্যা আছিল যুৱতীসকলে কম বয়সত বিয়া হোৱা । কম বয়সত বিয়া হোৱা বহু যুৱতীয়ে কোলাত কেঁচুৱা লৈ সেই সময়ত মোৰ ওচৰত এটা সংস্থাপন বা এটা সহায় বিচাৰি আহিছিল । লগতে কম বয়সতে বিধবা হোৱা, পাৰিবাৰিক হিংসাত বলি হোৱা বহু মহিলা মোৰ ওচৰলৈ আহিছিল । ২০২১ চনত নিৰ্বাচন পৰাজয় হোৱা পাছত বা বিভিন্ন ঘটনাৰ সন্মুখীন হোৱাৰ পাছত মই এটা কথাই উপলব্ধি কৰিলো যে মহিলা এগৰাকীৰ জীৱত পুৰুষৰ তুলনাত প্ৰত্যহ্বান বহুত বেছি থাকে । এই বহু বিষয়বোৰ চাই কেইদিনমান পূৰ্বে মোৰ কেইগৰাকীমান সতীৰ্থৰ সহযোগত 'কাম্য'ৰ সৃষ্টি কৰিলো ।"
প্ৰাক্তন বিধায়িকা ডেকাই লগতে কয়, "কাম্যৰ জৰিয়তে আমি যুৱতীসকলক বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰতো এটা পাঠদান দিয়া হৈছিল । আনহাতে মই মহিলা আয়োগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত মোৰ ওচৰত বহু মহিলাই যৌতুককে ধৰি বিভিন্ন সমস্যা লৈ মোৰ ওচৰত আহিছে । ইয়াৰে পৰা মই দেখা এটা মূল সমস্যা হৈছে ধনৰ অভাৱ । বহু মহিলাই ধনৰ অভাৱত ন্যায় পাবলৈ সক্ষম হোৱা নাই । আঙুৰলতাই সেই সকল মহিলাৰ শক্তি হ'ব বিচাৰিছে যিসকলে ন্যায়ৰ হকে যুঁজি আছে । সেই মহিলাসকলৰ সদায় কণ্ঠ হ'বলৈ মই চেষ্টা কৰিম ।"

তেওঁ কয়, "মোৰ এই আত্মবিশ্বাসটোক কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব । প্ৰতিগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হোৱাটো মই বিচাৰিছো । প্ৰত্যাহ্বানবোৰ নেওচিয়ে আগবাঢ়ি যাব লাগিব । কাৰণ কাম কৰা মানুহৰে সমালোচনা হয়, বহি খাই থকা মানুহৰ সমালোচনা নহয় । মই এই সমালোচনাৰ যিখিনি ল'বলগীয়া বুলি ভাবো সেইখিনি শুদ্ধ ভাবেই ল'ম ।"
ইয়াৰ উপৰি আঙুৰলতাই কয়, "ক'বলগীয়া কথা বহুত আছে । আমি কেতিয়াবা কৰবাত ভাষণ দিলে তাৰে দুটামান বাক্যহে কৰবাত কৰবাত পৰ্টেল বিলাকে দি দিয়ে । তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ভৰ কৰি বহুতে নিজৰ বিচাৰ বিলাক ৰাখে সেইটো ভুল কথা ।"

