ETV Bharat / entertainment

ভ্ৰাম্যমাণৰ আদিপাঠ কোন থিয়েটাৰৰ পৰা আৰম্ভ হৈছিল যতীন বৰাৰ ?

হেঙুল থিয়েটাৰৰ ৩৮ সংখ্যক নাট্যবৰ্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই ৷ নিজৰ ভ্ৰাম্যমাণ যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত কি ক’লে অভিনেতাগৰাকীয়ে শুনকচোন-

actor Jatin Bora officially inaugurates the 38th theatrical year of Hengool Theatre
হেঙুল থিয়েটাৰৰ ৩৮ সংখ্যক নাট্যবৰ্ষৰ উদ্বোধন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 21, 2025 at 8:44 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : আখৰা সমাপ্ত কৰি ৰাইজৰ হৃদয় জিনিবলৈ যাত্ৰা আৰম্ভ কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহে । অভিজাত ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ ভিতৰত হেঙুল থিয়েটাৰৰো আছে সুকীয়া নাম ৷ ২০ আগষ্টত মৰিয়নীত হেঙুল থিয়েটাৰৰ ৩৮ সংখ্যক নাট্য বৰ্ষৰ নাট্য আখৰা আৰম্ভণি কৰা হয় । মৰিয়নীৰ বাপুজী ক্ৰীড়া সন্থাৰ খেলপথাৰত হেঙুল থিয়েটাৰৰ ৩৮ সংখ্যক নাট্যবৰ্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই ।

এইবাৰ ২০২৫ আৰু ২০২৬ বৰ্ষৰ হেঙুলৰ মঞ্চত জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰুৱাকে ধৰি বহুকেইগৰাকী বোলছবি জগতৰ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । পৰম্পৰা, প্ৰতিশ্ৰুতি আৰু সময়ৰ চেতনাৰ হেঙুল হাইতাল বুলাই অসমৰ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰে বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰে নাট্যযাত্ৰা ।

যতীন বৰাৰ ভাষ্য (ETV Bharat Assam)

নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিবেশনৰ স্বকীয়তাৰে ভ্ৰাম্যমান জগতত জিলিকি উঠা নাট্য মহীৰূহ প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ'ব ভিন্ন ৰসেৰে পৰিপূৰ্ণ নাট্যকাৰ প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী ,অভিজিৎ ভট্টাচাৰ্যৰ এচিড আৰু প্ৰণৱ বৰুৱাৰ পাগল থানা শীৰ্ষক নাট তিনিখন ।

আনহাতে ২০২৫ আৰু ২৬ বৰ্ষৰ হেঙুল মঞ্চ উদ্বোধন কৰি অভিনেতা যতীন বৰাই কয়, “মই আজি ৯টা মাহৰ বাবে ভিন্ন প্ৰান্তলৈ ওলাই যোৱা নাট্যদলটিৰ কলা-কুশলীক আদৰণি জনাবলৈ আহিছোঁ, মোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ আদিপাঠ হেঙুলৰ মঞ্চৰ পৰাই আৰম্ভ হৈছিল ৷ এককথাত ক’বলৈ গ’লে ভ্ৰাম্যমাণ থিয়েটাৰৰ অ, আ, ক, খ হেঙুলৰ মঞ্চৰ পৰাই শিকিছিলোঁ । হেঙুল থিয়েটাৰ এইবাৰ ভিন্নধৰ্মী নাটৰ জৰিয়তে ৰাইজৰ মাজত জিলিকি উঠিব সেয়া নিশ্চিত ।”

লগতে পঢ়ক : পুনৰ নতুনত্বৰ মাজেৰে হেঙুল হাইতাল বুলাবলৈ আহি আছে হেঙুল থিয়েটাৰ