বাপেকৰ ফটোকপি আদিত্ৰী বৰুৱা, ক’লে বৰষা ৰাণী বিষয়াই
বৰষা-ভাস্কৰৰ সুখেৰে ভৰা সংসাৰত ব্যস্ততাৰ পাৰ নাইকিয়া হৈ পৰিছে কন্যা আদিত্ৰীৰ জন্মৰ পিছৰে পৰা ৷ দুয়োৰে মনোযোগ কেৱল আদিত্ৰীয়েই টানি ৰাখিছে ৷

By ETV Bharat Entertainment Team
Published : April 23, 2025 at 1:42 PM IST
|Updated : April 23, 2025 at 3:42 PM IST
হায়দৰাবাদ: আদিত্ৰী বৰুৱা-ধৰালৈ আহিয়েই অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি ৰখা অকণমানিগৰাকী ৷ বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ নয়নৰ মণি ৷ জন্মৰ প্ৰায় তিনিমাহৰ পাছত বৰষা আৰু ভাস্কৰে তেওঁলোকৰ কন্যা সন্তানৰ চেহেৰা অনুৰাগীসকলৰ বাবে আগবঢ়াই দিয়ে ৷
কন্যা আদিত্ৰীৰ চেহেৰা প্ৰকাশ কৰি এয়া বৰষা ৰাণী আৰু ভাস্কৰৰ দ্বিতীয়টো পোষ্ট ৷ পোষ্টটোত বৰষাই লিখিছে যে তেওঁলোকৰ কন্যা দেখিবলৈ সাইলাখ পিতৃৰ দৰে ৷ পোষ্টটোত বৰষাই স্বামীৰ সাতমহীয়া ফটো আৰু কন্যাৰ তিনিমহীয়া ফটো ক’লাজ কৰি আপলোড কৰিছে ৷ কেপশ্যনত তেওঁ লিখিছে, "হা মে পাপা কি পৰী হু ৷ ফাডাৰছ ফটোকপি ৷" ৰঙা হৃদয় আৰু নজৰৰ ইম’জীৰ সৈতে তেওঁ কেপশ্যনটো শেষ কৰে ৷
সামাজিক মাধ্যমত মৰমেৰে উপচি পৰিছে এই পোষ্টটো ৷ আৰ জে পাহি, ভাস্কৰ বৰুৱা, কণ্টেণ্ট ক্ৰিয়েটৰ লীনা মিলিকে ধৰি তেওঁলোকৰ অসংখ্য অনুৰাগীয়ে তেওঁলোকৰ মৰম প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, ঘৰ এখনৰ প্ৰথমগৰাকী কন্যা সন্তান দেখিবলৈ পিতৃৰ দৰে হয় বুলি এষাৰ কথা আছে ৷ কালিৰ দিনটোত বৰষাই তেনেকুৱা এটা ৰীলছো স্বামীক সম্বোধন কৰি ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছিল ৷ ভাস্কৰ বৰুৱাইয়ো বৰষাৰ ৰীলছটো পুনৰ শ্বেয়াৰ কৰে ৷ এই ধেমেলীয়া ধৰণেৰে বৰষা-ভাস্কৰে সংসাৰ আগবঢ়াই নিয়াৰ মনোভাৱ তেওঁলোকৰ অনুৰাগীৰ মাজত বাৰুকৈয়ে প্ৰিয় ৷
চলিত মাহৰ গোঁসাই বিহুৰ দিনা বৰষা ৰাণী বিষয়াই স্বামী ভাস্কৰৰ সৈতে এটা যুটীয়া ইনষ্টাগ্ৰাম পোষ্ট যোগে কন্যা আদিত্ৰী বৰুৱাৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছিল ৷ দ্বীপ জে দাসৰ কেমেৰাত বন্দী হৈছিল এই ফটোকেইখন ৷ ৰঙালী বিহুৰ সময়ত এই ফটো শ্বেয়াৰ কৰি পিতৃ-মাতৃদ্বয়ে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছিল ৷
লগতে পঢ়ক : বৰষাৰাণী বিষয়াই ৰাজহুৱা কৰিলে কন্যাৰ চেহেৰা

