ETV Bharat / entertainment

প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে ৫৯ সংখ্যক জন্মদিন উদযাপন আমিৰ খানৰ, অনুৰাগীৰ পৰা বিচাৰিলে এই উপহাৰ

Aamir Khan Birthday: দংগল, ৩ ইডিয়টছকে ধৰি বহু ছুপাৰহিট ছবিত কাম কৰা অভিনেতা আমিৰ খানৰ আজি ৫৯ সংখ্যক জন্মদিন। এই বিশেষ দিন উপলক্ষে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগীৰ লগতে বহু তাৰকাই ।

Aamir Khan Turns a Year Older; Celebrates Birthday with Ex-Wife Kiran Rao -Watch
আমিৰ খানৰ জন্মদিন
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 2:17 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট অৰ্থাৎ আমিৰ খানে আজি ৫৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগী, পৰিয়ালৰ সদস্য আৰু বলীউডৰ চেলিব্ৰিটিকে ধৰি বহু লোকে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

এতিয়া শেহতীয়াকৈ আমিৰৰ বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁক ‘লাপাতা লেডিজ’ৰ তাৰকা অভিনেতা আৰু প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে ।

এনেদৰে জন্মদিন পালন কৰিলে আমিৰে

ছ’চিয়েল মিডিয়াত আমিৰ খানৰ বহু ছবি দেখা গৈছে, য’ত তেওঁ পাপাৰাজী, প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু লাপাতা লেডিজ ছবিখনৰ দলৰ সৈতে কেক কাটি থকা দেখা গৈছে । এই বিশেষ দিনটোত আমিৰে ক’লা টি-চাৰ্ট আৰু নীলা ৰঙৰ ডেনিম জিন্স পৰিধান কৰি থকা দেখা গৈছিল ।

ইফালে এই সময়চোৱাত কিৰণ ৰাওকো খুব ধুনীয়া দেখা গৈছিৱ । কিৰণে পৰিধান কৰিছিল বহুৰঙী সাজ-পোছাক । উল্লেখ্য যে, কেক কাটি অভিনেতাজনে প্ৰথমে কিৰণ ৰাওক আৰু কিৰণে আমিৰক খুৱাইছিল ।

আমিৰ খানৰ জন্মদিন উদযাপনত ছবি ‘লাপাতা লেডিজ’ৰ অভিনেত্ৰী নিতাংশী গোৱাল, প্ৰতিভা ৰন্ত আৰু স্পৰ্শ শ্ৰীবাস্তৱকো দেখা গ’ল । উল্লেখ্য যে, পাপাৰাজীৰ সৈতে কথা পাতি আমিৰ খানে কয় যে, ‘‘যদি আপোনালোকে মোৰ জন্মদিনত মোক উপহাৰ দিব বিচাৰে তেন্তে লাপাতা লেডিজ ছবিখনৰ টিকট ক্ৰয় কৰি চাওক, সেইটোৱেই মোৰ বাবে উপহাৰ হ’ব ।’’

আগন্তুক সময়ত আমিৰক দেখা যাব এইসমূহ ছবিত

উল্লেখ্য যে, আমিৰ খানৰ প্ৰডাকশ্যন হাউচত নিৰ্মিত ‘লাপাতা লেডিজ’ ছবিখনে হয়তো বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাই, কিন্তু সকলোৱে চিনেমাখনৰ প্ৰশংসা কৰিছে । এতিয়া আমিৰ খানক অতি সোনকালে 'সীতাৰে জমীন পাৰ’ত দেখা যাব । ইয়াৰ লগতে তেওঁ ‘লাহোৰ ১৯৪৭’ ছবিও নিৰ্মাণ কৰিবলৈ ওলাইছে । কোৱা হৈছে যে ‘লাহোৰ ১৯৪৭’ ছবিখনত ছানী দেওলক মুখ্য অভিনেতা হিচাপে দেখা যাব ।

লগতে পঢ়ক: আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল, খোদ প্ৰকাশ কৰিলে আমিৰৰ প্ৰাক্তন পত্নীয়ে