হায়দৰাবাদ: ১২ জুনৰ দুপৰীয়াটো কাল অমানিশা হৈ নামিছিল বহুতৰ জীৱনলৈ ৷ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাই চকুৰ টোপনি কাঢ়ি নিছে সমগ্ৰ দেশবাসীৰ ৷ স্তম্ভিত হৈ পৰিছে সকলো । ২৪২ জন যাত্ৰী কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এই বিমানখন লণ্ডনলৈ উৰা মৰাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰে এজনৰ বাহিৰে বাকী সকলোৰে মৃত্যু ঘটিছে বুলি নিশ্চিত কৰা হৈছে । শেহতীয়াকৈ জানিব পৰা গৈছে যে এই বিমানখনৰ সহ-পাইলটগৰাকী বলীউডৰ অভিনেতা বিক্ৰান্ত মেছিৰ ঘনিষ্ঠ আছিল ।
বিক্ৰান্তৰ শোকৰ চকুলো
বিমান দুৰ্ঘটনাৰ পাছতে চলচ্চিত্ৰ জগতৰ চেলেব্ৰিটীসকলে শোক প্ৰকাশ কৰে । বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি ছ’চিয়েল মিডিয়াত সকলোৱে সমবেদনা জ্ঞাপন কৰে ।

ইফালে জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে ছ’চিয়েল মিডিয়াত এই যাত্ৰীসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে এই বিমানখনৰ সহ-পাইলট তেওঁৰ ঘনিষ্ঠ বুলি উল্লেখ কৰে ।তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখে, “আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কথা ভাবি মোৰ হৃদয় ভাঙি গৈছে । এই দুখ মোৰ বাবে আৰু বেছি কাৰণ মোৰ আংকল ক্লিফৰ্ড কুণ্ডাৰে এই ঘটনাত নিজৰ পুত্ৰক হেৰুৱাইছে, এই বিমানখনৰ সহ-পাইলট আছিল ক্লীভ কুণ্ডাৰ । এই দুখৰ সময়ত ভগৱানে আপোনাৰ পৰিয়ালক শক্তি দিয়ক ।”

ইয়াৰ পিছত বিক্ৰান্ত মেছিয়ে আন এটা ষ্ট’ৰী পোষ্ট কৰে য’ত তেওঁ স্পষ্ট কৰি দিয়ে যে বিমানখনৰ সহ-পাইলট তেওঁৰ ঘনিষ্ঠ বন্ধুহে, তেওঁৰ আত্মীয় ভাতৃ নহয় । তেওঁ লিখিছে, “বন্ধু আৰু সংবাদ মাধ্যম, মিষ্টাৰ ক্লীভ কুণ্ডাৰ মোৰ আত্মীয় ভাতৃ নহয়, তেওঁ মোৰ পৰিয়ালৰ বন্ধু । অনুগ্ৰহ কৰি কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিব, তেওঁৰ পৰিয়ালক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক ।”
Ahmedabad Plane Crash: Video captured exact moment Air India's AI -171 passenger aircraft crashed near Meghnaninagar area earlier today.
— Press Trust of India (@PTI_News) June 12, 2025
(Disclaimer: PTI can not verify the authenticity of the video)
(Source: Third party) pic.twitter.com/qAK8aP6wGH
এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশ আৰু বিশ্বৰ বিমান উদ্যোগক জোকাৰি গৈছে ৷ ১২ জুনৰ দিনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডন গেটৱিক বিমানবন্দৰলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান AI171 । দুপৰীয়া দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট গ্ৰুপ আৰু যাত্ৰীকে ধৰি ২৪০ ৰো অধিক লোকৰ মৃত্যু হয় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিমান মন্ত্ৰণালয়েও এই দুৰ্ঘটনা সন্দৰ্ভত পুংখানুপুংখ তদন্তৰ প্ৰতিশ্ৰুতি দিছে । বিষয়াসকলে এতিয়াও এই কাণ্ডৰ কাৰণ প্ৰকাশ কৰা নাই যদিও বিশেষজ্ঞসকলৰ মতে উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী ত্ৰুটিৰ সৃষ্টি হ’ব পাৰে ।
লগতে পঢ়ক : মৌ মাখিয়েই প্ৰাণ কাঢ়ি নিলে কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ !