ETV Bharat / entertainment

যুৱতী নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ শৰীৰচৰ্চাবিদ-অভিনেতা ভাস্কৰ তামুলী - POLICE ARREST ACTOR BHASKAR TAMULI

ৰঙা ঘৰৰ আলহী হ'ল অভিনেতা ভাস্কৰ তামুলী । এগৰাকী অভিনেত্ৰীক প্ৰৱঞ্চনা আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ভাস্কৰ তামুলী ।

Actor bhaskar tamuli arrested in connection to alleged molestation of a girl
অভিনেতা ভাস্কৰ তামুলী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 15, 2025 at 12:27 PM IST

1 Min Read

গুৱাহাটী : থিয়েটাৰৰ অভিনেত্ৰীক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শৰীৰচৰ্চাবিদ তথা অভিনেতা ভাস্কৰ তামুলী । সোমবাৰে বিয়লি গুৱাহাটী পৰা পানবজাৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ তামুলীক ।

যুৱতীৰ ফটো ভাইৰেল কৰিম বুলি ভাবুকি দিয়াৰ অভিযোগ ভাস্কৰৰ তামুলীৰ বিৰুদ্ধে । সমান্তৰালভাৱে বিবাহৰ প্ৰস্তাৱ দি ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন হৈছে ভাস্কৰ তামুলীৰ বিৰুদ্ধে ৷

Bodybuilder actor Bhaskar Tamuli
অভিনেতা ভাস্কৰ তামুলী (Photo : ETV Bharat Assam)

ভুক্তভোগী অভিনেত্ৰীগৰাকীৰ মাতৃয়ে ভাস্কৰ তামুলীৰ বিৰুদ্ধে পানবজাৰ মহিলা আৰক্ষী থানাত এহজাৰ দাখিল কৰিছিল । অভিনেত্ৰীগৰাকীৰ মাতৃৰ সেই অভিযোগৰ ভিত্তিতে ৰুজু কৰা হৈছিল গোচৰ ।

অভিনেত্ৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত 39/25 কেছ নম্বৰত ৰুজু কৰা হয় গোচৰ । ভাৰতীয় ন্যায় সংহিতাৰ 123/351(3)/78/79/296/117(2) আৰু সংলগ্ন ধাৰা 67/67(a) it আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰা হয় অভিনেতা তথা শৰীৰচৰ্চাবিদ ভাস্কৰ তামুলীক । বৰ্তমান পানবজাৰ মহিলা আৰক্ষী থানাতে ৰখা হৈছে তামুলীক‌ ।

Bodybuilder actor Bhaskar Tamuli
গ্ৰেপ্তাৰ শৰীৰচৰ্চাবিদ-অভিনেতা ভাস্কৰ তামুলী (Photo : ETV Bharat Assam)

আনহাতে মঙলবাৰে আদালতত হাজিৰ কৰি জিম্মাত লোৱাৰ সম্ভৱনা আছে অভিনেতাগৰাকীক । উল্লেখ্য যে, কেইবাখনো ধাৰাবাহিক আৰু চিনেমাত অভিনয় কৰিছে ভাস্কৰ তামুলীয়ে ৷

Bodybuilder actor Bhaskar Tamuli
শৰীৰচৰ্চাবিদ-অভিনেতা ভাস্কৰ তামুলী (Photo : Photo : ETV Bharat Assam)

লগতে পঢ়ক : কৃষ্ণমণি চুতীয়াৰ প্ৰযোজনাৰে নতুন বিহুগীত বিহুৱা মনজিতৰ শুভমুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.