কংগনা ৰনৌতৰ বিতৰ্কিত চিনেমা ইমাৰ্জেন্সিৰ নতুন গীত এ মেৰী জান মুক্তি - Kangana Emergency movie song
Emergency New Song: বলীউডৰ ‘কুইন’ কংগনা ৰনৌতৰ আগন্তুক ছবি ইমাৰ্জেন্সিৰ দেশপ্ৰেমমূলক গীত ‘এ মেৰী জান’ এ মুক্তি পালে । ইয়াৰ আগতে ছবিখনৰ সিংহাসন খালী কৰো গীতটো মুক্তি পাইছিল । অহা 6 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন ।

By ETV Bharat Entertainment Team
Published : August 31, 2024 at 6:06 PM IST
চিটাৰা ডেস্ক, 31 আগষ্ট : বিৰ্তকৰ মাজত নাম সাঙোৰ খাই পৰিছে কংগনাৰ ইমাৰ্জেন্সি ছবিখনৰ ৷ ছবিখন ছেপ্টেম্বৰৰ 6 তাৰিখে মুক্তি দিয়াৰ কথা আছে, কিন্তু বহুতো সংগঠনে ছবিখন নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে । ইফালে, বিতৰ্কৰ মাজতে ছবিখনৰ নতুন গান এ মেৰী জান নিৰ্মাতাই মুকলি কৰিছে । গানটোত কংগনা আৰু বিৰোধীৰ দৃষ্টিত দেশপ্ৰেম স্পষ্টভাৱে দেখা পোৱা গৈছে ।
ছবিখনৰ দ্বিতীয়টো গীত মুকলি
ছবিখনৰ প্ৰথমটো গীত আছিল সিংহাসন খালী কৰো য’ত বিৰোধীয়ে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে মাত মাতি থকা দেখা গৈছিল । এতিয়া নিৰ্মাতাসকলে ছবিখনৰ দ্বিতীয়টো গীত মুকলি কৰিছে যাৰ শিৰোনাম হৈছে এ মেৰী জান । ছবিখনত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ পিচত দেশৰ পৰিস্থিতিৰ কেনেদৰে অৱনতি ঘটিছিল তাৰ আভাস দেখুওৱা হৈছে । গানটোত দল-বিৰোধী দল সকলো দেশপ্ৰেমৰ মনোভাৱেৰে ৰঞ্জিত হোৱা যেন লাগে ।
লগতে পঢ়ক : তেলেংগানাত নিষিদ্ধ হ’ব নেকি কংগনা ৰনৌতৰ ইমাৰ্জেন্সি ? - KANGANA RANAUT CONTROVERSY
ইমাৰ্জেন্সিৰ ট্ৰেইলাৰ আঁতৰাবলৈ কংগনা ৰনৌতলৈ আইনী জাননী - Kangana Ranaut controversy
ছ’চিয়েল মিডিয়াত গীতটো মুকলি কৰাৰ সময়ত কেপশ্যনত লিখা হৈছে, “আয়ে মেৰী জান' তুমি মোৰ বাবে জীৱনতকৈয়ো প্ৰিয়, জাতিৰ প্ৰতি চূড়ান্ত প্ৰেম, প্ৰেমৰ ঘোষণা আয়ে মেৰী জান এতিয়া মুক্তি । 6 ছেপ্টেম্বৰত চিনেমাগৃহত ইমাৰ্জেন্সি ৷” অনুৰাগীসকলে এই গীতটো বহুত ভাল পাই কমেন্ট ছেকশ্যনত প্ৰশংসা কৰিছে ।
ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে
শিৰোমণি অকাল দল আৰু শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিয়ে ছবিখন সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবী জনাইছে । ইমাৰ্জেন্সি ছবিখনত 1975 চনত দেশত জাপি দিয়া জৰুৰীকালীন অৱস্থা আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক এজন শিখ লোকৰ দ্বাৰা হত্যা কৰাৰ দৃশ্য চিত্ৰিত কৰা হৈছে । এই বিতৰ্কৰ সৃষ্টি ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিচতে হৈছিল । এতিয়া শিখ সম্প্ৰদায়ে কংগনা ৰনৌত আৰু চেন্সৰ ব’ৰ্ডলৈ আইনী জাননী প্ৰেৰণ কৰিছে।
ইমাৰ্জেন্সি 6 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ৷ নিষেধাজ্ঞাৰ বাবে বাঢ়ি অহা দাবীবোৰে ছবিখনৰ মুক্তিত কেনেদৰে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব । কংগনাৰ উপৰিও ছবিখনত অনুপম খেৰ, শ্ৰেয়স তালপাড়ে, মিলিন্দ সুমন, সতীশ কৌশিক, মহিমা চৌধুৰীৰ দৰে শিল্পীসকল বিশেষ চৰিত্ৰত আছে ।
লগতে পঢ়ক : ব্লেক আউট কৰা হৈছে কংগনা ৰনৌতৰ ইমাৰ্জেন্সি - KANGANA RANAUT MOVIE CONTROVERSY

