ETV Bharat / entertainment

ভাওনাৰ ৰাতি : অসমীয়া ছবিজগতৰ দুৱাৰত টুকুৰিয়াবলৈ সাজু

শীঘ্ৰে আহি আছে এখন নতুন অসমীয়া চুটি ছবি "ভাওনাৰ ৰাতি"। সমাজত ঘটি থকা কিছুমান সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা এই চুটি ছবিখনৰ পৰিচালনা স্মিতা বৰ্মনৰ।

A new Assamese short film Bhaonar Rati will be released soon
নতুন অসমীয়া চুটি ছবি "ভাওনাৰ ৰাতি" (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 8:33 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সমাজত ঘটি থকা কিছুমান সঁচা ঘটনাৰ আধাৰত শীঘ্ৰে আহি আছে এখন নতুন অসমীয়া চুটি ছবি "ভাওনাৰ ৰাতি"। কণিকা কলিতাৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই চুটিছবিখনৰ পৰিচালনা কৰিছে স্মিতা বৰ্মনে ।

যুগৰ পৰিৱৰ্তন হৈছে যদিও বৰ্তমানো বহুক্ষেত্ৰ আমাৰ চিন্তাধাৰা বা সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন নাই হোৱা । এনে এক বাস্তৱ তথা ৰহস্যধর্মী কাহিনীৰে নির্মাণ কৰা হৈছে চুটি ছবিখন ।

চুটিছবিখনৰ কাহিনীটো আধাৰৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰকীয়ে কয়, ''গাঁও এখনত আইতাকৰ সৈতে নাতিনীয়েক এজনীয়ে বাস কৰিছিল । ছোৱালীজনীৰ মাক-দেউতা সৰুতে ঢুকাইছিল । ছোৱালীজনীক আইতাকে লোকৰ ঘৰত কাম কৰি পো-পাল দি আছিল ।''

''তাই আছিল দেখিবলৈ অত্যন্ত ধুনীয়া । সেই গাঁওখনত বছৰত এবাৰ বহুত ডাঙৰকৈ ভাওনা অনুষ্ঠিত হৈছিল । সৰুৰে পৰা তাইৰ ভাওনাত ভাও দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও আইতাকে তাইক এইবাৰৰ পৰা দূৰত ৰাখিছিল । আনহাতে বাহিৰত যোৱাৰ পৰাও তাইক দূৰত ৰাখিছিল । কাৰণ যদিহে ছোৱালীজনীৰ কিবা হয় তেন্তে বদনাম ওলাব লগতে গাঁৱৰ মানুহে এঘৰীয়া কৰিব । এইবোৰ কাৰণতে তাইক আঁতৰাই ৰখা হৈছিল । ছবিখনত মূলত আমি সমাজত ঘটি থকা কিছু সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।''

Bhaonar Rati
নতুন অসমীয়া চুটি ছবি "ভাওনাৰ ৰাতি" (ETV Bharat)

আনহাতে, ছবিখনত অভিনয় কৰিছে অঞ্জু হাজৰিকা জোনালী ৰায়, প্ৰাণজিৎ প্ৰীতম কলিতা, সত্যজিৎ হাজৰিকা আৰু শিশু শিল্পী নিষ্ঠাজিতা কলিতাই । ছবিখন কাহিনী কণিকা কলিতাৰ আৰু সংলাপ-স্মিতা বৰ্মনৰ । সহ-প্ৰযোজক হিচাপে আছে সত্যজিৎ হাজৰিকা । ছবিখন চিত্ৰগ্ৰহণ কৰিছে প্ৰবীন বসুমতাৰীয়ে ।

উল্লেখ্য যে, চুটিখন প্ৰথমে বিভিন্ন ছবি মহোৎসৱলৈ প্ৰেৰণ কৰা হ'ব । পৰৱৰ্তী সময়ত OTT প্লেটফৰ্মত মুক্তি দিয়া হ'ব ।

লগতে পঢ়ক : বিহুৰ পাছতে আহি আছে ‘‘ঝংকাৰ- the melody of resonance’’

লগতে পঢ়ক : ‘শ্বিলঙৰে গধূলি’ৰ পাছত এইবাৰ কল্লোল বৰঠাকুৰৰ ‘অৰুণাচলৰে আবেলি’