লগত স্বামী নাথাকিলেও য’লৈকে যায় লগত আৰাধ্যা থাকেই - Aishwarya Aaradhya IIFA 2024
Aishwarya Rai Bachchan: আই আই এফ এ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কন্যা আৰাধ্যাৰ সৈতে আবুধাবিত উপস্থিত হৈছে ঐশ্বৰ্য ৰায় বচ্চন । কন্যাৰ সৈতে এতিয়া অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰা হৈছে ।

By ETV Bharat Entertainment Team
Published : September 27, 2024 at 5:07 PM IST
চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা (IIFA 2024) আজি সন্ধিয়া অনুষ্ঠিত হ’ব । আবুধাবিৰ ইয়াছ দ্বীপত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আই আই এফ এ এৱাৰ্ডছ । আই আই এফ এ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে শ্বাহৰুখ খান, কৰণ জোহৰ, শ্বাহিদ কাপুৰ, ৰেখা, কৃতি সেনন, বিকী কৌশলকে ধৰি বহু তাৰকা উপস্থিত হৈছে । এতিয়া শেহতীয়াকৈ পেৰিছ ফেশ্বন উইকত নিজৰ যাদু প্ৰদৰ্শন কৰা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় আই আই এফ এ এৱাৰ্ডছত অংশগ্ৰহণৰ বাবে আবুধাবিলৈ ৰাওনা হৈছে । ঐশ্বৰ্য কন্যা আৰাধ্যাৰ সৈতে আবুধাবিত উপস্থিত হৈছে । আবুধাবি বিমানবন্দৰৰ পৰা ঐশ্বৰ্য আৰু তেওঁৰ কন্যাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।
বিমানবন্দৰৰ পৰা ভাইৰেল হোৱা ভিডিঅ’টোত ঐশ্বৰ্যক দেখা গৈছে সম্পূৰ্ণ ক’লা ৰঙৰ সাজত । আনহাতে, আৰাধ্যাক ক’লা-বগা স্প’ৰ্টছ লুকত দেখা গৈছে । এই ভিডিঅ’টোত আই আই এফ এত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ সুখ তাৰকা মাতৃ আৰু কন্যাৰ মুখত দেখিবলৈ পোৱা গৈছে । ইমান সমালোচনাৰ পিছতো পুনৰ অভিষেক বচ্চনক দেখা পোৱা নগ’ল ঐশ্বৰ্যৰ সৈতে । এই ভিডিঅ’টোত এতিয়া মানুহে মন্তব্য কৰিছে ।
লগতে পঢ়ক : IIFA ৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ কৰণ জোহৰক ঠাট্টা শ্বাহৰুখৰ - SRK Karan Johar at IIFA
এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আৰাধ্যা সদায় মাকৰ লগত থাকে, আজিও তাই স্কুললৈ যোৱা নাই ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ঐশ্বৰ্যৰ নিজৰ ছোৱালীৰ শৈশৱ কাঢ়ি লৈ গৈছে ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আমি SchoolforArdhya হেছটেগটোৰে এটা ট্ৰেণ্ড আৰম্ভ কৰিব লাগিব ।” আন এজনে প্ৰশ্নবোধকসূচক ৰূপত লিখিছে যে তেওঁ কিয় কন্যাৰ প্ৰতি ইমান সুৰক্ষামূলক ?
মন কৰিবলগীয়া যে, ঐশ্বৰ্য ৰায় তেওঁৰ জীয়েকৰ সৈতে শহুৰেকৰ ঘৰৰ পৰা আঁতৰি পৃথকে বাস কৰে । বহু সময় ধৰি অভিষেক আৰু ঐশ্বৰ্যক কোনেও একেলগে দেখা নাই ৷ দীৰ্ঘ সময় ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি প্ৰকাশ হৈ আছে ।
আই আই এফ এ 2024 উদযাপন 3 দিনলৈ চলিব
এইবাৰ 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ তিনিদিন ধৰি চলিব IIFA 2024 । প্ৰথম দিনা, আইফা 2024 উৎসৱৰ আয়োজন কৰা হ'ব, য'ত দক্ষিণ ভাৰতৰ তামিল, তেলুগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰ উদ্যোগক বিশেষভাৱে উদযাপন কৰা হ'ব । দ্বিতীয় দিনা, আইফা বঁটা 2024-ৰ নিশাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । একে সময়তে, তৃতীয় আৰু অন্তিম দিনটোত অৰ্থাৎ 29 ছেপ্টেম্বৰত, সংগীত উদ্যোগৰ বাবে আইফা বঁটা 2024 ৰকছৰ আয়োজন কৰা হ’ব ।
লগতে পঢ়ক : কাৰ শিৰত IIFA ৰ সন্মানীয় ৱ’মেন অফ দা ইয়েৰ বঁটা - IIFA Utsavam Woman Of The Year

