ETV Bharat / entertainment

ছোৰিয়াঁ ছোৰো ছে কম হে কে ! ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ গৰাকী হ’ল এগৰাকী ভাৰত কন্যা - PAYAL KAPADIA FRENCH CIVILIAN HONOR

‘অল উই ইমাজিন এজ লাইট’ৰ পৰিচালক পায়েল কাপাডিয়াক ফ্ৰান্সৰ সন্মানীয় অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে ।

PAYAL KAPADIA
পায়েল কাপাডিয়া (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : April 25, 2025 at 4:26 PM IST

2 Min Read

নতুন দিল্লী : লেখক-পৰিচালক পায়েল কাপাডিয়া আকৌ এবাৰ বাতৰিৰ শিৰোনামত । তেওঁৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি অল উই ইমাজিন এজ লাইটে বিগত বছৰৰ মে’ মাহত কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল । ছবিখনে কাঁ প্ৰিমিয়াৰৰ সৈতে যাত্ৰা আৰম্ভ কৰাৰ প্ৰায় এবছৰৰ পাছত বুধবাৰে সন্ধিয়া মুম্বাইত পায়েল কাপাডিয়াক ফ্ৰান্সৰ সন্মানীয় অসামৰিক সন্মানেৰে সন্মানিত কৰা হয় ।

মুম্বাইত জন্মগ্ৰহণ কৰা পায়েল কাপাডিয়াক ২৩ এপ্ৰিল বুধবাৰে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ফ্ৰান্স চৰকাৰৰ হৈ ফ্ৰান্সৰ কনছুল জেনেৰেল জিন মাৰ্ক ছেৰে চাৰ্লেটে অফিচাৰ অফ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰ্ছৰ সন্মান প্ৰদান কৰে ।

এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে চিনেমাৰ ক্ষেত্ৰত পায়েল কাপাডিয়াক তেওঁৰ অসাধাৰণ কৃতিত্ব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ অনন্য কণ্ঠক প্ৰতিনিধিত্ব কৰাৰ দায়বদ্ধতা, ফ্ৰান্স আৰু ভাৰতৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক সন্মানিত কৰা হৈছে ।

পায়েল কাপাডিয়াই কয়,”‘অফিচাৰ অফ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰছৰ সৈতে সন্মানিত হোৱাটো মোৰ বাবে এক সন্মান আৰু সৌভাগ্যৰ কথা । বিশ্বজুৰি স্বতন্ত্ৰ চিনেমাৰ প্ৰতি ফ্ৰান্স চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও মই অতিশয় কৃতজ্ঞ ।” উল্লেখ্য যে, ‘অল উই ইমাজিন এজ লাইট’ আছিল ফ্ৰান্সৰ পেটিট কেঅ’ছ আৰু ভাৰতৰ চক এণ্ড চীজ ফিল্মছৰ মাজত ভাৰত-ফ্ৰান্সৰ আনুষ্ঠানিক সহ-প্ৰযোজনা ।

PAYAL KAPADIA
পায়েল কাপাডিয়াৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo : Instagram)

ছেৰে-চাৰ্লেটে কয়, ‘পায়েলক Officier dans l’Ordre des Arts et des Lettres উপাধিৰে সন্মানিত কৰি মই আনন্দিত হৈছো । তেওঁৰ যাত্ৰাত চিনেমাই সীমা অতিক্ৰম কৰি বাধা ভাঙি বুজাবুজিৰ সৃষ্টি কৰা শক্তিক প্ৰতিফলিত কৰে । কামৰ জৰিয়তে তেওঁ ভাৰতৰ কণ্ঠৰ বিষয়ে আমাৰ বুজাবুজি গভীৰ কৰাই নহয়, ফ্ৰান্স আৰু ভাৰতৰ সাংস্কৃতিক আলোচনাতো এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে । আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে আমাৰ সংস্কৃতিও সমৃদ্ধ কৰি তুলিছে ।”

'Officier dans l'Ordre des Arts et des Lettres' ফ্ৰান্সৰ অন্যতম সৰ্বোচ্চ সন্মান আৰু ইয়াক কলা আৰু সাহিত্যৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয় ।

লগতে পঢ়ক : BAFTA ত স্থান পায়েল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.