ETV Bharat / entertainment

আজিৰে পৰা গণেশগুৰিৰ মঞ্চত যতীন বৰা

6 বছৰীয়া বিৰতিৰ অন্তত আজি মহানগৰীৰ গণেশগুৰিৰ ইতিহাসৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাৰ অভিনয়ৰ যাদু ।

ASSAMESE ACTOR JATIN BORA
ইতিহাসৰ মঞ্চত যতীন বৰা (Photo: ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 6, 2024 at 5:01 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আজিৰে পৰা মহানগৰীৰ গণেশগুৰিত ‘ইতিহাস থিয়েটাৰ’ৰ দৰ্শনী । 6 বছৰীয়া বিৰতিৰ অন্তত আজি মহানগৰীৰ গণেশগুৰিৰ ইতিহাসৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাক ৷ নিজৰ অভিনয়ৰ যাদুৰে নিশ্চয় উপস্থিত দৰ্শকক মনোৰঞ্জন দিব অভিনেতাগৰাকীয়ে । নাট্য পৰিচালনা সমিতিৰ তৰফৰ পৰা জনোৱা অনুসৰি এইবৰ্ষৰ চাৰিটা নিশা অৰ্থাৎ 6,7,8 আৰু 9 নৱেম্বৰত প্ৰদৰ্শন কৰা হ’ব নাট ।

আজি অৰ্থাৎ প্ৰথম নিশা দুটাকৈ দর্শনীত মঞ্চস্থ কৰা হ’ব অভিজিৎ ভট্টাচাৰ্যৰ নাট ‘জুয়ে পোৰা মানুহ’ । ইতিমধ্যে দুয়োটা দৰ্শনীৰ বাবে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে । ইফালে ইতিহাস থিয়েটাৰৰ এইবর্ষৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে ‘জুয়ে পোৰা মানুহ’, ‘মহাৰাজ’ আৰু ‘মহাবীৰ লাচিত’ ৰ প্ৰযোজনা কৰিছে সুভাষ দাসে ।

নামনি অসমৰ বিভিন্ন প্ৰান্তত ইতিহাস থিয়েটাৰৰ এই বৰ্ষৰ ব্যয়বহুল আয়োজন ‘মহাৰাজ’ নাটখনে বিপুলভাৱে বাণিজ্যক সফলতা লাভ কৰাৰ লগতে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি গণেশগুৰিত ‘মহাৰাজ’ নাটখনৰ একাধিক দর্শনী কৰাৰ সম্ভাৱনা আছে । লগতে ‘জুয়ে পোৰা মানুহ’ আৰু ‘মহাবীৰ লাচিত’ নাট দুখনো দৰ্শকৰ দাবী অনুসৰি নাট্যদলটোৱে মঞ্চস্থ কৰিব বুলি আহ্বায়ক সমিতিয়ে জানিবলৈ দিয়ে ।

ইফালে যতীন বৰাৰ লগতে থাকিব শর্মিষ্ঠা চক্রৱর্তী, আশা ৰিয়া ফুকন, অর্চনা বৰা, বিপুল বৰা, চন্দন বৰা, মুহি বৰা, গুঞ্জন চৌধুৰী, চম্পক মেধি, পার্থ কলিতা, মানস শইকীয়া, ছায়ামণি কাশ্যপকে আদি কৰি বহুজন । নাটকেইখনৰ আৱহ সংগীত পৰিচালনা কৰিছে অজয় ফুকন, দীপক বৰুৱাই । নাট্যদলটোৰ সহঃপ্রযোজকৰ দায়িত্বত আছে অঞ্জনজ্যোতি দাস৷ সম্পাদকৰ দায়িত্ব বহন কৰিব জ্যেষ্ঠ সম্পাদক ৰঞ্জিত দত্তই ।

লগতে পঢ়ক : দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত মন পছন্দৰ কামটোলৈ উভতিছে যতীন বৰা