ETV Bharat / entertainment

অভিনৱ প্ৰতিভাৰ দ্বাৰা নিজৰ নামটোক যৰ্থাথ কৰি তুলিছে এটি কিশোৰে - ABHINAV DUWERAH FOLK INSTRUMENTS

গোলাঘাটৰ এগৰাকী প্ৰতিভান কিশোৰ, যি লোকবাদ্যৰ প্ৰতি অতিকৈ আকৃষ্ট ৷ যাৰ আঙুলিত নাচে লোক বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি পশ্চিমীয়া বাদ্যযন্ত্ৰ ৷

abhinav-duwerah-young-boy-from-golaghat-has-mastered-the-art-of-playing-folk-as-well-as-western-instruments
অভিনৱ দুৱৰা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 4, 2025 at 1:30 PM IST

2 Min Read

গোলাঘাট: এক অভিনৱ প্ৰতিভাৰ গৰাকী এটি কিশোৰ ৷ যি সৰুৰে পৰাই আকৃষ্ট বাদ্যযন্ত্ৰৰ প্ৰতি ৷ থলুৱা বাদ্যযন্ত্ৰৰ সমান্তৰালকৈ পশ্চিমীয়া বাদ্যযন্ত্ৰও শিকিছে তেওঁ ৷ বাদ্যযন্ত্ৰ পৰিৱেশন কৰি এতিয়া সমাদৰ লাভ কৰিছে কিশোৰটিয়ে আৰু নিজৰ এই প্ৰতিভাৰ জৰিয়তেই নিজৰ নামটোকে যৰ্থাথ কৰি তুলিছে কিশোৰটিয়ে ৷

সঁচাকৈয়ে অভিনৱ এই কিশোৰ, যাৰ নামটোও- অভিনৱ ৷ অভিনৱ দুৱৰা ৷

নিজৰ নামটোক যৰ্থাথ কৰি তুলিছে এটি কিশোৰে (ETV Bharat Assam)

গোলাঘাটৰ কমাৰবন্ধাৰ দোলাকাষৰীয়াৰ পৱিত্ৰ দুৱৰা আৰু ৰুবী দুৱৰাৰ পুত্ৰ অভিনৱ দুৱৰা । দশম শ্ৰেণীত অধ্যয়ন কৰি থকা অভিনৱৰ আছে লোকবাদ্যৰ ক্ষেত্ৰখনত এক বিশেষ পাৰদৰ্শিতা ৷

abhinav duwerah from assam golaghat master of playing folk instruments as well as western instruments
বাদ্যযন্ত্ৰৰ প্ৰতি প্ৰেম (Photo : ETV Bharat Assam)

কৈশোৰ অৱস্থাতে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত পাৰ্গত হৈ উঠিছে অভিনৱ ৷ লোকবাদ্যৰ প্ৰতি সৰুৰে পৰাই গভীৰ অনুৰাগ থকা অভিনৱে আয়ত্ব কৰিছে পশ্চিমীয়া বাদ্যযন্ত্ৰ বাদনৰো কৌশল ৷

abhinav-duwerah-young-boy-from-golaghat-has-mastered-the-art-of-playing-folk-as-well-as-western-instruments
লোকবাদ্যৰ প্ৰতি অতিকে আকৃষ্ট অভিনৱ (Photo : ETV Bharat Assam)

খোল, ঢোল, পেঁপা, বাঁহী, নেগেৰা, একতাঁৰা, দোতাঁৰা, তবলা, দগৰ, কঢ়ি তাল, গগণা, সুতুলি আদি থলুৱা বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাব জানে অভিনৱে ৷ এইবোৰ বজোৱাৰ সমান্তৰালকৈ অভিনৱে বজাই বংগ', মাউথ অৰ্গেন, জাইল’ফ’ন আদিৰ দৰে পশ্চিমীয়া বাদ্যযন্ত্ৰও ৷

প্ৰায় ২০ বিধ বাদ্যযন্ত্ৰত নিপুনতাৰে লহৰ তোলে অভিনৱে ৷ অঞ্চলজুৰি নিজ প্ৰতিভাৰে অভিনৱে ইতিমধ্যে সুখ্যাতি অৰ্জন কৰিছে ৷

অভিনৱ দুৱৰাৰ বাদ্যযন্ত্ৰ (Photo : ETV Bharat Assam)

আকৰ্ষণীয় কথাটো হ’ল লগত কেইজনমান কান-সমনীয়া সংগীক লৈ অভিনৱে আৰম্ভ কৰিছে সমূহীয়া আখৰা ৷ প্ৰায় ২৫ গৰাকী সংগী লৈ অভিনৱে আৰম্ভ কৰিছে তিনিটাকৈ সংগীত দল ৷

লোকবাদ্য সুৰ সমলয়, চেনি চেমনীয়া বিহু দল আৰু Jammers নামেৰে এই তিনি সংগীত দলৰ জৰিয়তে অভিনৱে সংগীসহ বিভিন্ন মঞ্চত বাদ্যযন্ত্ৰ বাদনেৰে সুখ্যাতি অৰ্জন কৰিছে ৷

সমাদৃত অভিনৱ (Photo : ETV Bharat Assam)

অভিনৱ দুৱৰাই কয়, "অসমীয়া লোকবাদ্যৰ ভিতৰত ঢোল, নেগেৰা, দোতাঁৰা, দগৰ আদিৰ লগতে বহু আন বাদ্যযন্ত্ৰ শিকি আছো । অসমীয়া সকলো লোকবাদ্য শিকিবলৈ চেষ্টা অব্যাহত ৰাখিছো । মই প্ৰায় ২০ বিধ অসমীয়া আৰু পশ্চিমীয়া বাদ্যযন্ত্ৰ বজাও । ষষ্ঠ শ্ৰেণীৰ পৰাই ঢোলেৰে আৰম্ভ কৰিছিলো আৰু তাৰ পাছৰে পৰা অন্যান্য বাদ্যযন্ত্ৰৰ প্ৰতি আকৃষ্ট হ’লো ৷ বৰ্তমানলৈকে এইখিনি শিকিলো । মোৰ আৰু বাদ্য শিকিবলৈ সপোন আছে । এইক্ষেত্ৰত মই আগবাঢ়ি যাবলৈ মোৰ পিতৃ-মাতৃয়ে সদায় সমৰ্থন আগবঢ়াই আহিছে । ভৱিষ্যতে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা কৰিম ।"

লগতে পঢ়ক : চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ : জীৱন, সৃষ্টি আৰু সংস্কৃতিৰ প্ৰতিফলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.