গুৱাহাটী: দেওবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘পাপা: আন্ধাৰৰ পৰা পোহৰলৈ’ শীৰ্ষক তথ্যচিত্ৰখনিৰ এক বিশেষ প্ৰদৰ্শন । পাঠশালাৰ ষ্টুডেণ্টছ ৱেলফেয়াৰ মিছনৰ প্ৰযোজনাত নিৰ্মাণ কৰা তথ্যচিত্ৰখন পৰিচালনা কৰিছে ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই । উক্ত অনুষ্ঠানতে তথ্যচিত্ৰখনৰ পোষ্টাৰ মুকলি কৰা হয় ।
পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে দৈনিক অসমৰ সম্পাদক ড৹ হিতেশ ডেকা, অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিৎ দাস, প্ৰাক্তন জিলা ন্যায়াধীশ মহেন্দ্ৰ কলিতা, পাঠশালা প্ৰেছ ক্লাবৰ সভাপতি পুলু কুমাৰ শৰ্মা, চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা, ৰঞ্জিত দাস, লুকি পাটগিৰি, তথ্যচিত্ৰখনৰ পৰিচালক তথা সম্পাদক ঝুলন কৃষ্ণ মহন্ত আৰু তপোবনৰ স্ৰষ্টা কুমুদ কলিতা । লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজ আৰু সংস্কৃতিৰ সৈতে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।
দিব্যাংগ শিশুৰ বাবে নিজৰ উপাৰ্জন, সময় আৰু সকলোখিনি উজাৰি একান্ত নিষ্ঠাৰে কাম কৰি থকা আৰু ২০২৩ বৰ্ষত ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ বঁটা প্ৰাপক কুমুদ কলিতাৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে এই তথ্যচিত্ৰখন । তেখেতৰ নেৰানেপেৰা চেষ্টাতে প্ৰাণ পাই উঠে 'তপোবন' ৷ তথ্যচিত্ৰখনত তপোবনৰ কাহিনী সুন্দৰকৈ উপস্থাপন কৰা হৈছে ৷
উল্লেখ্য যে, ১৯৯৯ চনত কুমুদ কলিতাই প্ৰতিষ্ঠা কৰা ‘তপোবন’ অনুষ্ঠানটোত বৰ্তমানলৈকে শতাধিক বিশেষভাৱে সক্ষম শিশুক আশ্ৰয় প্ৰদান কৰি থকা হৈছে ৷ শিশুসকলৰ শিক্ষাৰ ব্যৱস্থাও আছে তাত ।
আনহাতে, গুৱাহাটীস্থিত চৰাই চাপৰি ষ্টুডিঅ’ৰ সহযোগত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ সহ-পৰিচালনা কৰিছে গাৰ্গী দত্তই । দৃশ্যগ্ৰহণ কৰিছে বিশ্বজিত দাসে । শব্দসজ্জা আৰু মিশ্ৰণ দেৱজিত গায়নৰ, সংগীত সৌৰভ মহন্তৰ, প্ৰডাকশ্যন ডিজাইন প্ৰীতম তালুকদাৰৰ লগতে চিত্ৰনাট্য আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ । এই অনুষ্ঠানতে আজিৰ পৰা প্ৰায় ১৪ বছৰ আগতে কামাখ্যা মন্দিৰৰ চিৰিত কোনোবাই পেলাই থৈ যোৱা দেৱশিশু কামাক্ষীয়ে এটি নৃত্য প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক : অন্তৰা-অংকিতা, উভয়ে কণ্ঠ নিগৰোৱা ছেমি-ক্লাছিকেল অৰিজিনেল ‘ৰং যা’ৰ ভিডিঅ’ মুকলি