ETV Bharat / entertainment

অভিষেক বচ্চনৰ পৰা আৰম্ভ কৰি নিক জোনাছলৈকে এই তাৰকাসকল পত্নীতকৈ সৰু

এই তালিকাত বিকী কৌশল আৰু কুনাল খেমুৰ দৰে অভিনেতাও সন্নিবিষ্ট হৈ আছে ।

CELEBS WHO MARRIED TO OLDER WOMAN
বলীউড যুটি (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : June 7, 2025 at 4:50 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : প্ৰেমে একো নাজানে না বয়স, না স্থান না অন্য কিবা নীতি-নিয়ম ৷ সেইবাবে কেতিয়া ক'ত কেনেকৈ প্ৰেমৰ মধুৰ সম্পৰ্ক গঢ় লৈ উঠিব কোনেও ক’ব নোৱাৰে । ঠিক যেনেকৈ দক্ষিণৰ তাৰকা নাগাৰ্জুনৰ আন এজন পুত্ৰ অখিল আকিনেনীয়েও তেওঁৰ তুলনাত ৯ বছৰ ডাঙৰ দীৰ্ঘদিনীয়া প্ৰেমিকা জৈনৱ ৰাৱজীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে ।

ভাৰতীয় চিনেমাত যিকোনো অভিনেতা বা অভিনেত্ৰীৰ বিবাহ চৰ্চাৰ বিষয় আৰু এই বিবাহত যদি সমাজে অন্য কিবা প্ৰত্যক্ষ কৰে তেতিয়া সেয়াও ট্ৰেণ্ডত পৰিণত হ’ব পাৰে । প্ৰায়ে দেখা যায় যে বিয়াত ছোৱালীজনীৰ বয়স ল’ৰাতকৈ কম হয় । কিন্তু অভিনেতাসকলে এই নিয়ম ভংগ কৰি নিয়মৰ বিপৰীতে বিয়া পাতিছে ।

শেহতীয়াকৈ দক্ষিণ চিনেমাৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ তথা অভিনেতা অখিল আকিনেনীয়ে তেওঁতকৈ ৯ বছৰ ডাঙৰ জৈনৱ ৰাওজীক বিয়া পাকে । পিছে এয়া কোনো অস্বাভাৱিক কথা নহয় কাৰণ ভাৰতীয় চিনেমা জগতত বহু বিখ্যাত অভিনেতা আছে যিসকলে নিজতকৈ বেছি বয়সীয়া মহিলা আৰু অভিনেত্ৰীক বিয়া কৰাইছে ।

এনে প্ৰেম কাহিনী বলীউডত নতুন নহয় । ঐশ্বৰ্য ৰায় বচ্চনৰ পৰা প্ৰিয়ংকা চোপ্ৰালৈকে এই তালিকা সৰু নহয় য’ত স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য আছে । বহুতে কয় যে পত্নীৰ বয়স বেছি হ’লে কোনোবা এটা সময়ত প্ৰেমৰ সম্পৰ্ক শেষ হৈ যায় । কিন্তু সেয়া জানো সঁচা ? অভিষেক বচ্চন বা ক্ৰিকেট তাৰকা শচীন টেণ্ডুলকাৰে সেই কথাক নস্যাৎ কৰিছে ।

CELEBS WHO MARRIED TO OLDER WOMAN
অভিষেক-ঐশ্বৰ্য (Photo : IANS)

ঐশ্বৰ্য ৰায় বচ্চন-অভিষেক বচ্চন

প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় অভিষেক বচ্চনতকৈ তিনি বছৰ সৰু । সেই সময়ত বহুতে কৈছিল যে এই বিবাহ স্থায়ী নহ’ব । ২০০৭ চনত অভিষেক বচ্চন আৰু ঐশ্বৰ্যই বিবাহপাশত আবদ্ধ হয় । এতিয়া ১৮ বছৰ ধৰি দুয়ো পতি-পত্নী হিচাপে সুন্দৰ বৈবাহিক জীৱন অতিবাহিত কৰিছে ।

প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছ

হলীউডৰ অন্যতম বিখ্যাত গায়ক-অভিনেতা নিক জোনাছে বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ প্ৰেমত পৰি বিয়াৰ প্ৰস্তাৱ দিয়ে ৷ নিকতকৈ ১০ বছৰ ডাঙৰ প্ৰিয়ংকাই এই প্ৰস্তাৱৰ সন্মতি জনাই ২০১৮ চনত বিবাহপাশত আবদ্ধ হয় ৷

CELEBS WHO MARRIED TO OLDER WOMAN
প্ৰিয়ংকা-নিক (Photo : IANS)

কেটৰিণা কাইফ-বিকী কৌশল

কেটৰিণা বিকীতকৈ পাঁচ বছৰ ডাঙৰ । ২০২১ চনত বিবাহপাশত আবদ্ধ হয় দুয়ো । এই প্ৰেমৰ আৰম্ভণি কেটৰিণাৰ দিশৰ পৰাই প্ৰথম হৈছিল ৷

CELEBS WHO MARRIED TO OLDER WOMAN
বিকী-কৌশল (Photo : IANS)

ছৈফ আলী খান আৰু অমৃতা সিং

প্ৰথম পত্নী অমৃতাতকৈ ছৈফ সৰু আছিল । তেওঁলোকৰ মাজত বয়সৰ পাৰ্থক্য আছিল ১২ বছৰ । ছৈফ আলী খান আৰু অমৃতা সিং, দুয়োৱে বেখুদী ছবিৰ ছেটত লগ পাইছিল আৰু ১৯৯১ চনত বিবাহপাশত আবদ্ধ হয় । ১৩ বছৰ পিছত ২০০৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । তেওঁলোকৰ দুটা সন্তান ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান ।

