ETV Bharat / entertainment

হাত মিলালে আল্লু অৰ্জুন-এটলীয়ে, অভিনেতাৰ জন্মদিনত বৃহৎ ঘোষণা - ALLU ARJUN ATLEE MOVIE ANNOUNCEMENT

অনুৰাগীক জন্মদিনত আল্লু অৰ্জুনে ডাঙৰ উপহাৰ দিছে । ‘জোৱান’ খ্যাত পৰিচালকগৰাকীয়ে ‘পুষ্পা’ খ্যাত আল্লু অৰ্জুনৰ সৈতে হাত মিলাইছে ।

ALLU ARJUN ATLEE MOVIE ANNOUNCEMENT
আল্লু অৰ্জুন-এটলীৰ নতুন ছবি (Photo: Screen grab from #AA22xA6 announcement video)
author img

By ETV Bharat Entertainment Team

Published : April 8, 2025 at 2:00 PM IST

3 Min Read

হায়দৰাবাদ : জন্মদিনৰ দিনটোত ডাঙৰ ঘোষণা । ছান পিকচাৰ্ছৰ প্ৰডাকশ্যন কোম্পানীয়ে আল্লু অৰ্জুনৰ ৪৩ সংখ্যক জন্মদিনত ডাঙৰ ঘোষণা কৰিছে । আটলী আৰু আল্লু অৰ্জুনে হাত মিলাইছে । ছচিয়েল মিডিয়াত ঘোষণা কৰিছে নতুন ছবিৰ কথা । টিজাৰো মুকলি কৰিছে নিৰ্মাতাই ।

জোৱান খ্যাত পৰিচালকগৰাকীয়ে এতিয়া নিৰ্মাণ কৰিবলৈ ওলাইছে কল্পবিজ্ঞান ভিত্তিক এখন একশ্যন ছবি । টিজাৰ চোৱাৰ পিছত সেইয়াই অনুমান হৈছে । ‘পুষ্পা’ খ্যাত আল্লু অৰ্জুনক এইবাৰ ছুপাৰহিৰোৰ সাজ-পোছাকত দেখা যাব নিশ্চয়কৈ ৷

মঙলবাৰে ছান পিকচাৰ্ছে ঘোষণা কৰে যে আল্লুৱে এটলীৰ সৈতে নিজৰ কেৰিয়াৰৰ ২২ সংখ্যক ছবিখন কৰিবলৈ ওলাইছে । আনহাতে, পৰিচালক হিচাপে এটলীৰ এইখন ৬ সংখ্যক ছবি হ’ব । সামাজিক মাধ্যমত মুকলি কৰা ভিডিঅ’টো দেখি স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল । নেটিজেনসকলৰ মতে, ‘পুষ্পা’ৰ সফলতাৰ পিছত আল্লুৰ কেৰিয়াৰত এইখন কল্পবিজ্ঞানভিত্তিক ছবিখন এক ডাঙৰ টাৰ্নিং পইণ্ট হ’বলৈ গৈ আছে ।

আজি ৮ এপ্ৰিলত অভিনেতা আল্লুৰ জন্মদিন । অগণন অনুৰাগীয়ে এই বিশেষ দিনটোত তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে । বিশেষ দিনটোত উপহাৰ অভিনেতাগৰাকীয়ে অনুৰাগীক ৰিটাৰ্ণ গিফ্ট দিছে ৷ আইকনিক তাৰকা আল্লু আৰু এটলীয়ে এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ ওলাইছে । ছান পিকচাৰ্ছ প্ৰডাকচন কোম্পানীৰ বেনাৰত এই প্ৰজেক্টো নিৰ্মাণ হ’ব । ভিডিঅ’টোত দেখা গৈছে যে ভাৰতত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুয়োগৰাকী তাৰকা বিদেশলৈ গুচি গৈছে ।

দুই তাৰকাক দেখা গৈছে লোলা ভিএফএক্সৰ কাৰ্যালয়ত । আল্লু-এটলীয়ে লছ এঞ্জেলছৰ স্পেকট্যকুলাৰ মোশ্যন, ফ্ৰেক্টৰেড এফ এক্স, আই এল এম টেকন’প্ৰপছ, আইৰন হেড ষ্টুডিঅ’ ভ্ৰমণ কৰে । ইয়াৰ পিছত তেওঁলোকে আইৰণ হেড ষ্টুডিঅ’ৰ চিইঅ’ জোছ ফাৰ্ণাণ্ডেজৰ সৈতে সাক্ষাৎ কৰে ।

ভিএফএক্সৰ তত্বাৱধায়ক জেমছ মেডিগানে কয় যে, "মই এই ছবিখনৰ চিত্ৰনাট্য পঢ়িলো । এটাই কথা ক'ম, এই চিত্ৰনাট্যই মোৰ মনটো উৰুৱাই নিলে ।" স্পেকট্যকুলাৰ মোশ্যনৰ কলাত্মক পৰিচালক মাইকে কয় যে তেওঁ কেতিয়াও এনেকুৱা চিত্ৰনাট্য পঢ়া নাই । এই ছবিখনৰ বাবে তেওঁৰ সৃষ্টি শ্ৰেষ্ঠ হ’ব । দৰাচলতে চিত্ৰনাট্য শুনাৰ পাছত সকলোৱে স্বীকাৰ কৰিছিল যে চিনেমাজগতৰ এনে দৃষ্টিভংগী আগতে কোনেও শুনা নাই ।

ভিডিঅ’টোত আল্লু-এটলীয়ে বিশ্বৰ জনপ্ৰিয় ছুপাৰহিৰো চৰিত্ৰ বেটমেন আৰু স্পাইডাৰমেনৰ মাস্ক পিন্ধা দেখা গৈছে । ইয়াৰ পিছত আধুনিক সঁজুলি ব্যৱহাৰ কৰি অভিনেতাৰ মুখখন স্কেন কৰা হয় । একশ্যন অৱতাৰত অভিনয় কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুন । ভিডিঅ’টো চাই স্পষ্ট হৈ পৰে যে এই চিনেমাখন কেৱল একশ্যনৰ নহয়, দৰ্শকৰ বাবেও কিছু এক্সট্ৰা আছে ।

লগতে পঢ়ক : ইণ্ডিয়ান আইডল ১৫ ৰ বিজয়ী মানসী ঘোষে প্ৰথমে কাৰ সৈতে গান গাইছিল জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.