ETV Bharat / entertainment

বিগ বিৰ ধন্যবাদসূচক ভাষণেৰে কে বি চিৰ ১৬ সংখ্যক ছিজন আৰম্ভ - KBC 16th Season

KBC 16th Season: চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত সোমবাৰৰ পৰা আৰম্ভ হৈছে জনপ্ৰিয় শ্ব' কৌন বনেগা কড়োৰপতিৰ নতুন ছিজন । দৰ্শকৰ লগতে অনুৰাগীক ধন্যবাদ জনাই অমিতাভ বচ্চনে আৰম্ভ কৰে নতুন ছিজনটো ।

KBC 16th Season
বিগ বিৰ ধন্যবাদসূচক ভাষণেৰে কেবিচিৰ ১৬ সংখ্যক ছিজন আৰম্ভ (IANS)
author img

By ETV Bharat Entertainment Team

Published : August 13, 2024 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক,১৩ আগষ্ট : বিগত বছৰ বলীউডৰ তাৰকা অমিতাভ বচ্চনে প্ৰখ্যাত কুইজ শ্ব' 'কৌন বনেগা কড়োৰপতি'ক আৱেগিক বিদায় জনাইছিল । অৱশ্যে শ্ব'টোৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মেগাষ্টাৰগৰাকীয়ে কৌন বনেগা কড়োৰপতিৰ নতুন ছিজন আয়োজন কৰিবলৈ আগবাঢ়িছে । ১৬ সংখ্যক ছিজনটো সোমবাৰে নিশা ৯ বজাৰ পৰা চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত আৰম্ভ হয় আৰু বিগ বিয়ে আৱেগিক ভাষণেৰে তেওঁৰ অনুৰাগীসকলক অটল সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

অনুৰাগীক ধন্যবাদ অমিতাভ বচ্চনৰ :

অমিতাভ বচ্চন কে বি চি ছেটত উপস্থিত হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ দৰ্শকসকলে আইকনিক অভিনেতাগৰাকীক হাত-চাপৰিৰে আদৰণি জনায় । তাৰ পিছত অমিতাভ বচ্চনে নিজৰ আসনত বহি কেমেৰালৈ চাই হিন্দীতে তেওঁৰ আদৰণী ভাষণ আৰম্ভ কৰে । তেওঁ কয়, "আজি এক নতুন ছিজনৰ আৰম্ভণি । কিন্তু আজি মোৰ মুখত ভাষাত নাই । ইয়াৰ কাৰণ হৈছে কোনো শব্দই আপোনাৰ মৰম আৰু আদৰক ধন্যবাদ জ্ঞাপন কৰিব নোৱাৰে ।"

"আপোনাৰ প্ৰাৰ্থনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আজি মোৰ শব্দৰ অভাৱ যিয়ে কৌন বনেগা কড়োৰপতিৰ পুনৰুত্থান, এই মঞ্চক পুনৰ উজ্জীৱিত কৰা, এটা পৰিয়ালক পুনৰ একত্ৰিত কৰা আৰু মোক আপোনালোকৰ মাজত থাকিবলৈ সক্ষম কৰিছে । কে বি চিৰ পুনৰুত্থান, পুনৰ্নিৰ্মাণ আৰু পুনৰ্জন্মৰ বাবে মই এই দেশৰ লোকসকলক অভিবাদন জনাইছো । এই মঞ্চ, এই প্ৰতিযোগিতা আৰু এই ছিজনটো আপোনাৰ । আপোনাৰ মৰমৰ বাবে মোৰ প্ৰশংসা প্ৰকাশ কৰিবলৈ মই এই ছিজনত এক অতিৰিক্ত প্ৰচেষ্টা কৰিম আৰু মই বিশ্বাস কৰো যে আপুনি মোৰ হাতত ধৰি মোক আশ্বস্ত কৰি থাকিব ।"

আন এটা ভিডিঅ'ত অমিতাভ বচ্চনক তেওঁৰ পিছফালে বহি থকা ষ্টুডিঅ'ৰ দৰ্শকসকলক সম্বোধন কৰিবলৈ তেওঁৰ চকীখন ঘূৰাই দিয়া দেখা গৈছিল । কিয়নো তেওঁলোকে প্ৰায়ে অভিযোগ কৰে যে তেওঁ কেতিয়াও তেওঁলোকৰ ফালে নাচায় । এগৰাকী দৰ্শকৰ কথাত সকলোৱে হাঁহি উঠিছিল যিয়ে অনুষ্ঠানটোত এক আনন্দৰ মুহূৰ্তৰ সৃষ্টি কৰিছিল । উল্লেখ্য যে অমিতাভ বচ্চনে ২০০০ চনত কে বি চিৰ প্ৰথম ছিজনৰ আয়োজন কৰিছিল । ইফালে ২০০৭ চনত তৃতীয় ছিজনটো শ্বাহৰুখ খানে আয়োজন কৰিছিল ।

লগতে পঢ়ক :সকলোতে বলিছে বিদুৰভাইৰ বতাহ: বিশেষভাৱে সক্ষম সকলেও উপভোগ কৰিলে ছবিখন - Bidurbhai