সুন্দৰতা-গ্লেমাৰ-পৰম্পৰাৰে চিহ্নিত হ’ল অনন্ত-ৰাধিকাৰ বিবাহ - Anant Ambani Weds Radhika Merchant
Anant Ambani Weds Radhika Merchant: 12 জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হয় । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰই প্ৰতিষ্ঠিত ফাৰ্মা ব্যৱসায়ী বীৰেণ আৰু শৈলা মাৰ্চেণ্টৰ জীয়ৰী তথা তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বহু আন্তঃৰাষ্ট্ৰীয় তাৰকা আৰু উচ্চ-প্ৰফাইল অতিথিৰ উপস্থিতিত দুয়োৱে ইজনে সিজনক স্বামী-স্ত্ৰীৰূপে বৰণ কৰে ।

Published : July 13, 2024 at 12:40 PM IST
চিটাৰা ডেস্ক, 13 জুলাই : এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিজনৰ কনিষ্ঠ পুত্ৰৰ বিয়া, গোটেই ভাৰততে হৈ-চৈ ৷ বছৰৰ আৰম্ভণিৰ পৰাই এই বিয়াখন চৰ্চাত আছিল ৷ অৱশেষত বহু প্ৰতীক্ষিত দিনটো কালি সুকলমে পাৰ হৈ গ’ল ৷ ফাৰ্মাচিউটিকেল সাম্ৰাজ্যৰ উত্তৰাধিকাৰী ৰাধিকা মাৰ্চেণ্টৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তে 12 জুলাইত পাতনি মেলিলে যুগ্ম জীৱনৰ ৷
‘বছৰটোৰ বিবাহ’ বুলি সকলোৱে অভিহিত কৰা এই বিয়াৰ অনুষ্ঠানলৈ ভাৰতৰ প্ৰায় সকলো শীৰ্ষ ক্ৰিকেটাৰৰ সৈতে বলীউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ গোলকীয় তাৰকা, ৰাজনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকলে নিমন্ত্ৰণ লাভ কৰে । কিম কাৰ্দাছিয়ান, ক্ল’ কাৰ্দাছিয়ান, নাইজেৰিয়াৰ ৰেপাৰ ৰেমা, ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ, ছৌদি আৰামকোৰ চিইঅ’ আমিন নাছেৰ, চেমচাং ইলেক্ট্ৰনিকছৰ অধ্যক্ষ জে লি, জিএছকে পিএলচিৰ চিইঅ’ এমা ৱালমছলিৰ দৰে ব্যৱসায়িক ডাঙৰীয়াই নিজৰ উপস্থিতিৰে এই অনুষ্ঠানৰ শোভা বঢ়ায় ।
অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, অজয় দেৱগণ, ৰণবীৰ কাপুৰ, আলিয়া ভাট, টাইগাৰ শ্ৰফ, বৰুণ ধৱনকে ধৰি বলীউডৰ অভিজাত শ্ৰেণীৰ তাৰকাসকলৰ লগতে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত, ৰাম চৰণ, মহেশ বাবু, নয়নতৰা আদিয়েও অতিথি তালিকাত স্থান লাভ কৰে ।
মুম্বাইৰ জিঅ' ৱৰ্ল্ড ড্ৰাইভত অনুষ্ঠিত এই অনুষ্ঠানত ২৯ বছৰীয়া অনন্তে পৰম্পৰাগত হিন্দু ৰীতি-নীতিৰে ৰাধিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । ডিজাইনাৰ যুটি আবু জানি-সন্দীপ খোচলাৰ পেষ্টল ৰঙৰ পোছাকত আম্বানী পৰিয়ালে আভিজাত্যৰ পৰিচয় দিয়ে ৷ দেশী-বিদেশী অতিথিসকলে পোছাক সংহিতা মানি চলা দেখা যায় ।
তিনিদিন ধৰি এই উদযাপন চলিব ৷ অন্তিম দিনা এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মাৰ্চ মাহৰে পৰাই আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা প্ৰি-ৱেডিং অনুষ্ঠানেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আম্বানী-মাৰ্চেণ্ট পৰিয়ালে ৷ বিদেশত ক্ৰুজতো আয়োজন কৰিছিল আন এটা প্ৰি-ৱেডিং অনুষ্ঠানৰ ৷
ৰিলায়েন্সৰ শক্তি উদ্যোগ আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সৈতে সক্ৰিয়ভাৱে জড়িত অনন্তৰ বিয়াখনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
জটিল এম্ব্ৰয়ডাৰী আৰু সোণৰ চিকুইনযুক্ত স্নিকাৰ আৰু সোণালী ৰঙৰ হাতী ব্ৰুচ পিনৰ সৈতে শ্বেৰৱানী পিন্ধা অনন্তৰ লুকটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক : আম্বানী-মাৰ্চেণ্টৰ বিয়াৰ বিতং তথ্য : সকলো জানক মাত্ৰ এটা ক্লিকতে - ambani marchent wedding cost

