ETV Bharat / entertainment

দুষ্টক দমন সত্যৰ জয়-এই বাৰ্তাৰে আহি আছে ‘ক্ষুধা ২’

আকৌ এবাৰ একশ্যনেৰে মন জয় কৰিবলৈ ওলাইছে ৰবি শৰ্মা । শীঘ্ৰেই আহি আছে নতুন অসমীয়া ৱেব ছিৰিজ ‘ক্ষুধা ২’।

web series khudha
আহি আছে ‘ক্ষুধা ২’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 8, 2024 at 12:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ‘ৰহস্য সম্ৰাট’ হিচাপে খ্যাত জনপ্ৰিয় ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ ‘ক্ষুধাতুৰ শগুন’ শীৰ্ষক উপন্যাসখনৰ আধাৰত নিৰ্মিত ৱেব ছিৰিজ ‘ক্ষুধা’ ই জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছত এতিয়া ছিৰিজখনৰ দ্বিতীয়টি সংস্কৰণ লৈ সাজু হৈ উঠিছে নিৰ্মাতাগোষ্ঠী । ইতিমধ্যে দ্বিতীয়টি সংস্কৰণৰ ৮ টা খণ্ডৰ বাবে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চলি আছে শ্বুটিং । ‘ক্ষুধা’ ৱেব ছিৰিজখনৰ পৰিচালনা দীপক কুমাৰ ৰয়ৰ । আহিবলগীয়া এই ৱেব ছিৰিজখন সন্দৰ্ভত পৰিচালক দীপক কুমাৰ ৰয়ে ইটিভি ভাৰতৰ সৈতে এক টেলিফনিক বাৰ্তালাপত বহু কথা প্ৰকাশ কৰে ।

‘ক্ষুধা’ ৰ দ্বিতীয়টো ছিজনৰ পৰিকল্পনা

web series khudha
‘ক্ষুধা ২’ ৰ শ্বুটিং (ETV Bharat Assam)

“প্ৰথম ছিজনৰ সফলতাৰ পাছত আমি দ্বিতীয় ছিজনৰ কাম আৰম্ভ কৰিলো । দৰাচলতে প্ৰথম ছিজন আৰু দ্বিতীয় ছিজনৰ কাহিনী এটাই দুটা ভাগত । ৰহস্য ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ বিখ্যাত উপন্যাস ‘ক্ষুধাতুৰ শগুন’ আমি বাছি লৈছিলো । আমি গোটেই উপন্যাসখন দুটা ভাগত ভাগ কৰিলো । প্ৰথম ভাগটো প্ৰথম ছিজন হিচাপে ইতিমধ্যে ৰীল ড্ৰামা এপত মুক্তি দিয়া হৈছে আৰু দ্বিতীয়টো ছিজনৰ কাম এতিয়া আমি আৰম্ভ কৰিলো ।”

‘ক্ষুধা’ৰ কাহিনীৰ আধাৰ কি ?

web series khudha
টীম ‘ক্ষুধা ২’ (ETV Bharat Assam)

পৰিচালকগৰাকীয়ে জনাই, “আহোম স্বৰ্গদেউসকলৰ সেই সময়ত যি ৰাজভঁৰাল বা ৰাজকোষ আছিল তাত যথেষ্ট ধন, সোণ, গহনা, সোণৰ মুদ্ৰা আদি জমা হৈ আছিল । সেইসমূহ যাতে দুষ্টচক্ৰ বা শত্ৰুপক্ষৰ হাতত নপৰে সেইবাবে সেইবোৰ মৈদামত পুতি থৈছিল তেওঁলোকে । আহোমৰ শাসনৰ শেষৰ ফালে অৰ্থাৎ যেতিয়া অসমলৈ বৃটিছৰ আগ্ৰাসন হ’ল তেতিয়া তেওঁলোকে ধনসমূহ য’ত পুতি থৈছিল সেই ঠাই কিছু সাংকেতিক চিহ্নৰে চিনাক্ত কৰি তেনেদৰেই মানুহৰ হাতত অৰ্পণ কৰি স্বৰ্গগামী হৈছিল আৰু সেই গুপ্তধনৰ পম খেদিয়ে গোটেই কাহিনীভাগ লিখা হৈছে । তিনিটা পৰিয়ালক তিনিধৰণৰ সংকেত দি ৰাজপৰিয়াল গুচি গ’ল আৰু সেই সংকেতৰ পম খেদিয়ে বহু চক্ৰান্তৰ আৰম্ভ হয় আৰু শেষত গৈ চক্ৰান্তকাৰীসকল ধৰা পৰে বা তেওঁলোকৰ মৃত্যু হয় । গোটেই ৱেব ছিৰিজখন ছাচপেন্স থ্ৰীলাৰেৰে ভৰপূৰ । গুপ্তধনৰ অনুসন্ধানত যিমানখিনি ছাচপেন্স আছে, থ্ৰীলাৰ আছে, একশ্যন আছে আটাইখিনি ৰাইজে দেখিবলৈ পাব ৷”

ৱেব ছিৰিজখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই ৷ লগতে আছে সিদ্ধাৰ্থ মুখাৰ্জী, ভগৱত প্ৰীতম দত্ত, পদ্মৰাগ গোস্বামী, প্ৰদীপ নিষিথ, ৰঞ্জীৱলাল বৰুৱা, গৌৰৱ বৰা, অমিতাভ ৰাজখোৱা, অশ্রুমণি বৰা, প্ৰণামী বৰা, গীতাৰ্থ শৰ্মা, মিনাক্ষী বৰা, তপজিৎ দত্ত, ঈশান হাজৰিকা আদিকে ধৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

লগতে পঢ়ক : ক্ষুধাত থাকিব ছাচপেন্স-থ্ৰীলাৰ: স্ক্ৰীণৰ পৰা চকু আঁতৰাব নোৱাৰিব আপুনি ! - new assamese web series khudha