ETV Bharat / entertainment

আদিত্য নাৰায়ণৰ বিতৰ্ক সন্দৰ্ভত ইভেণ্ট মেনেজাৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া - Aditya Narayan Controversy

Aditya Narayan Controversy: শেহতীয়াকৈ কনচাৰ্টৰ সময়ত অনুৰাগীৰ ম’বাইল দলিয়াই দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে আদিত্য নাৰায়ণ ৷ এতিয়া এই সন্দৰ্ভত ইভেণ্ট মেনেজাৰে প্ৰকাশ প্ৰতিক্ৰিয়া ৷

Aditya Narayan Throwing Fans Phone Controversy Organiser Makes Shocking Claim
কিয় অনুৰাগীৰ মোবাইল দলিয়াই দিছিল আদিত্য নাৰায়ণে
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 12:09 PM IST

চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী: বলীউডৰ কণ্ঠশিল্পী আদিত্য নাৰায়ণক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা হয় । আচলতে আদিত্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ৷ য’ত ছত্তীশগড়ৰ এখন কলেজৰ সংগীতানুষ্ঠানৰ সময়ত তেওঁ মাইকেৰে এজন অনুৰাগীক প্ৰহাৰ কৰে ৷ তাৰ পিচত অনুৰাগীজনৰ মোবাইল ফোনটো কাঢ়ি দলিয়াই দিয়ে । এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত আদিত্যক ব্যাপকভাৱে সমালোচনা কৰা হয় ।

এতিয়া কনচাৰ্টৰ আয়োজন কৰা ইভেণ্ট মেনেজাৰজনে এই সমগ্ৰ বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মেনেজাৰজনে প্ৰকাশ কৰিছে সেই নিশা কিয় আদিত্যই তেনেকুৱা কৰিছিল ৷

অনুষ্ঠানৰ সময়ত অনুৰাগীক কিয় আঘাত কৰিছিল আদিত্য নাৰায়ণে ?

বিষয়টো ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ, ভিলাইৰ কলেজৰ এক অনুষ্ঠানৰ পৰা আদিত্য নাৰায়ণৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল । ভিডিঅ’টোত প্ৰথমে আদিত্যই আনন্দৰে গীত পৰিৱেশন কৰি থকা পৰিলক্ষিত হৈছিল ৷ কিন্তু হঠাৎ গীত পৰিৱেশন কৰি থকা অৱস্থাতে কণ্ঠশিল্পীগৰাকীয়ে এজন অনুৰাগীক মাইকেৰে প্ৰহাৰ কৰি হাতৰ পৰা ম’বাইল ফোনটো কাঢ়ি ভিৰৰ মাজলৈ দলিয়াই দিয়ে ৷ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছিল ।

এতিয়া সংবাদ মাধ্যমেৰে হোৱা একা সাক্ষাৎকাৰত কনচাৰ্টৰ ইভেণ্ট মেনেজাৰে এই সন্দৰ্ভত কয় যে আদিত্যই যিজনৰ ফোন পেলাইছিল তেওঁ আচলতে ছাত্ৰ নহয়, বাহিৰৰ মানুহহে ।

মেনেজাৰজনে প্ৰকাশ কৰে যে ব্যক্তিজনে আদিত্যৰ সৈতে প্ৰায় ২০০ টাতকৈও অধিক চেলফি তুলিছিল সংগীত পৰিৱেশনৰ সময়ত । কিন্তু তথাপিও অনবৰতে আদিত্যৰ ভৰি দুখন টানিছিল আৰু আনকি কেইবাবাৰো ফোনেৰে গায়কজনৰ ভৰিত মাৰিবলৈও চেষ্টা কৰিছিল । প্ৰথম অৱস্থাত আদিত্যই ভুলতে হ’ব পাৰে বুলি ভাবি গুৰুত্ব দিয়া নাছিল ।

অৱশ্যে মানুহজনে ৰৈ নোযোৱাত আদিত্যই খঙত অগ্নিশৰ্মা হৈ মানুহজনৰ ফোনটো দলিয়াই দিয়ে । ইভেণ্ট মেনেজাৰে লগতে কয় যে সেই কাণ্ডৰ পিচতো কনচাৰ্টটো আৰু ২ ঘণ্টা চলিছিল । ইয়াৰ পিচত ইভেণ্ট মেনেজাৰজনে প্ৰশ্ন কৰে যে কিয় সংশ্লিষ্ট ব্যক্তিজনে আদিত্যৰ আচৰণৰ অভিযোগ কৰিবলৈ আগবাঢ়ি নাহিল ।

তেওঁ কয় যে মানুহজনে জানিছিল যে এইটো তেওঁৰ ভুল আৰু সেয়েহে তেওঁ গায়কজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি নাহিল । অৱশ্যে এই ঘটনা সন্দৰ্ভত আদিত্য নাৰায়ণ বা তেওঁৰ দলটোৱে কোনো বক্তব্য দিয়া নাই ৷

উল্লেখ্য যে আদিত্য নাৰায়ণ হৈছে বলীউডৰ প্ৰবীণ গায়ক উদিত নাৰায়ণৰ পুত্ৰ ।

লগতে পঢ়ক: হেক হ’ল অৰবাজ খানৰ পত্নী শূৰা খানৰ ইনষ্টাগ্ৰাম একাউণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.