অভিনয় জগতৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ: আশা বৰদলৈৰ জনা-নজনা বহু কথা
কেনেদৰে আৰম্ভ হৈছিল আশা বৰদলৈৰ অভিনয় যাত্ৰা ? ৰাজনৈতিক ক্ষেত্ৰত কেনেদৰে জড়িত হ'ল তেওঁ ? ই টিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ক'লে বহু কথা ।

Published : July 29, 2025 at 2:55 PM IST
|Updated : July 29, 2025 at 6:10 PM IST
গুৱাহাটী : "... বৰ্তমানৰ সময়ত মোক এনেকৈ সোধা হ'ব যে মোৰ সোঁচকুটো প্ৰিয় নে বাওঁচকুটো প্ৰিয় ... গতিকে উত্তৰটো নিজৰ হাততে আছে !" অভিনয় আৰু ৰাজনীতি- দুটা ভিন্ন পথত সমানে খোজ দি আগবাঢ়ি যোৱা এগৰাকী অভিনেত্ৰীৰ এয়া কৌশলী উত্তৰ ।
অভিনয় জগত নে ৰাজনৈতিক ক্ষেত্ৰ, কোনটো প্ৰিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত মোহময়ী অভিনেত্ৰীগৰাকীয়ে পোনপটীয়াকৈ একো নোকোৱাকৈয়ে দৰ্শকক ক'ব বিচাৰে বহু কথা । ইয়াৰে কিছু পৰ্দাৰ আঁৰৰ, কিছু পৰ্দাৰ বাহিৰৰ । তেওঁ হৈছে অভিনেত্ৰী তথা বৰ্তমান এগৰাকী ৰাজনৈতিক নেত্ৰী আশা বৰদলৈ । সাংবাদিক দিপাঞ্জলী শৰ্মাৰ সৈতে আশা বৰদলৈৰ জীৱনৰ দীঘ-বাণি ।
'মালতী'খ্যাত আশা বৰদলৈ
হয়, অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে আশা বৰদলৈ । কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক, ভিচিডি আদিত অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে । ভ্ৰাম্যমাণ ক্ষেত্ৰতখনতো আছে অভিনেত্ৰীগৰাকীৰ সুকীয়া পৰিচয় ।

ৰাষ্ট্ৰীয় বঁটাবিজয়ী ছবি 'কথানদী'ত 'মালতী'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ ওচৰত বেছি পৰিচিত হৈ পৰিছিল । কেৱল অভিনয়ে নহয়, দুখনকৈ ধাৰাবাহিকো প্ৰযোজনা কৰিছে অভিনেত্ৰীগৰাকীয়ে । তেওঁ প্ৰযোজনা কৰা ধাৰাবাহিক দুখন হৈছে 'এনেকৈয়ে ভাগেনে সপোন' আৰু 'অপৰাজিতা' ।
বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপেও কাম কৰি আছে অভিনেত্ৰীগৰাকীয়ে ।
কেনেদৰে আৰম্ভ হৈছিল আশা বৰদলৈৰ অভিনয় যাত্ৰা
নগাঁও জিলাৰ বঢ়মপুৰত জন্মগ্ৰহণ কৰা জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে প্ৰাৰম্ভিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ নগাঁও জিলাতে গ্ৰহণ কৰে । শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত কৰ্মসূত্ৰে গুৱাহাটীলৈ আহে আশা বৰদলৈ ।

নিজৰ অভিনয় যাত্ৰা সন্দৰ্ভত তেওঁ কয়, "মই অভিনয়ৰ লগত জড়িত হোৱাৰ পূৰ্বে গানহে গাইছিলোঁ । সৰুতে মই গান গাইছিলোঁ । পঢ়ি থকা সময়ত এখন নাটকত অভিনয় কৰাৰ বাবে প্ৰস্তাৱ লাভ কৰিছিলোঁ । নাটকখনৰ নাম আছিল চিৰাজ । কিন্তু দুদিনমান আখৰা কৰাৰ পাছত গা-বেয়া হোৱাৰ বাবে মই সেই নাটকখনত আৰু অভিনয় কৰিবলৈ নোৱাৰিলোঁ । কিন্তু মঞ্চৰ বা অভিনয়ৰ সোৱাদ বুলি যদি কোৱা যায়, তেন্তে মই সেই নাটকখনৰ জৰিয়তে আৰম্ভ কৰিলোঁ ।"

সৰুৰে পৰা জুবিন গাৰ্গৰ অনুৰাগী আছিল আশা
যুৱপ্ৰজন্মৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৰুৰে পৰাই অনুৰাগী আছিল আশা বৰদলৈ । জুবিন গাৰ্গক লগ পোৱাৰ আশাৰে এখন ছবিত অভিনয়ৰ বাবে আবেদন কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, "মই জুবিন গাৰ্গক সৰুৰে পৰা বহুত ভাল পাইছিলোঁ । তেখেতৰ গীতবোৰ শুনি খুব ভাল পাইছিলোঁ । জুবিন গাৰ্গৰ লগতে তেওঁৰ প্ৰতিখন এলবামৰ ফটো মই সংগ্ৰহ কৰিছিলোঁ ।"

