ডেকাৰ দোকানলৈ আৰু পুৰি খাবলৈ জুবিন গাৰ্গ নাহে
নেদেখাজনক পূজা কৰাৰ সলনি জুবিন গাৰ্গৰ ফটোতহে পূজা-অৰ্চনা কৰি দোকান খুলিছিল ডেকাই ৷

By ETV Bharat Entertainment Team
Published : September 25, 2025 at 6:22 PM IST
গুৱাহাটী : জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ । জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ যি অপৰিসীম ভালপোৱা, সেয়া বিগত দিনকেটাই প্ৰমাণ কৰিলে । নিজৰ জীৱনকালত বহুজনক সহায় কৰিছিল জুবিন গাৰ্গে । শেহতীয়াভাৱে পোহৰলৈ আহিছে জুবিন গাৰ্গে সহায় কৰা এজন বিশেষ ব্যক্তিৰ কথা । তেওঁ হ’ল কাহিলীপাৰাৰ মনোজ দাস ।
কাহিলীপাৰাৰ মনোজ দাসক জুবিন গাৰ্গে মৰমতে মাতে ডেকা বুলি । মূলতঃ বৰপেটাৰ মনোজ দাসে কাহিলীপাৰাৰ Synergy Imperial ৰ সন্মুখত এখন সৰু পুৰি-চবজিৰ দোকান দিয়ে । বিগত প্ৰায় ১৪/১৫ বছৰ ধৰি চলি আছে এই দোকানখন । ইফালে দোকানখনৰ সন্মুখতে থকা Synergy Imperial ৰ Block 1-A, Flat No. D6 ত আছিল জুবিন গাৰ্গ । সেই উদ্দেশ্যে ডেকাৰ দোকানত জুবিন গাৰ্গে প্ৰায়ে সোৱাদ লয় পুৰি-চবজিৰ ।
পুৰি-চবজি খাই ডেকাক চাধা অকণ মাৰি দিবলৈও অনুৰোধ কৰে জুবিন গাৰ্গে । তাৰ পিছত ৫০০ টকা গুজি দি ডেকাৰ ঘৰ-সংসাৰ ঠিকে চলি আছেনে বুলি খবৰ লয় । সেয়েহে আজি জুবিন গাৰ্গ নোহোৱা হোৱাত ভাগি পৰিছে মনোজ দাস অৰ্থাৎ ডেকা দোকানী । অনুভৱ হৈছে যেন ভগবান নোহোৱা হৈ গ’ল !
এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ দাসে কয়, "মই দহ বছৰমান আগতে জুবিন দাক লগ পাইছিলো । তেতিয়া মই চিনি পোৱা নাছিলো । পিছত মই এই স্থানত দোকান আৰম্ভ কৰিলো । মই দোকান আৰম্ভ কৰাৰে পৰাই প্ৰায়ে জুবিন দা মোৰ দোকানলৈ আহে । “ঐ ডেকা আছা । দে, পাতলকৈ দুখন পুৰি বনাই দে”, এনেকৈ তেওঁ কয় ৷ ময়ো মানুহজন আহিলে আদৰ কৰো । পুৰি-চবজি খাই চাধা অকণ মাৰি দিবলৈও অনুৰোধ জনাই জুবিন দাই । তাৰ পিছত ৫০০ টকা দি ডেকাৰ সংসাৰ ঠিকে চলি আছেনে বুলি মোৰ খবৰ লয় । কিবা অসুবিধা হ'লে মোক জনাবি বুলিও কৈ যায় ।"

লগতে ডেকাই কয়, "বিগত প্ৰায় ৮ মাহ মান মই লগ পোৱা নাই । তেওঁ জোনালিত থাকে বুলি গম পাইছো । সদায় জুবিন দাক লগ কৰিবলৈ বহুত মানুহ আহে, আহি মোক প্ৰথমে জুবিন দা আছেনে সোধে । দুদিন দোকান বন্ধ কৰি বৰপেটালৈ গ'লে জুবিন দাই চিকিউৰিটিজনৰ দ্বাৰা খবৰ লয় । বিহু হওক, পূজা হওক, ক'ৰণা হওক জুবিন দাই মোক সহায়ৰ কৰে ।”
তেওঁ লগতে আৰু কয়, “মোৰ দোকানত বহিবলৈ ঠাই নাছিল, সকলো মানুহে থিয় হৈ খাইছিল । পিছত জুবিন দাই দুযোৰ ডেস্ক-বেঞ্চ কিনি দিয়ে । এতিয়াৰ পৰা মানুহে থিয় হৈ খাব নালাগে । জুবিন দাই দিয়া ডেস্ক-বেঞ্চত বহি তেওঁ নিজেও পুৰি-চবজি খাইছিল । তাৰোপৰি এবাৰ ৬ হাজাৰ, এবাৰ ৪ হাজাৰ, এবাৰ ২ হাজাৰ এনেকৈ বহুত টকা দিছে ।"
লগতে ডেকাৰ পত্নীয়ে কয়, "এবাৰ কেইজনমান হিংসুক লোকে আমাৰ দোকানখন ভাঙিবলৈ আহিছিল । জুবিন দাক ডেকাই কথাটো জনালে । জুবিন দাই ক'লে- কোনে তোৰ দোকান ভাঙিব আহিছে ! মোৰ কথা কৈ দিবি যা ।”
সেয়েহে ডেকাই পুৱা নেদেখাজনক পূজা কৰাৰ সলনি দোকানখনত সজাই থোৱা জুবিন গাৰ্গৰ ফটোত পূজা কৰিহে দোকান খোলে । এতিয়া ডেকা আৰু ডেকাৰ পত্নীয়ে বিচাৰিছে, যদিহে জুবিন গাৰ্গক হত্যা কৰা হৈছে তেন্তে হত্যাকাৰীক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ফাঁচি দিয়ে ।
লগতে পঢ়ক : প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি উপবাসে থাকি প্ৰাণত্য়াগ অনুৰাগীৰ

