হায়দৰাবাদ : বিখ্যাত কণ্ঠশিল্পী আলিশা চিনাইয়ে আজি ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিছে ৷ 'মেড ইন ইণ্ডিয়া' গীতটোৰে পৰিচিত হৈ পৰিছিল চিনাই । ৯০ দশকত তেওঁ বহু হিট গান শ্ৰোতাক উপহাৰ দিছিল । ১৯৮৫ চনত যাদু এলবামেৰে সংগীত জগতত প্ৰৱেশ কৰা চিনাই নব্বৈ দশকলৈকে ‘ইণ্ডিপপৰ ৰাণী’ হিচাপে পৰিচিত হৈ পৰে । শ্ৰীদেৱী, অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়, কৰিশ্মা কাপুৰ, কৰীণা কাপুৰ, মন্দাকিনী, জুহি চাওলাকে ধৰি বহু সুন্দৰীৰ ছবিত কণ্ঠদান কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ।
আলিশাই সংগীত জীৱনত বহু হিট গান উপহাৰ দিছে, য’ত ‘মিষ্টাৰ ইণ্ডিয়া’ৰ ‘কাটে নাহি কাট টে’ গীতটো তেওঁৰ অন্যতম হিট হিচাপে পৰিচিত, যিটো তেওঁ ১৯৮৭ চনত কিশোৰ কুমাৰৰ সৈতে ৰেকৰ্ডিং কৰিছিল ।
ইয়াৰ পিছত ১৯৮৯ চনত ‘ত্ৰিদেৱ’ ছবিৰ আন এটা সফল ট্ৰেক ‘ৰাত ভৰ জাম সে’ তেওঁৰ তালিকাত সংযোজন হয় । এই সফলতাৰ পিছত আলিশাই বহু অফাৰ লাভ কৰে ৷ নব্বৈৰ দশকত আলিশাই অনু মালিক, আনন্দ-মিলিন্দ, ৰাজেশ ৰোশন আৰু নদীম-শ্ৰৱণৰ দৰে সংগীত পৰিচালকৰ সৈতে কাম কৰি বহু ছবিত কণ্ঠদান কৰে ।
‘মেড ইন ইণ্ডিয়া’ই আলিশাক দিলে স্বীকৃতি
১৯৯৫ চনৰ হিট ছিংগল ‘মেড ইন ইণ্ডিয়া’ এলবামৰ বাবে আলিশা চিনাই বেছিকৈ পৰিচিত । এই গীতটি ৰচনা কৰিছিল বিদ্দুৱে । এই গীতটোৱেই আছিল সেই যুগৰ সৰ্বাধিক বিক্ৰী হোৱা পপ গান। আলিশা এই গীতটোৰে ঘৰে ঘৰে বিখ্যাত হৈ পৰিছিল ।
আলিশা চিনাইয়ে কিছু সময়ৰ বাবে কামৰ পৰা বিৰতি লৈছিল । ইয়াৰ পিছতে হৃত্বিক ৰোশন, ৰাণী মুখাৰ্জী আৰু কৰীণা কাপুৰ অভিনীত ‘মুঝছে দোস্তী কৰোগে’ ছবিৰ অ’ মাই ডাৰ্লিং গীতটোৰে পুনৰ প্ৰত্যাৱৰ্তন ঘটায় ।
২০০০ চনৰ আৰম্ভণিৰ পৰা ২০০৯ চনলৈকে আলিশাই হিমেশ ৰেশমীয়া, শংকৰ-এহছান-লয় আৰু প্ৰীতমৰ সৈতে গীত ৰেকৰ্ডিং কৰিছিল । একে সময়তে শ্বাহিদ কাপুৰৰ প্ৰথম ছবি ‘ইস্ক বিস্ক’, ‘ফিদা’, ‘নো এণ্ট্ৰি’, ‘লাভ ষ্ট’ৰী ২০৫০’, ‘আগলী ঔৰ পাগলী’, ‘মান গয়ে মোগল-ই-আজম’, ‘চেহৰা’ আৰু ‘কাম্বাখত ইস্ক’ আদি ছবিত কাম কৰিছিল ।
আলিশা চিনাই এতিয়া ক’ত ?
কিছু সমস্যাৰ বাবে আলিশা চিনাই এতিয়া এই উদ্যোগটোৰ পৰা আঁতৰি আছে । যেতিয়া তেওঁৰ পিতৃৰ কৰ্কট ৰোগ ধৰা পৰিছিল, তেতিয়া তেওঁ গ্লেমাৰাছ জগতখনৰ পৰা বিৰতি লৈছিল । অৱশ্যে ২০২২ চনত তেওঁ ‘চামকেগা ইণ্ডিয়া’ৰ জৰিয়তে উদ্যোগটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁক আগৰ দৰে সক্ৰিয় যেন নালাগিল ।
ইনষ্টাগ্ৰামত অতি সক্ৰিয় আলিশা । তেওঁৰ ৭৩ হাজাৰতকৈ অধিক ফেন ফ’ল’ৱাৰ আছে । এতিয়া নিৰ্বাচিতভাৱে সংগীতৰ কামত ব্যস্ত তেওঁ । গোটেই কেৰিয়াৰটোত আলিশাই শিল্পীৰ অধিকাৰৰ পোষকতা কৰি আহিছে, গায়কসকলৰ বাবে ন্যায্য ক্ষতিপূৰণত সদায় জোৰ দি আহিছে ।
লগতে পঢ়ক : লাডেনৰ ভিতৰতো আছিল এজন সৰু শিল্পী, কিয় এইদৰে ক’লে অলকা য়াগনিকে ?