CELEBS WHO MARRIED TO OLDER WOMAN
ছৈফ আলী খান আৰু অমৃতা সিং (Photo : IANS)

শিৰিশ কুন্দৰ আৰু ফাৰাহ খান

বলীউডৰ নৃত্য পৰিচালক ফাৰাহ খানে ২০০৪ চনত শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ফাৰাহ শিৰিশতকৈ ৮ বছৰ ডাঙৰ । শিৰিশ এগৰাকী চলচ্চিত্ৰ সম্পাদক আৰু পৰিচালক । ফাৰাহৰ প্ৰথমখন পৰিচালক ছবি ‘‘মেইন হুন না’’ত তেওঁ কাম কৰিছিল । একেখন ছবিৰ ছেটতে তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হৈছিল । তেওঁলোকৰ তিনিটা সন্তান আছে ।

CELEBS WHO MARRIED TO OLDER WOMAN
শিৰিশ কুন্দৰ আৰু ফাৰাহ খান (Photo : IANS)

সোহা আলী খান আৰু কুনাল খেমু

কুনালতকৈ ৫ বছৰ ডাঙৰ সোহা ৷ ২০১৫ চনত বিবাহপাশত আবদ্ধ হয় দুয়ো । সোহা আলী খান আৰু কুনাল খেমু ২০০৯ চনত ‘‘ধুন্দতে ৰেহ জাওগে’’ ছবিৰ ছেটত লগ হৈছিল আৰু তাৰ পিছত অলপ সময়ৰ ভিতৰতে ডেটিং আৰম্ভ কৰিছিল । ২০১৪ চনৰ জুলাই মাহত পেৰিছত তেওঁলোকৰ বাগ্দান হয় আৰু ২০১৫ চনৰ ২৫ জানুৱাৰীত মুম্বাইত ব্যক্তিগত অনুষ্ঠানত বিবাহ হয়।

CELEBS WHO MARRIED TO OLDER WOMAN
সোহা-কুনাল (Photo : IANS)

কৰণ গ্ৰোভাৰ আৰু বিপাশা বসু

বিপাশা কৰণতকৈ ৩ বছৰ ডাঙৰ । ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে ২০১৫ চনত ‘এল’ন’ ছবিৰ ছেটত লগ পাইছিল ৷ তেওঁলোকৰ দেৱী নামৰ এগৰাকী কন্যা সন্তান আছে । বিপাশাই অভিনয়ৰ পৰা বিৰতি লৈ পৰিয়ালৰ সৈতে সময় কটাইছে ।

CELEBS WHO MARRIED TO OLDER WOMAN
কৰণ-বিপাশা (Photo : IANS)

নেহা ধুপীয়া আৰু অংগদ বেদী

নেহা অংগদতকৈ দুবছৰ ডাঙৰ, ২০১৮ চনৰ ১০ মে’ত গুৰুদ্বাৰাত ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় তেওঁলোক ।

CELEBS WHO MARRIED TO OLDER WOMAN
অংগদ-নেহা (Photo : IANS)

ইয়াৰ বাহিৰেও আন আন যুটিবোৰ হ’ল-

  • সুনীল দত্ত আৰু নাৰ্গিছ : সুনীল দত্ত আৰু নাৰ্গিছৰ মাজত এবছৰৰ পাৰ্থক্য আছে । নাৰ্গিছ সুনীলতকৈ ডাঙৰ । ১৯৫৮ চনৰ ১১ মাৰ্চত তেওঁলোকৰ বিবাহ হয় ।
  • আদিত্য পাঞ্চোলি আৰু জৰীণা ৱাহাব : আদিত্য জৰীণাতকৈ সৰু আছিল । তেওঁলোকৰ মাজত বয়সৰ পাৰ্থক্য ৬ বছৰ । ১৯৮৬ চনত তেওঁলোকৰ বিবাহ হয় ।
  • শচীন তেণ্ডুলকাৰ আৰু অঞ্জলি তেণ্ডুলকাৰ : শচীন তেণ্ডুলকাৰ পত্নী অঞ্জলি তেণ্ডুলকাৰতকৈ ৬ বছৰ সৰু । ১৯৯৫ চনত তেওঁলোকৰ বিবাহ হয় ।
  • ঐশ্বৰ্য আৰু ধনুশ : ঐশ্বৰ্য আৰু ধনুশৰ বয়সৰ পাৰ্থক্য দুবছৰ । ২০০৪ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়, বিবাহৰ ২০ বছৰৰ পিছত ২০২৪ চনত তেওঁলোকৰ বিচ্ছেদ হয় ।
  • ফাৰহান আখতাৰ আৰু অধুনা ভবানী : ফাৰহান প্ৰথম পত্নী আধুনাতকৈ ৭ বছৰ সৰু আছিল । ২০০০ চনত ফাৰহান আখতাৰে অধুনা ভবানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও বিবাহৰ ১৭ বছৰ পিছত ২০১৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয় । তেওঁলোকৰ দুগৰাকী কন্যা শাক্য আৰু আকিৰা আছে । অধুনা ভবানী এগৰাকী চেলেব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট আৰু টিএলচিৰ বেব্লাণ্টৰ সহ-আয়োজক ।

লগতে পঢ়ক : দক্ষিণৰ দুই শীৰ্ষ অভিনেতাৰ বাবে ৰামোজী ফিল্ম চিটীত বিশাল আয়োজন