ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে কপিল শৰ্মাৰ শ্ব’ত দেখা যাব আমিৰ খানক ! - Kapil Sharmas upcoming show

The Great Indian Kapil Show: অনুৰাগীক হাঁহিৰ খোৰাক দিবলৈ আকৌ এবাৰ আহি আছে কপিল শৰ্মা । কপিলৰ নতুন শ্ব’ শীঘ্ৰে আৰম্ভ হ’ব । এতিয়া খবৰ আহিছে যে এইবাৰ আমিৰ খানকো শ্ব’টোত দেখিবলৈ যাব ।

Actor Aamir Khan to be part of Kapil Sharma's upcoming The Great Indian Kapil Show
কপিল শৰ্মাৰ শ্ব’ত আমিৰ খান !
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:22 AM IST

2 Min Read

চিটাৰা ডেস্ক, ২০ মাৰ্চ: কমেডী কিং কপিল শৰ্মাই পুনৰবাৰ লৈ আহিছে তেওঁৰ কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ । কপিলৰ এই শ্ব’টোক লৈ অতিশয় উৎসাহী হৈ পৰিছে অনুৰাগীসকল । সুনীল গ্ৰ’ভাৰো বহুদিনৰ পিচত উভতি আহিছে কপিলৰ শ্ব’লৈ । ইয়াৰ উপৰিও এই শ্ব’টোত কিকু শৰ্দা, কৃষ্ণা অভিষেক, ৰাজীৱ ঠাকুৰ আৰু অৰ্চনা পুৰণ সিঙকো দেখা যাব । এতিয়া শেহতীয়াকৈ জানিব পৰা গৈছে যে এই শ্ব’টোত পোনপ্ৰথমবাৰৰ বাবে অতিথি হিচাপে দেখা যাব আমিৰ খানক ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে কপিল শৰ্মাৰ শ্ব’ৰ কোনো এটা ছিজনতে দেখা পোৱা হোৱা নাছিল আমিৰ খানক । এইবাৰ প্ৰথমবাৰৰ বাবে কপিলক আমিৰ খানৰ সৈতে কমেডী কৰা দেখিবলৈ পোৱা যাব । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘‘আমিৰ খান কেতিয়াও কপিল শৰ্মাৰ কমেডী শ্ব’ৰ অংশ হোৱা নাই যদিও এইবাৰ প্ৰথমবাৰৰ বাবে কপিল শৰ্মাৰ শ্ব’ত তেওঁক দৰ্শকে দেখিবলৈ পাব ।’’ এতিয়া এই খবৰটো কিমান সত্য সেয়া শ্ব’টো ষ্ট্ৰীম হোৱাৰ পিচতহে গম পোৱা যাব ।

৭ বছৰৰ পিচত একেলগে দেখা যাব কপিল-সুনীলক

উল্লেখ্য যে, কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰে প্ৰায় ৭ বছৰৰ পিচত এই শ্ব’টোত একেলগে কাম কৰিব । ইয়াৰ পূৰ্বে সুনীলক কপিলৰ সৈতে ‘দ্য কপিল শৰ্মা’ আৰু ‘কমেডী নাইটছ উইথ কপিল’ৰ ছিজন দুটাত গুত্থী আৰু ডাক্তৰ মশহুৰ গুলাটিৰ চৰিত্ৰত দেখা গৈছিল । সুনীলৰ এই চৰিত্ৰকেইটা অনুৰাগীয়ে আটাইতকৈ বেছি ভাল পাইছিল । কিন্তু ২০১৭ চনত সুনীল গ্ৰ’ভাৰৰ কপিল শৰ্মাৰ সৈতে কিছু মতানৈক্য ঘটিছিল, তাৰ পিচতে অভিনেতাজনে শ্ব’টোক বিদায় দিয়ে ।

কেতিয়া কপিল শৰ্মাৰ শ্ব’টো ষ্ট্ৰীম কৰা হ’ব ?

এতিয়া দুয়োৰে মাজত সকলো ঠিক হৈছে আৰু এতিয়া দুয়োগৰাকী আকৌ আহি আছে অনুৰাগীক হাঁহিৰ খোৰাক দিবলৈ । কপিল শৰ্মাৰ এই শ্ব’টো টিভিৰ পৰিৱৰ্তে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ হ’ব । ৩০ মাৰ্চৰ পৰা ষ্ট্ৰীম হ’ব এই শ্ব’ ।

লগতে পঢ়ক: এজন ব্যক্তিৰ বাবেই দূৰ হ’ল কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰৰ মাজৰ মত বিৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.