ETV Bharat / entertainment

অভিশ্ৰুতি বেজবৰুৱাই এইবাৰ ৰঙালীক টানিব ‘বৰ বিহু’ৰে - ABHISHRUTI BEZBARUAH BIHU SONG

মুক্তি লাভ কৰিলে অভিশ্ৰুতি বেজবৰুৱাৰ নতুন অসমীয়া বিহুসুৰীয়া গীত ‘বৰ বিহু’ ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় এই নতুন বিহুসুৰীয়া গীতটি ।

Abhishruti Bezbaruahs New assamese song Bor Bihu releases at guwahati press club
নতুন অসমীয়া বিহুসুৰীয়া গীত মুকলি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 22, 2025 at 9:30 AM IST

2 Min Read

গুৱাহাটী : ৰঙালী মানেই যেন অভিশ্ৰুতি বেজবৰুৱাৰ বিহুগীত । ‘কেৰুমণি থুৰীয়া’, ‘তোক দেখি মোৰ গা’, ‘অ'ৰে ৰাতি’, ‘ৰৈ ৰৈ ৰতি’ শীৰ্ষক গীতসমূহৰ লগতে বিগত বৰ্ষত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা অৰ্জন কৰিছিল তেখেতৰ ‘বৰদৈচিলা’ শীৰ্ষক গীতটোৱে । এইবাৰ অভিশ্ৰুতি বেজবৰুৱা সাজু হৈছে নিজৰ ‘বৰ বিহু’ক লৈ ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় এই নতুন অসমীয়া বিহুসুৰীয়া গীতটি । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা কপিল বৰা । গীতটি সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “বৰ বিহু গীতটি মোৰ আগৰ গীতসমূহতকৈ অকণমান বেলেগ । এই বিহুত আচলতে বিহুগীত নহয়, পৰম্পৰাগত বিহু নাম অসমবাসীৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছো ।

অভিশ্ৰুতি বেজবৰুৱাৰ ভাষ্য (ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, “আমাৰ এই গীতটি খুব সুন্দৰকৈ সংগ্ৰহ কৰি দিছে আমাৰ বৰ বিহুৱা নিৰঞ্জন গোস্বামীয়ে । মই সদায় পৰম্পৰাগত বস্তুৰ প্ৰতি আকৰ্ষিত । বিগত বৰ্ষত লতাশিল বিহু মঞ্চত নিৰঞ্জন গোস্বামীক লগ পাইছিলো । মোৰ অনুষ্ঠানৰ পাছতে তেওঁ মোক লগ কৰি বিহু এটা কৰি দিয়াৰ কথা কৈছিল । মইয়ো তেখেতৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিলো কিন্তু লিংকটো পোৱা নাছিলো । যেন ভগৱানেই মিলাই দিলে ৷ সেইদিনা ৰাতিয়ে তেওঁ মোক এফাঁকি বিহুগীত পঠিয়াছিল । তেনেদৰে বৰ বিহু লাগিছে গাত আৰম্ভ হ'ল । আজি গীতটিয়ে শুভমুক্তি লাভ কৰিছে আশাকৰো ৰাইজে আঁকোৱালি ল’ব ।”

গীতটোৰ কথা আৰু সুৰ নিৰঞ্জন গোস্বামীৰ আৰু তাৰে আধা অংশ সংগৃহীত । সংগীত কৰিছে অনুপম কোঁৱৰে আৰু শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ । আনহাতে, ভিডিঅ' পৰিচালনা কৰিছে সমীন দাসে । নৃত্য পৰিচালনা কৰিছে গায়ত্ৰী বড়োৱে ।

বিহুৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছে কণ্ঠশিল্পীগৰাকীয়ে

“বিহুলৈ বুলি প্ৰস্তুতি আৰু উৎকণ্ঠা সদায় থাকে । নতুন কি উলিয়াই দিব তাক লৈ প্ৰস্তুতি থাকে । মই অকণমান সময় লৈ কামবোৰ কৰো । সেইবাবে মাজে মাজে নাইকিয়া হৈ যোৱা যেন লাগে । চিন্তাটো লগত লাগি থাকো । প্ৰতিটো প্ৰকল্পৰ লগত লাগি থাকো । সেয়ে মোৰ গীতৰ সংখ্যা কম । খুব মনে-প্ৰাণে যত্নৰে এটা গীত আগবঢ়াও । মই অলপ গৱেষণা কৰি গীতসমূহ মুকলি কৰিবলৈ চেষ্টা কৰো । এইবাৰো বিহুৰ বাবে তেনেদৰে প্ৰচেষ্টা আছে । নতুন গীত কিছুমান লৈছো ।”

লগতে পঢ়ক : ৫ টকাৰ ঢোলটো এতিয়া ১০ হাজাৰ হ'ল: বিদ্যাধৰে নেৰিলে হাতৰ বিদ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.