ETV Bharat / entertainment

ছমীৰ সৈতে দ্বিতীয় বিবাহৰ পিচত ৰাখীৰ বিষয়ে কি ক’লে আদিল খান দুৰানীয়ে ?

Adil Khan on Rakhi Sawant: দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্তৰ প্ৰাক্তন স্বামী আদিল খান ৷ বিবাহৰ পিচত প্ৰথমবাৰৰ ৰাখীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আদিলে ৷ সবিশেষ পঢ়ক এই প্ৰতিবেদনত ৷

Adil Khan Duraani said My first wedding with Rakhi Sawant stands null and void
ৰাখীৰ সৈতে মোৰ বিবাহ অবৈধ আছিল-আদিল
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 2:12 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: ৰাখী সাৱন্তৰ প্ৰাক্তন স্বামী আদিল খানে যোৱা ৩ মাৰ্চত ‘বিগ বছ ১২’ৰ প্ৰাক্তন প্ৰতিযোগী ছমী খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিয়াৰ সময়ত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, সেইবাবে আদিলে ছমীৰ সৈতে থকা সম্পৰ্কটো সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰাখিছিল । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত আদিলে নতুন আৰু পুৰণি দুয়োটা বিবাহৰ বিষয়ে মুকলিকৈ কয় আৰু লগতে দাবী কৰে যে ৰাখী সাৱন্তৰ সৈতে তেওঁৰ বিবাহ অবৈধ আছিল ।

আদিলৰ মতে ছমী খানৰ সৈতে তেওঁৰ বিবাহক মানুহে ‘প্ৰচাৰ ষ্টাণ্ট’ হিচাপে চাইছে । কিন্তু বাস্তৱত তেওঁ ছমী খানক অন্তৰেৰে আদৰি লৈছে । আদিলে এতিয়া ৰাখী সাৱন্তৰ সৈতে নিজৰ অতীতক পাহৰিব বিচাৰে, কাৰণ তেওঁৰ মতে ৰাখীয়ে কাৰো জীৱনত সুখ কঢ়িয়াই আনিব নোৱাৰে । এই সময়চোৱাত ৰাখীক সমালোচনা কৰি আদিলে কয় যে ৰাখীয়ে সদায়ে তেওঁৰ বিৰুদ্ধে নেতিবাচকতা বিয়পাইছে।

তেওঁৰ আৰু ৰাখীৰ বিয়াৰ কথা কওঁতে আদিলে কয়, “যদি ৰাখী সাৱন্তৰ লগত মোৰ বিয়াৰ কথা কওঁ, তেন্তে ইয়াৰ বিষয়ে মই মাত্ৰ এটা কথা ক’ব বিচাৰিম যে সেই বিয়াখন অবৈধ আছিল, কাৰণ আমি যেতিয়া বিবাহপাশত আৱদ্ধ হৈছিলো তেতিয়া, ৰাখী ইতিমধ্যে বিবাহিত আছিল । মোক ৰাখিয়ে ঠগিছিল । এই সন্দৰ্ভত বৰ্তমান আদালতত গোচৰ চলি আছে । আৰু কথাটো হ’ল, দ্বিতীয়বাৰৰ বাবে কেনেকৈ বিয়া পাতিলোঁ ? গতিকে মই মুছলমান হোৱাৰ বাবেই মোৰ পুনৰ বিবাহৰ সম্পূৰ্ণ অধিকাৰ আছে । পৰিয়ালৰ সান্নিধ্যত আনুষ্ঠানিকভাৱে বিয়া পাতিলোঁ । মই পৰিয়ালৰ অবিহনে বা বন্ধ কোঠাত কাকো বিয়া কৰোৱা নাই । ৰিচেপচন এটাও কৰিলোঁ । ছমীক আনুষ্ঠানিকভাৱে বিয়া কৰাইহে এতিয়া মই মোৰ পত্নীৰ লগত সময় অতিবাহিত কৰিছো ।”

উল্লেখ্য যে, ৰাখী সাৱন্তক বিয়া কৰাই লাইমলাইটলৈ আহিছিল আদিল খান দুৰানী । প্ৰথমে অনুৰাগী হিচাপে তেওঁ ৰাখীক এখন বিলাসী গাড়ী উপহাৰ দিছিল । যাৰ বাবে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল । কিন্তু কিছুদিন পিচত এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হয় । তাৰ পিচত বিবাহপাশত আৱদ্ধ হয় ৷ এতিয়া ৰাখী আৰু আদিলৰ বিচ্ছেদ হৈছে । কিন্তু বিবাহ বিচ্ছেদ হোৱাৰ পিচত ৰাখী আৰু আদিলে ইগৰাকীয়ে সিগৰাকীৰ বিৰুদ্ধে বহু ঘৃণনীয় অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক: মাতৃৰ গৰ্ভৱতী হোৱাৰ খবৰৰ মাজতে সিদ্ধু মুছেৱালাৰ পিতৃয়ে পোষ্ট শ্বেয়াৰ কৰি ক’লে এই কথা