ETV Bharat / entertainment

আহমেদাবাদত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, স্তম্ভিত বলীউড তাৰকা - CELEBS ON AHMEDABAD PLANE CRASH

লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় । বলীউডৰ তাৰকাই কৰিছে শোকপ্ৰকাশ ।

CELEBS ON AHMEDABAD PLANE CRASH
স্তম্ভিত বলীউড তাৰকা (Photo : ANI/IANS)
author img

By ETV Bharat Entertainment Team

Published : June 12, 2025 at 5:49 PM IST

3 Min Read

হায়দৰাবাদ : লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ কিছু সময়ৰ পাছতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত জুই লগা ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় এই বৃহৎ বিমান দুৰ্ঘটনা । এই বিমানখনত প্ৰায় ২৪২ জন যাত্ৰী আছিল, ইয়াৰে কিছু ব্ৰিটিছ যাত্ৰীও আছিল । এই বিমান দুৰ্ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হোৱাৰ লগতে বলীউডৰ চেলেব্ৰিটীসকলো স্তম্ভিত হৈ পৰিছে ।

বলীউডৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে । এই ঘটনাত স্তম্ভিত হৈ পৰিছে অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ৰণদ্বীপ হুড্ডা, জাহ্নৱী কাপুৰকে ধৰি বলীউডৰ কেইবাগৰাকীও তাৰকা । আহত আৰু মৃতকৰ পৰিয়াললৈ তাৰকাসকলে বাৰ্তা আৰু প্ৰাৰ্থনা প্ৰেৰণ কৰিছে ।

CELEBS ON AHMEDABAD PLANE CRASH
বিমান দুৰ্ঘটনাগ্ৰস্ত (Photo : PTI)

ছ’চিয়েল মিডিয়াত অক্ষয় কুমাৰে লিখিছে, "এই ঘটনাত গভীৰভাৱে স্তম্ভিত আৰু বাকৰুদ্ধ হৈ পৰিছো । এই সময়ত সকলোৰে বাবে প্ৰাৰ্থনা কৰাৰ বাহিৰে একো বাকী নাই ।"

CELEBS ON AHMEDABAD PLANE CRASH
বলীউডৰ তাৰকাৰ শোকপ্ৰকাশ (Photo : Instagram story)

ৰিতেশ দেশমুখে তেওঁৰ এক্স হেণ্ডেলত এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ লিখিছে, "আহমেদাবাদত সংঘটিত হোৱা মৰ্মান্তিক বিমান দুৰ্ঘটনাৰ কথা শুনি মই একেবাৰেই বিধ্বস্ত হৈ পৰিছো । স্তম্ভিত হৈছো । এই কঠিন সময়ত তেওঁলোকৰ সকলোৰে কথা ভাবি আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো ।"

অভিনেতা ৰণদ্বীপ হুড্ডাই আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, "আহমেদাবাদত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাৰ কথা শুনি মোৰ হৃদয় গধুৰ হৈ পৰিছে । মোৰ চিন্তা আৰু প্ৰাৰ্থনা ক্ষতিগ্ৰস্ত সকলোৰে লগত আছে । নিজৰ জীৱনৰ বাবে যুঁজ দিয়া আৰু উদ্ধাৰ কাম কৰা সকলৰ বাবে শক্তি কামনা কৰিছো । মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো । মৃতকৰ পৰিয়ালক ভগৱানে অপৰিসীম শক্তি প্ৰদান কৰক ।"

ছানী দেওলে সামাজিক মাধ্যমত, “আহমেদাবাদত বিমান দুৰ্ঘটনাৰ খবৰ পাই মৰ্মাহত হৈছো । আহত আৰু বাচি থকাসকলৰ বাবে মোৰ আন্তৰিক প্ৰাৰ্থনা । সকলোৱে ভাল চিকিৎসা লাভ কৰক । যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁলোকৰ পৰিয়ালে শক্তি লাভ কৰক ।”

জাহ্নৱী কাপুৰে লিখিছে, “আহমেদাবাদৰ পৰা উৰা মৰা বিমান দুৰ্ঘটনাৰ কথা শুনি মই হতভম্ব হৈছো । কোনো শব্দ নাই । ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিছো ।”

পৰিণীতি চোপ্ৰাই লিখিছে, “এয়াৰ ইণ্ডিয়া বিমানত যাত্ৰা কৰা যাত্ৰীসকলৰ পৰিয়ালৰ বেদনা আমি কল্পনাও কৰিব নোৱাৰো । ভগৱানে তেওঁলোকৰ পৰিয়ালক শক্তি দিয়ক বুলি প্ৰাৰ্থনা কৰিছো ।”

চনু ছুদে লিখিছে, “আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা বিমানখনৰ দুৰ্ঘটনাত মই মোৰ প্ৰাৰ্থনা প্ৰেৰণ কৰিছো ।”

এই এয়াৰ ইণ্ডিয়াৰ বিমানখন চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া ১.৩৮ বজাত উৰা মাৰিছিল । উৰণৰ মাত্ৰ ২ মিনিটৰ পিছতে এই দুৰ্ঘটনাৰ খবৰ আহে । উৰণৰ কিছু সময়ৰ পিছতে বিমানখন তললৈ পৰি যোৱা দেখা যায় ৷ তাৰ পিছত তীব্ৰ বিস্ফোৰণ হয় আৰু ধোঁৱা ওলাবলৈ ধৰে ।

লগতে পঢ়ক : উৰণৰ সময়তেই অগ্নিপিণ্ডত পৰিণত এয়াৰ ইণ্ডিয়াৰ বিমান: দুই শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা

লগতে পঢ়ক : এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : যাত্ৰীৰ ৰূপত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.