ETV Bharat / entertainment

বিশিষ্ট সংগীতকাৰ ড৹ অপৰ্ণা বুজৰবৰুৱালৈ সন্মানীয় সলিল চৌধুৰী বঁটা

অসমৰ সংগীত জগতৰ বাবে ইতিবাচক খবৰ । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল এটি অসমীয়া গান !

Dr Aparna Buzarbaruah honoured with Salil Chowdhury award
সন্মানীয় সলিল চৌধুৰী বঁটা লৈ উৎফুল্লিত ড৹ বুজৰবৰুৱা (Photo : Roopkar Cine Enterprise)
author img

By ETV Bharat Entertainment Team

Published : March 13, 2025 at 5:28 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অসমৰ সাংস্কৃতিত জগতখনৰ বাবে এটা সুখবৰ ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মানিত হ’ল এটি অসমীয়া গান ৷ বিগত ৯ মাৰ্চত কলকাতাৰ স্বামী বিবেকানন্দ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱ বঁটা (International Star Film Festival Awards) অনুষ্ঠিত হয় ।

এই মহোৎসৱত এইবাৰ বিশিষ্ট সংগীত পৰিচালক সলিল চৌধুৰীৰ শতবাৰ্ষিকী উদযাপন কৰি বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদানৰ লগতে তেওঁৰ সোণসেৰীয়া গীতৰ অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শনেৰে স্বামী বিবেকানন্দ প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰে ।

Dr Aparna Buzarbaruah
জিলিকিল এটি অসমীয়া গান (Photo : Roopkar Cine Enterprise)

এই মহোৎসৱত মুঠ ৬৫ খন দেশে যোগদান কৰে । ৪০টা শিতানৰ প্ৰতিযোগিতাত ২৯০ টা বঁটা প্ৰদান কৰা হয় । অতি আনন্দৰ কথা যে ড৹ অপৰ্ণা বুজৰবৰুৱাৰ কথা, সুৰ, সংগীত পৰিচালনা আৰু সংগীত ব্যৱস্থাপনাত প্ৰস্তুত কৰি উলিওৱা ‘ৰুণ জুণ জুণ’ শীৰ্ষক গীতটোৱে শ্ৰেষ্ঠ মিউজিক ভিডিঅ’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱত ।

Dr Aparna Buzarbaruah honoured with Salil Chowdhury award
বঁটা গ্ৰহণৰ সময়ত ড৹ অপৰ্ণা বুজৰবৰুৱা (Photo : Roopkar Cine Enterprise)

ড৹ অপৰ্ণা বুজৰবৰুৱাক শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে সন্মানীয় ‘সলিল চৌধুৰী বঁটা’ আগবঢ়োৱা হয় । ই অসমৰ বাবে অতি গৌৰৱৰ কথা । গীতটোত কণ্ঠদান কৰিছে ড৹ সংগীতা কাকতিয়ে আৰু সুন্দৰ নৃত্যৰে গীতটো আকৰ্ষণীয় কৰি তুলিছে মেঘৰঞ্জনী মেধিয়ে ।

Dr Aparna Buzarbaruah honoured with Salil Chowdhury award
বঁটা প্ৰদান অনুষ্ঠানত ড৹ অপৰ্ণা বুজৰবৰুৱাৰ সৈতে ড৹ সংগীতা কাকতি (Photo : Roopkar Cine Enterprise)

ভিডিঅ’টো পৰিচালনা কৰিছে অন্তৰীপ হাজৰিকাই । এই মিউজিক ভিডিঅ’টোৱে বৰ্তমানলৈকে চাৰিটা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Dr Aparna Buzarbaruah
ড৹ অপৰ্ণা বুজৰবৰুৱা-ড৹ সংগীতা কাকতি (Photo : Roopkar Cine Enterprise)

ড৹ অপৰ্ণা বুজৰবৰুৱা কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এগৰাকী প্ৰাক্তন মুৰব্বী অধ্যাপিকা ৷ তেওঁ একেধাৰে এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম আৰু একমাত্ৰ মহিলা সংগীতকাৰ । সংগীত পৰিচালকগৰাকীয়ে এই স্বীকৃতি অসমৰ সংগীত জগতৰ বাবে অত্যন্ত আশাপ্ৰদ খবৰ বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ড৹ সংগীতা কাকতিৰ কণ্ঠত দুটি আদিবাসী ঝুমুৰ গীত