ETV Bharat / entertainment

অসমত ছবি নিৰ্মাণৰ বাবে ইচ্ছুক ৰকুলপ্ৰীত সিং-জেকী ভাগনানী

বৃহস্পতিবাৰে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰকুলপ্ৰীত সিং আৰু জেকী ভাগনানীয়ে । উক্ত অনুষ্ঠানতে দুই তাৰকা স্বামী-স্ত্ৰীয়ে ঘোষণা কৰে অসমত ছবি নিৰ্মাণৰ কথা ।

actor Rakulpreet Singh and jackky bhagnani want to make a film in assam
ৰকুলপ্ৰীত সিঙ আৰু জেকী ভাগনানী
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 9:23 PM IST

2 Min Read
Choose ETV Bharat
ৰকুলপ্ৰীত সিঙ আৰু জেকী ভাগনানীৰ মনৰ কথা

গুৱাহাটী, 7 মাৰ্চ : অসমত ছবি নিৰ্মাণৰ বাবে ইচ্ছুক বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰকুলপ্ৰীত সিং আৰু প্ৰযোজক তথা অভিনেতা জেকী ভাগনানী । বৃহস্পতিবাৰে মহানগৰীৰ অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত অনুষ্ঠিত হয় চলচ্চিত্ৰ নিৰ্মাণ শীৰ্ষক এক অন্তৰংগ অনুষ্ঠান । য’ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰকুলপ্ৰীত সিং আৰু প্ৰযোজক তথা অভিনেতা জেকী ভাগনানী । লগতে চিনেমা সংক্ৰান্তীয় বহুকেইটা গুৰুত্ব আলোচনাত অংশ লয় দুয়োগৰাকী তাৰকা স্বামী-স্ত্ৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসমৰ বহুকেইগৰাকী পৰিচালক-প্ৰযোজক তথা অসমীয়া ছবি জগতৰ লগত জড়িত থকা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত । চিনেমা নিৰ্মাণ, কাৰিকৰী কৌশল, অভিনয়ৰ কৌশলৰ লগতে বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত উপস্থিত সকলোৰে সৈতে মত বিনিময় কৰে ৰকুলপ্ৰীত সিং আৰু জেকী ভাগনানীয়ে । উল্লেখ্য যে, জেকী ভাগনানীৰ মাতৃৰ ঘৰ যোৰহাটত ৷ আনহাতে ৰকুলপ্ৰীত সিঙৰ দেউতাকে পূৰ্বে অসম ৰাইফলছত চাকৰি কৰাৰ সূত্ৰে অসমৰ লগত এই দুই তাৰকাৰে আছে এক নিবিড় সম্পৰ্ক । অসমক ভালপোৱাৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰত চহকী অসমত ছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী দুয়ো ৷

চলচ্চিত্ৰ নিৰ্মাণ শীৰ্ষক অনুষ্ঠানটোত অসমৰ পটভূমিত ছবি নিৰ্মাণৰ ঘোষণা কৰে প্ৰযোজক জেকী ভাগনানীয়ে । এই সম্পৰ্কে তেওঁ উল্লেখ কৰি কয়, ‘মোৰ মা অসমৰ । মাৰ ঘৰ যোৰহাটত সেয়ে অসমৰ লগত এক মোৰ নিবিড় সম্পৰ্ক আছে । মই ৪০ বছৰৰ মূৰত অসমলৈ আহিছোঁ । অসমক লৈ মোৰ কিবা এটা কৰাৰ মন পূৰ্বৰে পৰা আছিল আৰু এতিয়া সেয়া পূৰণ হোৱাৰ সময় । শীঘ্ৰেই অসমত আমি এখন ছবি নিৰ্মাণ কৰিম ।’

ইফালে অসমীয়া ছবিত অভিনয় কৰাৰ ক্ষেত্ৰত কৰা এক প্ৰশ্নৰ উত্তৰত ৰকুলপ্ৰীত সিঙে মন্তব্য কৰি কয়, ‘সুবিধা পালে অসমীয়া ছবিত অতিথি শিল্পী হিচাপে নহয়, মুখ্য শিল্পী হিচাপেই মই অভিনয় কৰিম । উত্তৰ-পূব ভৰতৰ তথা অসমৰ লগত মোৰ পূৰ্বৰে পৰা এক সম্পৰ্ক আছে । উত্তৰ-পূবৰ প্ৰাকৃতিক পৰিৱেশ মোৰ প্ৰিয় ।’

লগতে পঢ়ক : প্ৰৱঞ্চনাৰ বলি গুৱাহাটীৰ এজন অভিনেতা