হায়দৰাবাদ : ‘‘আৰ ৰাজকুমাৰ’’ আৰু ‘‘ছন অফ চৰ্দাৰ’’ৰ বাবে পৰিচিত অভিনেতা মুকুল দেৱৰ মাত্ৰ ৫৪ বছৰ বয়সতে মৃত্যু হয় । অসুস্থতাৰ বাবে কিছুদিন তেওঁ আই চি ইউত থকা বুলি জানিব পৰা গৈছে । তেওঁৰ আকস্মিক মৃত্যুত স্তব্ধ হৈ পৰিছে শিল্পীসমাজ ৷
শোক প্ৰকাশ কৰিছে অভিনেতা নীল নীতিন মুকেশে । তেওঁ লিখিছে, "মুকুলৰ হঠাৎ মৃত্যুত গভীৰভাৱে আঘাতপ্ৰাপ্ত । তেওঁ আছিল এজন শক্তিশালী অভিনেতা । তেওঁ আছিল এজন দয়াশীল ব্যক্তি । তেওঁৰ আত্মাই শান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো । ওম শান্তি ।"
জানিব পৰা মতে, শুকুৰবাৰে নিশা অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে । অৱশ্যে শনিবাৰে পুৱাহে বন্ধু-বান্ধৱীসকলে এই খবৰ লাভ কৰে । অভিনেত্ৰী দীপশিখা নাগপাল আছিল মুকুলৰ ঘনিষ্ঠ বন্ধু । ছচিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰে মুকুলৰ সৈতে কটোৱা বিশেষ মুহূৰ্তৰ ছবি । অভিনেত্ৰীগৰাকীয়ে ফটোখনৰ কেপশ্যনত লিখিছে, "বিশ্বাস কৰিব পৰা নাই । শান্তিৰে জিৰণি লওক ।"

মুকুল দেৱক শেষবাৰৰ বাবে দেখা গৈছিল ‘‘অন্ত দ্য এণ্ড’’ ছবিখনত তেওঁৰ ভাতৃ ৰাহুল দেৱৰ সৈতে ৷ নতুন দিল্লীৰ এটা পঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মুকুলে । তেওঁৰ পিতৃ-মাতৃ জলন্ধৰৰ । তেওঁৰ পিতৃ হৰি দেৱ এজন সহকাৰী আৰক্ষী আয়ুক্ত আছিল । তেওঁৱেই মুকলক আফগান সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল । মুকুলৰ পিতৃয়ে পাষ্টো আৰু পাৰ্চী ভাষা ক’ব পাৰিছিল ।
RIP Mukul bhai 💔
— sonu sood (@SonuSood) May 24, 2025
You were a gem. Will always miss you.
Stay strong @RahulDevRising bhai. pic.twitter.com/o0ER978euR
মাত্ৰ ৮ বছৰ বয়সতে তেওঁ প্ৰথম চেক লাভ কৰিছিল । দুৰদৰ্শনত মাইকেল জেকচনৰ লগত নৃত্য প্ৰদৰ্শন কৰি তেওঁ সকলোকে আপ্লুত কৰিছিল । অভিনয়ত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমীৰ পৰা পাইলট হিচাপে প্ৰশিক্ষণ লৈছিল ।
Really upset with the sad news of dear Mukul leaving us so soon. A powerhouse performer and a lovely person. My deepest condolences to @RahulDevRising @mugdhagodse267 and the entire family. God be with you all during these tough times. 🙏🏻🙏🏻🙏🏻. Om Shanti. pic.twitter.com/48ARopc9vk
— Neil Nitin Mukesh (@NeilNMukesh) May 24, 2025
১৯৯৬ চনত টেলিভিছন ধাৰাবাহিক ‘মুমকিন’ৰ সৈতে অভিনয় জীৱন আৰম্ভ হয় তেওঁ । সেই ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল বিজয় পাণ্ডে । তাৰ পিছত দস্তক ছবিৰে বলীউডত প্ৰৱেশ কৰে । চিনেমাৰ তালিকাত আছে ৱাজুদ, কিল্লা, মুঝে মেৰী বিবি ছে বাচাও, প্যাৰ জিন্দা হে, কভী কভী প্যাৰ কভী কভী য়াৰ, যমলা পাগলা দীৱানা, ছন অফ চৰ্দাৰ, আৰ ৰাজকুমাৰ, জয় হো । মুকুল আছিল ফিয়েৰ ফেক্টৰ ইণ্ডিয়া ছিজন ১ৰ আয়োজক ।