ETV Bharat / entertainment

অচিৰেই মুক্তিৰ অপেক্ষাত ৰসৰাজৰ বিখ্যাত গল্পৰ আধাৰত নিৰ্মিত চুটি ছবি পাতমুগী - Short film Patmugi

Lakshminath Bezbarua short story Patmugi : শীঘ্ৰেই আহি আছে চুটি ছবি ‘পাতমুগী’ । লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা অভিজিৎ নায়কৰ ।

a Short film 'Patmugi' based on the story of Lakshminath Bezbarua short story patmugi to be released soon
চুটি ছবি ‘পাতমুগী’ (Patmugi Team)
author img

By ETV Bharat Entertainment Team

Published : August 10, 2024 at 10:58 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 10 আগষ্ট : সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজিয়ে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । শিশুৰ পৰা বুঢ়ালৈকে সকলোৱে পঢ়িব পাৰে তেওঁ বিৰচিত কিতাপ ৷ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিত তেওঁৰ অৱদান বৰ্ণনা কৰা সম্ভৱ নহয় ৷ বেজবৰুৱাৰ গল্পসমূহত প্ৰায়ে নাৰীবাদী সত্তা এটাক দেখিবলৈ পোৱা যায় । তেওঁৰ এটা বিখ্যাত গল্প হ’ল ‘পাতমুগী’ ৷

a Short film 'Patmugi' based on the story of Lakshminath Bezbarua short story patmugi to be released soon
লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবি (Patmugi Team)

বেজবৰুৱাৰ ‘পাতমুগী’ গল্পটোত এক নাৰী চৰিত্ৰৰ চিত্ৰায়ন কৰা হৈছে । পুৰুষ জাতিৰ প্ৰৱঞ্চনা, নিষ্ঠুৰতা আৰু দুৰ্বলতা তিনিওটা দিশেই এই গল্পটোত উপস্থাপন কৰা হৈছে । লগতে সেই সময়ৰ সমাজৰ সংকীৰ্ণতা আৰু উচ্চ-নীচ জাত-পাতৰ কুপ্ৰভাৱৰ ওপৰতো দৃষ্টি আৰোপ কৰা হৈছে । উক্ত গল্পটোৰ আধাৰত একেই নামেৰে শীঘ্ৰেই মুক্তি পাব এখন চুটি ছবি ।

a Short film 'Patmugi' based on the story of Lakshminath Bezbarua short story patmugi to be released soon
লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবি (Patmugi Team)

এছ পি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংলাপ হৈছে অভিজিৎ নায়কৰ । পৰিচালক অভিজিৎ নায়কে জনোৱা অনুসৰি চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰি সম্পাদনা কক্ষত থকা এই চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে জলি লস্কৰ, উদয়ন দুৱৰা, জয়ন্ত আৰ্য, দীপাংকৰ ৰয়, ভাস্কৰ দাস, উৎপল তামুলী, যাদৃশী শৰ্মা, অনুশ্ৰীকে আদি কৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

a Short film 'Patmugi' based on the story of Lakshminath Bezbarua short story patmugi to be released soon
পাতমুগীৰ কলা-কুশলী (Patmugi Team)

‘পাতমুগী’ চৰিত্ৰটো ৰূপায়ণ কৰিছে দীপান্বিতা ৰাজবংশীয়ে । চিত্ৰগ্ৰহণকাৰী হিচাপে আছে সৰ্পিল নন্দন ডেকা আৰু কলা নিৰ্দেশনা ধীৰাজ ৰাভাৰ । শৰৎ চন্দ্ৰ দাস আৰু প্ৰতিভা দাসৰ যুটীয়া প্ৰযোজনাৰে আহিবলগীয়া এই চুটি ছবিখনৰ সম্পাদনা কৰিছে ৰাতুল দত্তই ।

চুটি ছবিখনৰ নিৰ্মাণৰ পৰিকল্পনা কিমান দিনৰ ?

এই সন্দৰ্ভত পৰিচালনাক অভিজিৎ নায়কে জনায়, ‘‘ছবিখন নিৰ্মাণৰ পৰিকল্পনা দীৰ্ঘদিনীয়া । পঢ়ি থকা সময়তে মই বেজবৰুৱাদেৱৰ এই গল্পটো অধ্যয়ন কৰিছিলো । তেতিয়াৰ পৰাই চুটি ছবি এখন নিৰ্মাণৰ কৰাৰ পৰিকল্পনা আছিল ।’’

ইফালে শীঘ্ৰেই চুটি ছবিখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ প্ৰেৰণ কৰা হ’ব আৰু তাৰ পাচতেই ৰাইজৰ মাজলৈ এই ছবিখন উলিয়াই দিয়া হ'ব বুলি জানিবলৈ দিয়ে পৰিচালকগৰাকীয়ে ।

উল্লেখ্য যে, অভিজিৎ নায়কে পৰিচালনা কৰা এইখন প্ৰথম ছবি । ইয়াৰ পূৰ্বেও অভিজিতৰ চিত্ৰনাট্য আৰু সংলাপেৰে মাইনী মহন্তৰ এটি গল্পৰ আধাৰত নিৰ্মিত ‘‘ৰং নাম্বাৰ’’ চুটি ছবিখনে কেইবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত পুৰস্কৃৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : বহিঃৰাজ্যতো মুক্তি পালে প্ৰথমখন অসমীয়া ডাৰ্ক মুভী ‘পিশাচ’ - New Assamese film Pikhaas