জুবিনৰ গীতেৰেই আৰম্ভ হয় চিন্ময়ৰ প্ৰতিটো দিন
জুবিন গাৰ্গৰ প্ৰথম কেছেট আছিল 'সপোনৰ সুৰ', তাৰ পিছতহে 'অনামিকা' ওলাইছিল ।

By ETV Bharat Entertainment Team
Published : September 20, 2025 at 2:55 PM IST
কলিয়াবৰ : হেৰাই গ’ল যেন অসমীয়াৰ এক অনন্য শিল্পী সত্ত্বা । সমগ্ৰ অসম এতিয়া শোকাভিভূত । কলিয়াবৰো ইয়াৰ ব্যতিক্ৰম নহয় ।
19 তাৰিখৰ নিশা কলিয়াবৰবাসীয়ে কলিয়াবৰৰ বিভিন্ন স্থানত জুবিন গাৰ্গৰ মৃত্যুৰ অসহনীয় দুখৰ মাজত হিয়াৰ আমঠু শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জুবিনৰ স্মৃতি জীয়াই ৰখাৰ পণ লয় ।
জুবিন গাৰ্গৰ প্ৰায় প্ৰতিখন কেছেটৰ স্মৃতি জীয়াই ৰাখিছে কলিয়াবৰৰ এজন যুৱকে । নাম চিন্ময় শইকীয়া ৷ চিন্ময় শইকীয়াই জুবিন গাৰ্গৰ প্ৰতিখন গীতৰ কেছেট সংৰক্ষণ কৰি সঁজাই ৰাখিছে । পুৱা-গধূলি জুবিনৰ গীত শুনি ডাঙৰ হোৱা চিন্ময়ে হিয়া ঢাকুৰি কান্দিছে । শেষ বিদায় দিবলৈ গুৱাহাটীলৈ যাবলৈ সাজু হৈছে চিন্ময় ।

জুবিনৰ অনুৰাগী চিন্ময়ে কয়, “ক'বলৈ একো ভাষাই নাই । বিশ্বাসেই হোৱা নাই । সৰুৰে পৰা তেওঁৰ গান শুনিয়েই ডাঙৰ হৈছোঁ । ৰাতিপুৱা শুই উঠি তেওঁৰ গান এটা বজাই লওঁ, তাৰ পিছতহে বাকী কাম কৰোঁ । জুবিন গাৰ্গৰ কেছেট মোৰ দেউতাই মোৰ জন্মৰ আগৰে পৰা শুনিছিল । চাৰি-পাঁচ বছৰ বয়সৰ পৰা জুবিন গাৰ্গৰ গানেই শুনিছোঁ । তেওঁৰ ফটো কিতাপত লগাওঁ, কিতাপৰ বেগত লগাওঁ । এতিয়াও সেই অভ্যাসটো আছে, মোৰ ম'বাইলতো জুবিনদাৰ ফটো । প্ৰথম কেছেট 'সপোনৰ সুৰ', তাৰ পিছতহে 'অনামিকা' ওলাইছে । দুয়োটা কেছেটেই মোৰ হাতত আছে । এতিয়া জুবিনদাক বিদায় দিব লাগিব । শেষ মুহূৰ্তত চাবলৈ ইচ্ছা আছে ।”

উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গৰ মৃত্যু অসমবাসীয়ে এতিয়াও কোনোবাখিনিত মানি লোৱা নাই ৷ জুবিনৰ নশ্বৰ দেহ এতিয়াও আহি অসম পোৱাহি নাই ৷ প্ৰতিটো মুহূৰ্ত অসমৰ ৰাইজে কিদৰে পাৰ কৰিছে সেয়া একমাত্ৰ সকলোৱে ব্যক্তিগতভাৱেই জানে ৷ এই অপূৰণীয় ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ ভগৱানে সকলোকে শক্তি দিয়ক ৷
লগতে পঢ়ক : যুৱ প্ৰজন্মৰ মন সাগৰত জোৱাৰ তুলি গুচি গ'ল জুবিন

