অনন্ত-ৰাধিকাৰ বিবাহৰ সন্ধিয়া হৈ উঠিব আকৰ্ষণীয়: উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী জাষ্টিন বিবাৰ - Justin Bieber
Justin Bieber in Mumbai: অতিশীঘ্ৰে বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্ট ৷ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় তাৰকা ৷ ইফালে এই বিবাহনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে মুম্বাইত উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় পপ আইকন জাষ্টিন বিবাৰ ৷ লগতে উপস্থিত থাকিব এইসকল আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী ৷

Published : July 4, 2024 at 11:12 AM IST
চিটাৰা ডেস্ক, 4 জুলাই: অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিবাহক আজিকালি খুবেই চৰ্চা চলিছে । ইতিমধ্যে তেওঁলোকৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ আৰু তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলৈ লোৱা বিবাহনুষ্ঠানৰ বিষয়ে সকলোৱে অৱগত হৈছে ৷
জানিব পৰা মতে, অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিবাহনুষ্ঠানত বহু নামী-দামী তাৰকাই অংশগ্ৰহণ কৰিব ৷ জনাই দিও যে তেওঁলোকৰ বিবাহত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় পপ আইকন জাষ্টিন বিবাৰ ৷
সেয়ে আন্তঃৰাষ্ট্ৰীয় পপ আইকনগৰাকী বুধবাৰে মুম্বাইত উপস্থিত হয় দম্পতীটোৰ বিবাহ অনুষ্ঠানৰ সন্ধিয়াক আৰু আকৰ্ষণীয় কৰি তুলিবলৈ । আজি অৰ্থাৎ বৃহস্পতিবাৰে মহানগৰীত মুম্বাইত দেখা গ’ল কণ্ঠশিল্পীগৰাকীক । জানিব পৰা মতে, অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ সংগীতানুষ্ঠানত জাষ্টিন বিবাৰে অনুষ্ঠান পৰিৱেশন কৰিব ।
খবৰ আহিছিল যে জাষ্টিন বিবাৰে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে বহু কনচাৰ্টেই বাতিল কৰিছে । অৱশ্যে শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘বেবী’ হিটমেকাৰগৰাকীয়ে মুম্বাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীতানুষ্ঠানত নিজৰ গীতেৰে আলোড়নৰ সৃষ্টি কৰিবলৈ ওলাইছে ।
লগতে পঢ়ক: সোণ-ৰূপৰ লগতে এক লাখ টকা... ৫০ টা দম্পতীলৈ আম্বানী পৰিয়ালৰ উপহাৰ - Anant Radhika Wedding
জাষ্টিন বিবাৰৰ উপৰিও উপস্থিত থাকিব এইসকল কণ্ঠশিল্পী
ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছিল যে আগন্তুক বিয়াৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আম্বানী পৰিয়ালে এডেল, ড্ৰেক আৰু লানা ডেল ৰেৰ সৈতে আলোচনাত মিলিত হৈছে ।
অগ্নিক সাক্ষী কৰি ১২ জুলাইত হ’ব অনন্ত-ৰাধিকা বিবাহ
আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া অহা ১২ জুলাইত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বিকেচি)ৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব । পৰম্পৰাগত হিন্দু বৈদিক ৰীতি-নীতি অনুসৰি বিবাহ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ’ব । আনহাতে অহা ১৪ জুলাইত অনুষ্ঠিত হ'ব দম্পতীহালৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠান । এই অনষ্ঠানত হলীউডৰ পৰা বলীউডলৈকে বিভিন্ন তাৰকা তথা বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ সমাগম ঘটিব মুঠতে এয়া এক ভব্য বিবাহনুষ্ঠান হ’বলৈ গৈ আছে ৷

