ETV Bharat / entertainment

মাতৃ হ’বলৈ ওলোৱা কিয়াৰা আদৱানীলৈ আলিয়া ভাটৰ উষ্ম উপহাৰ - KIARA ADVANI GETS GIFT FROM ALIA

ছ’চিয়েল মিডিয়াত আলিয়া ভাটক কৃতজ্ঞতা জ্ঞাপন কৰে কিয়াৰা আদৱানীয়ে ৷ আলিয়াক সম্বোধন কৰিলে হ’বলগীয়া সন্তানৰ ‘মামা’ বুলি ৷

Kiara Advani received baby clothes from Alia Bhatt with a heartfelt note and expressed her gratitude on social media
আলিয়া ভাট-কিয়াৰা আদৱানী (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : June 4, 2025 at 7:34 PM IST

2 Min Read

হায়দৰাবাদ: অভিনেতা-স্বামী সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে প্ৰথম সন্তানৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা বলীউডৰ অভিনেতা কিয়াৰা আদৱানীয়ে মাতৃত্বৰ প্ৰতিটো মুহূৰ্তক উদযাপন কৰি আছে । শেহতীয়াকৈ ২০২৫ চনৰ মেট গালাত শ্বেৰশ্বাহৰ তাৰকাগৰাকীয়ে গৌৰৱেৰে নিজৰ বেবী বাম্প দেখুৱাই জীৱনৰ এই নতুন অধ্যায়টোক লৈ নিজৰ উৎকণ্ঠা প্ৰকাশ কৰে ৷ মেট গালাত কিয়াৰাক দেখি বহুতৰ চকু থৰ হৈ গৈছিল । শেহতীয়াকৈ কিয়াৰাৰ এই আনন্দ দুগুণ বঢ়াই তোলে আলিয়া ভাটে ৷ এক হৃদয়স্পৰ্শী উপহাৰ পঠিয়াই আলিয়াই কিয়াৰালৈ ।

বুধবাৰে কিয়াৰাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো শ্বেয়াৰ কৰে য’ত এই মৰমলগা উপহাৰটো দেখুওৱা হৈছে ৷ কেঁচুৱাৰ কাপোৰৰ ছেট । ফটোখনৰ লগতে কিয়াৰাই আলিয়াৰ বাবে এটা ভাল মেছেজো লিখে,"ধন্যবাদ মামা @Aliabhatt।"

Kiara Advani received baby clothes from Alia Bhatt with a heartfelt note and expressed her gratitude on social media
কিয়াৰা আদৱানীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo : Instagram)

কেঁচুৱাৰ কাপোৰৰ টোপোলাৰ সৈতে আলিয়াই এটা বাৰ্তাও পঠিয়াইছিল কিয়াৰালৈ ৷ টোকাতো আছিল উষ্ণতাৰে ভৰা । লিখা আছিল, "প্ৰিয় কিয়াৰা, আপুনি এই অবিশ্বাস্য নতুন পৰ্যায়ত ভৰি দিয়াৰ লগে লগে মই আপোনালৈ আলিংগন পঠিয়াইছো । মই জানো যে এই পৰ্যায়টো কিমান ধুনীয়া- আৰু কিমান সুন্দৰকৈ ক্লান্তিকৰ হ'ব পাৰে-, গতিকে মই এড-এ-মামাৰ পৰা আৰামদায়ক সৰু কিবা এটা যাচিছো, যিটো অতিৰিক্ত প্ৰেম আৰু যত্নৰে নিৰ্মিত । টোপনি যাওক, বিৰতি লওক আৰু সকলোবোৰ কৰক । আপুনি ইয়াৰ যোগ্য !! বহুত মৰম, আলিয়া ।"

পৰিৱেশ অনুকূল শিশুৰ পোছাকৰ বাবে পৰিচিত আলিয়াৰ ব্ৰেণ্ড এড-এ-মামাক ইয়াৰ আৰাম আৰু বহনক্ষমতাৰ বাবে বহুলভাৱে প্ৰশংসা কৰা হয় ৷ ই গৰ্ভৱতী মাতৃসকলৰ বাবে ই এক নিখুঁত উপহাৰ ।

আমোদজনকভাৱে অভিনেত্ৰী দুগৰাকীৰ মাজত থকা ইতিহাসৰ বাবে এই ভাৱ-বিনিময়ে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে যেন লাগিছে । খবৰ অনুসৰি কিয়াৰাৰ স্বামী সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে সম্পৰ্কত আছিল আলিয়া । অৱশ্যে দুয়োগৰাকী নাৰীৰ মাজৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ যেন অনুমান হয় ।

লগতে পঢ়ক : ভাল খবৰ দিলে সিদ্ধাৰ্থ-কিয়াৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.