ETV Bharat / entertainment

অনুৰাগীৰ সৈতে 'পুষ্পা ২: দ্য ৰুল'ৰ প্ৰিমিয়াৰ শ্ব’ চালে পুষ্পা টীমে - PUSHPA 2 THE RULE PREMIERE SHOW

আল্লু অৰ্জুন-ৰশ্মিকা মান্দান্নাই বুধবাৰে চালে তেওঁলোকৰ ছবি 'পুষ্পা ২: দ্য ৰুল' ৷ হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত বুধবাৰে দুয়ো উপভোগ কৰে ছবিখনৰ প্ৰিমিয়াৰ ৷

Pushpa 2: The Rule Premiere Show Allu Arjun Rashmika Mandanna at Sandhya theatre Hyderabad watch
প্ৰিমিয়াৰ শ্ব’ চালে পুষ্পা টীমে (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : December 5, 2024 at 10:09 AM IST

2 Min Read

হায়দৰাবাদ : মুক্তি লাভ কৰিলে আল্লু অৰ্জুনৰ বহু প্ৰতীক্ষিত ছবি 'পুষ্পা ২: দ্য ৰুল' এ ৷ আজি অৰ্থাৎ ৫ ডিচেম্বৰত সমগ্ৰ বিশ্বজুৰি মুক্তি পাই ছবিখনে । ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ মুক্তিৰ কেইঘণ্টামান পূৰ্বে হায়দৰাবাদত প্ৰদৰ্শন কৰা হয় । আল্লু অৰ্জুন, ৰশ্মিকা মান্দান্না আৰু পুষ্পা ২ ৰ দলটোও প্ৰিমিয়াৰ শ্ব’ত উপস্থিত হয় । এই বিশেষ মুহূৰ্তটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত আল্লু অৰ্জুনক তেওঁৰ গাড়ীত সন্ধ্যা থিয়েটাৰৰ বাহিৰত দেখা গৈছে । ক’লা চাৰ্ট, একেই ৰঙৰ পেণ্ট আৰু ধূসৰ জেকেট পিন্ধা আল্লুক যথেষ্ট ধুনীয়া দেখা গৈছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি আল্লু অৰ্জুনে পিন্ধা এই পোছাক তেওঁক উপহাৰ দিছিল বিজয় দেৱেৰাকোণ্ডাই । শ্ব’ত প্ৰৱেশ কৰাৰ লগে লগে অনুৰাগীসকলক সম্ভাষণ জনাই দক্ষিণৰ ছুপাৰষ্টাৰে ।

ছ’চিয়েল মিডিয়াত প্ৰেক্ষাগৃহৰ ভিতৰৰ কিছু ভিডিঅ’ও প্ৰকাশ পাইছে । ভিডিঅ’টোত ৰশ্মিকা মান্দান্না আৰু আল্লু অৰ্জুনক এগৰাকী মহিলাৰ সৈতে কথা পাতি থকা দেখা গৈছে । ছবিখন চোৱাৰ পিছত ছুপাৰষ্টাৰগৰাকী থিয়েটাৰৰ পৰা ওলাই অহাও দেখা যায় ।

আনহাতে, আল্লু অৰ্জুনৰ আগমনৰ খবৰ পোৱাৰ লগে লগে অনুৰাগীৰ মাজত হুলস্থুলৰ সৃষ্টি হয় । এই হুলস্থুলত এগৰাকী মহিলা অনুৰাগীৰ মৃত্যুও হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে বহু লোক আহত হয় । মৃত মহিলাগৰাকীৰ দুটা সন্তানো এই আহতসকলৰ ভিতৰত আছে ।

অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু বেংগালুৰুৰ নিৰ্বাচিত ছবিগৃহত 'পুষ্পা ২: দ্য ৰুল'ৰ প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয় । ৫ ডিচেম্বৰত সুকুমাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন বিশ্বৰ বিভিন্ন ছবিগৃহত বিভিন্ন ভাষাত মুক্তি দিয়া হৈছে ।

লগতে পঢ়ক : পুষ্পা ফায়াৰ নেহি ৱাইল্ড ফায়াৰ হে-বায়কোৰ বাবে আন্তৰ্জাতিক খেলুৱৈ হৈ পৰে পুষ্পাৰাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.