ETV Bharat / entertainment

Super Dancer Chapter 5 ৰ বিজয়ী অসমৰ আধ্যাশ্রী উপাধ্যায়

Super Dancer Chapter 5 শ্রেষ্ঠত্ব অর্জন অসম কন্যা আধ্যাশ্রী উপাধ্যায়ৰ । ব্যতিক্ৰমী নৃত্য শৈলীৰে ৰাষ্ট্ৰীয় মঞ্চ কঁপালে আধ্যাশ্রীয়ে ।

aadhyashree upadhyay wins Super Dancer Chapter 5 remembers zubeen garg for his unconditional love
আধ্যাশ্রী উপাধ্যায় (Photo : Aadhyashree Upadhyay Facebook)
author img

By ETV Bharat Entertainment Team

Published : October 13, 2025 at 4:08 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : নৃত্য প্ৰদৰ্শনৰ জৰিয়তে কেৱল অসমবাসীকে নহয় সমগ্ৰ দেশবাসীক মোহিত কৰা কণমাণি আধ্যাশ্ৰী উপাধ্যায় পুনৰ উজ্জ্বলিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত । Super Dancer Chapter 5 ৰ বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চিলাপথাৰৰ ৮ বছৰীয়া কণমানি আধ্যাশ্ৰীয়ে ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা মনোৰঞ্জনধৰ্মী চেনেলত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব' Super Dancer Chapter 5 ৰ প্ৰতিটো খণ্ডতে আধ্যাশ্রী উপাধ্যায়ে নিজৰ নৃত্য প্ৰতিভাৰে মন্ত্ৰমুগ্ধ কৰিছিল বিচাৰক মণ্ডলীক । দেওবাৰে অনুষ্ঠিত হয় Super Dancer Chapter 5 ৰ গ্ৰেণ্ড ফিনালে । আকৰ্ষণীয় নৃত্য প্ৰদৰ্শনেৰে শীৰ্ষ 6 ত প্ৰৱেশ কৰা আধ্যাশ্ৰী উপাধ্যায়ে কঢ়িয়াই আনে Super Dancer Chapter 5ৰ খিতাপ ।

আধ্যাশ্রী উপাধ্যায়ৰ মনৰ ভাৱ (Aadhyashree Upadhyay Facebook)

Super Dancer Chapter-5 ত যুটীয়াভাৱে বিজয়ী হয় আধ্যাশ্ৰী উপাধ্যায় আৰু সুকৃতি পাল । আধ্যাশ্ৰীয়ে ট্ৰফীৰ লগতে লাভ কৰে ১০ লাখ টকাৰ নগদ ধন । দেশৰ প্ৰায় ১ লাখ প্ৰতিযোগীৰ মাজৰ পৰা শীৰ্ষ ১২ লৈ নিৰ্বাচিত হৈছিল আধ্যাশ্ৰী ।

Aadhyashree Upadhyay
শ্রেষ্ঠত্ব অর্জন অসম কন্যা আধ্যাশ্রী উপাধ্যায়ৰ (Photo : Aadhyashree Upadhyay Facebook)

ইফালে জুবিন মামাক ভাল পোৱা আধ্যাশ্ৰীয়ে এক ভিডিঅ’ যোগে অসমবাসীক তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে জুবিন গাৰ্গক ধন্যবাদ জনায় । লগতে হাৰ্টথ্ৰৱক সুঁৱৰি শোক প্ৰকাশ কৰে কণমানিজনীয়ে । অসমত উপস্থিত হৈয়ে প্ৰথমে সোণাপুৰত থকা জুবিনৰ সমাধিক্ষেত্ৰলৈ যাব আধ্যাশ্ৰী ।

Aadhyashree Upadhyay
আধ্যাশ্রী উপাধ্যায় (Photo : Aadhyashree Upadhyay Facebook)

ইয়াৰ পূৰ্বেও নিজৰ ব্যতিক্ৰমী নৃত্যশৈলীৰে ৰাষ্ট্ৰীয় মঞ্চ কপাইছে কণমানিজনীয়ে । DID লিটল মাষ্টাৰৰ জৰিয়তে দেশবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা আধ্যাশ্ৰীৰ মুখত সদায় হাঁহি, চকুত এক উজ্জ্বল আত্মবিশ্বাস দেখিবলৈ পোৱা যায় । যেতিয়া কণমানি আধ্যাশ্ৰী মঞ্চত উঠে, ক্ষন্তেক সময়ৰ বাবে যেন থমকি ৰয় সকলো ।

Aadhyashree Upadhyay
আধ্যাশ্রী উপাধ্যায় (Photo : Aadhyashree Upadhyay Facebook)

২০২২ চনত অনুষ্ঠিত হোৱা Dance India Dance Li'l Masters ৰ দ্বিতীয় ৰানাৰ্চ আপ আছিল আধ্যাশ্ৰী উপাধ্যায় । সেই সময়তে আধ্যাশ্ৰীৰ নৃত্যৰ ভংগীমাৰে মোহিত হৈছিল বিচাৰকৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী দৰ্শক । সামাজিক মাধ্যমতো আধ্যাশ্ৰীৰ আছে বহু অনুৰাগী ।

চলিত বর্ষত মুক্তি লাভ কৰা অসমীয়া ছবি ৰুদ্ৰটো অভিনয় কৰিছিল কণমানিজনীয়ে । আনহাতে Super Dancer Chapter-5 ৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হৈছিল অপ্সৰা, আধ্যাশ্ৰী, সুকৃতি, অদিতি, সোমাংশ আৰু নৈমিষ । চিলাপাথৰৰ ফুলবাৰীৰ নিবাসী মহেশ উপাধ্যায় আৰু ৰুণু উপাধ্যায়ৰ কন্যা আধ্যাশ্ৰীৰ এই সফলতাত গৌৰৱান্বিত অসমবাসী ।

লগতে পঢ়ক : সুমন অধিকাৰীৰ 'মিশমী'ত মুখ্য চৰিত্ৰত ফ্ল’ৰিনা গগৈ