তেওঁ লগতে কয়, "সেই সময়ত 'মায়া' নামৰ এখন আলোচনী প্ৰকাশ পাইছিল । সেই আলোচনীত জুবিন গাৰ্গৰ বিষয়ে লেখনি প্ৰকাশ পাইছিল । যিটো পঢ়ি খুব ভাল পাইছিলোঁ । এদিন সেই আলোচনীখনতে 'তুমি মোৰ মাথোঁ মোৰ' ছবিখনত অভিনয়ৰ বাবে বিজ্ঞাপন এটা প্ৰকাশ পাইছিল । তেতিয়ালৈ মোৰ অভিনয় ক্ষেত্ৰখন সম্পৰ্কে অভিজ্ঞতা নাছিল ।"
জুবিন গাৰ্গক লগ পোৱাৰ আশাৰেই আৰম্ভ কৰিছিল ছবি জগতত অভিনয়ৰ চেষ্টা
অভিনেত্ৰী আশা বৰদলৈয়ে এই সন্দৰ্ভত কয়, "জুবিন গাৰ্গক লগ পোৱাৰ আশাৰে মই সেই ছবিখনৰ বাবে ফটো প্ৰেৰণ কৰিছিলোঁ । সেই ছবিখনৰ বাবে মই নিৰ্বাচিত নহ'লো বাৰু । সেই ফটোখিনি মই পঠিয়াইছিলোঁ ডি জি মিউজিকলৈ । তাত মোৰ ফটো দেখিছিল অংকুৰ বিষয়াই । তেতিয়া তেওঁ 'মনত বিৰিণাৰ জুই' ছবিখনৰ বাবে নতুন মুখ এখন বিচাৰি আছিল । অংকুৰ বিষয়াই মোক যোগাযোগ কৰিলে, মই তেনেদৰে আহিলোঁ আৰু সেই ছবিখনৰ জৰিয়তে মই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলোঁ ।"
ভিচিডিৰ পৰা ধাৰাবাহিকলৈ যাত্ৰা
কেৱল অসমীয়া ছবিয়ে নহয়, বহুকেইখন ভিচিডিতো অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে । ভিচিডিত অভিনয় যাত্ৰা সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, "মনত বিৰিণাৰ জুই ছবিখনত অভিনয় কৰাৰ পাছত সেই সময়ত ভিচিডিৰ এটা সোণোৱালী যুগ আৰম্ভ হৈ গ'ল । সেই সময়ত বহুকেইখন ভিচিডিতে মই অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ । এটা দিন জিৰণি নোলোৱাকৈয়ে সেই সময়ত বহুত গানৰ কাম কৰিলোঁ । তেনেদৰে ভিচিডি জগতৰ লগত জড়িত হ'লোঁ ।"

আনহাতে, ধাৰবাহিকত অভিনয় প্ৰসংগত তেওঁ কয়, "তাৰ পাছত যেতিয়া ভিচিডি ক্ৰমান্বয়ে কমি কমি আহিল, মোক ধাৰাবাহিকত বিচাৰিলে । মই যথেষ্টসংখ্যক ধাৰাবাহিকতো অভিনয় কৰিলোঁ । এনেদৰেই এই যাত্ৰা চলি আছে ।"

অভিনয়ৰ পৰা কেনেদৰে আৰম্ভ হ'ল ৰাজনৈতিক যাত্ৰা
বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য তথা বিষয়ববীয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে অভিনেত্ৰী আশা বৰদলৈয়ে । ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ মহিলা মৰ্চাৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অভিনেত্ৰীগৰাকীয়ে ৰাজনৈতিক যাত্ৰা সন্দৰ্ভত কয়, "অভিনয়ৰ পৰা ৰাজনীতিলৈ মোৰ এই যাত্ৰাটো খুব এটা আচৰিত ধৰণৰ । কেতিয়াবা ৰাজনীতিলৈ আহিম এনেকুৱা ধৰণৰ মোৰ কোনো সিদ্ধান্তই নাছিল । কিন্তু ২০১৯-২০ চনত অৰ্থাৎ কৰোণা মহামাৰীৰ সেই সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ কিছুমান কথাই মোক আকৰ্ষিত কৰিছিল ।"

তেওঁ লগতে কয়, "ইয়াৰ সমান্তৰালভাৱে মোদীজীৰ ভাষণ আৰু ব্যক্তিত্বয়ো মোক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিছিল । কৰোণা মহামাৰীৰ সময়ছোৱাত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে প্ৰতিজন লোকৰ ওচৰত থিয় দিছিল এই সকলোবোৰে মোক আকৰ্ষিত কৰিছিল । তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যে কেতিয়াবা যদি মই ৰাজনীতিলৈ যাওঁ বিজেপিলৈ যাম বুলি । তাৰ পাছত মই বিজেপিলৈ যোৱাৰ প্ৰস্তাৱ লাভ কৰিলোঁ । তেনেদৰেই মই যোগদান কৰিলোঁ ।"
ভৱিষ্যতে নিৰ্বাচন খেলাৰ পৰিকল্পনা আছে নেকি আশা বৰদলৈৰ
এই সন্দৰ্ভত আশা বৰদলৈয়ে কয়, "যদিও ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হোৱাৰ সময় মোৰ বহু দীঘলীয়া হোৱা নাই, কিন্তু এটা কথা মই শিকিছোঁ বা জানিব পাৰিছোঁ যে ইয়াত যদি কোনোবাই নিষ্ঠাৰে কাম কৰি থাকে তেখেতসকলে উপযুক্ত সময়ত উপযুক্ত সন্মান লাভ কৰি আহিছে । মোৰ দায়িত্ব কাম কৰি যোৱা, এতিয়ালৈ এনেকুৱা ধৰণৰ কথা মোৰ মনত নাই ।"

উল্লেখ্য যে বৰ্তমান ছবিগৃহত চলি থকা অসমীয়া ছবি 'আইৰন গাৰ্লছ'তো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে । অসমৰ লোকসংস্কৃতিৰ সাধনাত ব্ৰতী থকা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱনৰ কাহিনী সমৃদ্ধ তথা অসমৰ লোকসংস্কৃতিৰ অন্যতম আধাৰ ওজাপালি আৰু দেওধনী নৃত্যক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়াস হৈছে 'আইৰন গাৰ্লছ' ।

