আগন্তুক নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ মঞ্চত দৰ্শকে দেখা পাব উদয়ন দুৱৰাৰ লগতে মণি বৌ খ্যাত পাপৰি বৰাক - Assam mobile theatre
Rajdhani theater: ভ্ৰাম্যমাণৰ মঞ্চত প্ৰথমবাৰৰ বাবে খোজ দিবলৈ ওলাইছে অভিনেতা উদয়ন দুৱাৰা ৷ লগতে থাকিব বেহাৰবাৰী আউট পোষ্টৰ মণি বৌ খ্যাত পাপৰি বৰা ।

Published : September 18, 2024 at 6:45 PM IST
গুৱাহাটী, 18 ছেপ্টেম্বৰ: বৰ্তমান ৰাজ্যত ভ্ৰাম্যমাণৰ বতৰ । উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ নাট্যদলৰ লগতে ৰাজ্যৰ ভ্ৰাম্যমাণ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা নাট্যদলসমূহৰ ভিন্ন নাটকে খোৰাক যোগাইছে নাট্যপ্ৰেমী ৰাইজক । সমান্তৰালভাৱে আৰম্ভ হৈছে আগন্তুক নাট্যবর্ষৰ প্ৰস্তুতিও । চলিত নাট্যবৰ্ষত ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটা নাট্যদল ৰাজধানী থিয়েটাৰে আৰম্ভ কৰিছে 2025-26 নাট্যবর্ষৰ প্ৰস্তুতি । ঘোষণা হৈছে আগন্তুক নাট্যবর্ষৰ বাবে চুক্তিবদ্ধ হোৱা অভিনেতা-অভিনেত্ৰীৰ নাম ।

আগন্তুক নাট্যবর্ষত ৰাজধানী থিয়েটাৰত কোন কোন অভিনেতা-অভিনেত্ৰী থাকিব ?
ৰাজধানী থিয়েটাৰৰ প্ৰযোজকৰ তৰফৰ পৰা জনোৱা অনুসৰি এইবাৰ আগন্তুক নাট্যবর্ষৰ বাবে নাট্যগোষ্ঠীতোৰ লগত জড়িত হৈছে কেবাগৰাকীও ন-পুৰণি জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী । 2025-26 ৰ নাট্যবর্ষৰ বাবে ৰাজধানীৰ থিয়েটাৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা উদয়ন দুৱৰা, অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, নন্দিনী কাশ্যপ, জুনজুন বৰা, ঋষভ শৰ্মা, নয়নজ্যোতি, চম্পক শৰ্মা, পাপৰি বৰা, ভৈৰৱজ্যোতি ভূঞা, মনোজ কাশ্যপ ।
লগতে পঢ়ক : ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatre
আগন্তুক নাট্যবর্ষত ভ্ৰাম্যমাণৰ মঞ্চত পোন প্ৰথমবাৰৰ বাবে দেখা যাব অভিনেতা উদয়ন দুৱৰাক । অসমীয়া ধাৰাবাহিক, ৱেব চিৰিজ, গীত আদিত নিজৰ প্ৰশংসনীয় অভিনয়েৰে দৰ্শকৰ মন জয় কৰা লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ 'মণি বৌ' খ্যাত অভিনেত্ৰী পাপৰি বৰাই আগন্তুক বৰ্ষত খোজ দিব ভ্ৰাম্যমাণ জগতত ।
লগতে নাট্যগোষ্ঠীটোৰ তৰফৰ পৰা জনোৱা অনুসৰি আগন্তুক নাট্যবর্ষত থাকিব নাট্যকাৰ ৰাজদ্বীপ আৰু প্ৰশান্ত মেনাৰ দুখনকৈ বিশেষ নাট । উল্লেখ্য যে, নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজধানী থিয়েটাৰৰ এই বৰ্ষৰ তিনিখন নাটকত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, কাজল শৰ্মা, জুনজুন বৰা, ৰূপম শৰ্মা, পদ্ম বৰা, ননী দেৱী, অৰুণ বৰা, কোকিল শইকীয়া, ভৈৰৱ জ্যোতি ভূঞাকে ধৰি বহু কেইগৰাকী নতুন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
লগতে পঢ়ক : কৃষ্ণ জন্মাষ্টমীৰ দিনাই নলবাৰীত আত্মপ্ৰকাশ নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ - Mondakini Bhramyaman theatre

