ETV Bharat / entertainment

বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫

বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ভবেন বৰুৱা বঁ‌টা ২০২৫,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ । "যোগ্যজনে বঁ‌টা লাভ কৰিলে ভাল লাগে", পলাশ চাংমাই ৷

Bhaben Baruah Award
অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 4, 2025 at 1:32 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঞ্চত বুধবাৰে ভবেন বৰুৱা বঁ‌টা-২০২৫ প্ৰদান কৰা হয় বিশিষ্ট অভিনেতা অৰুণ নাথক ।

নলবাৰীৰ নাট্য মন্দিৰত ১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ বঁ‌টা প্ৰদান অনুষ্ঠানটিৰ সভাপতিত্ব কৰে যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদে ।

নিজকে সৌভাগ্যৱান বুলি ভাবিছো... (ETV Bharat Assam)

জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আঁ‌ত ধৰা আৰু উদ্দেশ্য বাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়ন ।

জাতীয়তাবাদী নেতা পলাশ চাংমায়ে কয়, “ভবেন বৰুৱা বঁ‌টা যোগ্যজনে লাভ কৰি আহিছে । যোগ্যজনে বঁ‌টা লাভ কৰিলে আমাৰ মনটো ভাল লাগে ।” অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এই অনুষ্ঠানটিৰ জৰিয়তে নাট্যকাৰ ভবেন বৰুৱাক জীয়াই ৰাখিবলৈ সক্ষম হৈছে বুলিও চাংমায়ে মন্তব্য কৰে ।

Bhaben Baruah Award
ভবেন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি আদৰণি ভাষণ দিয়ে শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতি জয়ন্ত হাজৰিকাই । এই সভাতে বিশিষ্ট অভিনেতা অৰুণ নাথক ভবেন বৰুৱা বঁ‌টা-২০২৫ প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে বঁ‌টা প্ৰদান অনুষ্ঠানলৈ অভিনেতা অৰুণ নাথক নাট পৰিচালনা সমিতিৰ সভাপতি এম মহিবৰ ৰহমান, কাৰ্যকৰী সভাপতি বিশ্বজিৎ বৰুৱাৰ নেতৃত্বত নলবাৰী হৰিমন্দিৰ প্ৰাংগণৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয় ।

সভাৰ আগমুহূৰ্তত নাট্যশিল্পী ভবেন বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মনে ।

Bhaben Baruah Award
অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫ (Photo : ETV Bharat Assam)

বঁ‌টা প্ৰদান অনুষ্ঠানৰ পিছতে ধেমালিতে ধেমালিতে এদিন, ভালে পায় ভাল; জাবৰে পায় খাল, লোভেই পাপ, পাপত ভাঙিল গুৰি দাঁ‌ত, লঘোণ, ৰং বিচাৰি যাওঁ‌ আহা, ঢুলীয়াৰ চং নকৰিবা ৰং, প্ৰতিদ্বন্দ্বী, প্ৰকল্প, মানুহ হ ভাই মানুহ, বিৰাল তপস্বী, আমাৰ যে কিমান হেঁ‌পাহ, ৰংমেলা, সূৰুয, এজাক সুগন্ধি পখিলা, এই মাটিৰে মৰমতে শিশু নাট কেইখনৰ মাজত প্ৰতিযোগিতা হয় । ৪ ছেপ্টেম্বৰত ১৭ খন শিশু নাটকক লৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

আনহাতে উক্ত বঁটাটি গ্ৰহণ কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত অভিনেতা অৰুণ নাথ । এসময়ত নলবাৰীতো অভিনয় কৰিছিল অৰুণ নাথে আৰু ভবেন বৰুৱাৰ ৰচিত নাটতো অভিনয় কৰিছিল তেওঁ । এতিয়া সেইগৰাকী ব্যক্তিৰ সোঁৱৰণত বঁটাটি পাই তেওঁ আয়োজকসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক : ছবি অঁকাজনেই কেৱল শিল্পী নহয়, চোৱাজনো এগৰাকী শিল্পী: শোভাকৰ লস্কৰ