ETV Bharat / entertainment

জয়মতীৰ ৯০ বছৰ: আজিও অৱহেলিত অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ

আজি ১০ মাৰ্চ ৷ ১৯৩৫ চনৰ আজিৰ দিনটোতে মুক্তি পাইছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী ৷ এক বিশেষ প্ৰতিবেদন-

90 years of the first assamese film joymoti neglected first female actress Aideu Handique
অৱহেলিত শিল্পী আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় (Photo : ETV bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 10, 2025 at 3:21 PM IST

7 Min Read
Choose ETV Bharat

গোলাঘাট: আজি চলচ্চিত্ৰ দিৱস ৷ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে ভৰি দিলে ৯০ বছৰত । ১৯৩৫ চনৰ ১০ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে মুক্তি পাইছিল প্ৰথমখন অসমীয়া ছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী ৷ কিন্তু আজিও সকলো দিশতে অৱহেলিত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ ৷ ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ যোৱা এইগৰাকী আইদেউ সন্দিকৈ আজি পাহৰণিৰ গৰ্ভত । জিলা কাৰ্যালয়ত চলচ্চিত্ৰ দিৱস উদযাপন কৰি নিজৰ দায়িত্ব সামৰিছে গোলাঘাট জিলা সাহিত্য সভাই ।

যি সময়ত অসমীয়া বোলছবি জগতত নাৰীয়ে অভিনয় কৰাটো এক মহাপাপ বুলি গণ্য কৰা হৈছিল, ঠিক তেনে সময়তে আইদেউ সন্দিকৈয়ে সাহসেৰে আগুৱাই গৈ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ত অভিনয় কৰি নানা লাঞ্ছনা-বঞ্চনাৰ বলি হ'বলগীয়া হৈছিল । তেনে এগৰাকী সাহসী নাৰীকো যেন মৃত্যুৰ পাছত সকলোৱে পাহৰি পেলাইছে !

আজিও অৱহেলিত আইদেউ সন্দিকৈ (ETV bharat Assam)

আইদেউ সন্দিকৈৰ জন্ম আৰু কিশোৰী কাল-

গোলাঘাট জিলাৰ বৰ্তমান বোকাখাত সমষ্টিৰ অন্তৰ্গত পানী দিহিঙীয়া গাঁৱত পিতৃ নীলাম্বৰ সন্দিকৈ আৰু মাতৃ লক্ষী সন্দিকৈ ঔৰষত জন্মগ্ৰহণ কৰে আইদেউ সন্দিকৈয়ে । শিশু আৰু কৈশোৰ কালছোৱা গাঁৱত কটোৱা আইদেউ সন্দিকৈৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা । ১৬ বছৰ বয়সত বোলছবি জগতত খোজ দিয়ে তেওঁ ৷ ১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিখন নিৰ্মাণৰ বাবে পৰিকল্পনা কৰি বাতৰি কাকতত বিজ্ঞাপনো দিছিল ৷ কিন্তু সেই সময়ত বোলছবিত অভিনয় কৰাটো মহিলাসকলৰ বাবে মহাপাপ বুলি গণ্য কৰা হৈছিল ৷ ঠিক তেনে সময়তে আইদেউ সন্দিকৈৰ সম্বন্ধীয় ব্যক্তি এজনে জ্যোতি প্ৰসাদ আগৰৱালাক আইদেউ সন্দিকৈৰ এখন আলোকচিত্ৰ দেখুৱাইছিল ৷ সেই আলোকচিত্ৰ দেখি জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈক এবাৰ লগ পোৱাৰ ব্যৱস্থা কৰিবলৈ সম্বন্ধীয় লোকজনক অনুৰোধ কৰে ।

90 years of the first assamese film joymoti neglected first female actress Aideu Handique
প্ৰথম মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ (Photo : ETV bharat Assam)

জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনুৰোধ ৰক্ষা কৰি সম্বন্ধীয় লোকজনে জাহাজ দেখুওৱাৰ চলেৰে আইদেউক ভোলাগুৰি চাহ-বাগিচাত অস্থায়ীভাৱে নিৰ্মিত জ্যোতি চিত্ৰবনলৈ লৈ যায় আৰু তাতেই জ্যোতিপ্ৰসাদে জয়মতী বোলছবিৰ জয়মতীৰ চৰিত্ৰৰ বাবে আইদেউ সন্দিকৈক নিৰ্বাচন কৰি প্ৰস্তাৱ আগবঢ়ায় ৷ কিন্তু আইদেউ সন্দিকৈয়ে উক্ত প্ৰস্তাৱ নাকচ কৰে । জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈৰ পিতৃৰ সৈতে আলোচনা কৰাৰ অন্তত অভিনয় কৰিবলৈ সন্মতি প্ৰদান কৰে আইদেউ সন্দিকৈয়ে । জ্যোতি প্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈক অভিনয়ৰ সকলো কলা-কৌশল শিকাই জয়মতী বোলছবিত মূল চৰিত্ৰ জয়মতীৰ বাবে সাজু কৰাইছিল ৷ সেই সময়ত আইদেউ সন্দিকৈৰ বয়স আছিল মাত্ৰ ১৬ বছৰ । জয়মতী বোলছবিখনে মুক্তি লাভ কৰে ১৯৩৫ চনৰ ১০ মাৰ্চl ৷ কিন্তু ব্যৱসায়িকভাৱে সফল নহ’ল ছবিখন ।

আইদেউ সন্দিকৈৰ সামাজিক জীৱন-

জয়মতী বোলছবিত অভিনয় কৰাৰ পাছত আইদেউ সন্দিকৈ জন্মস্থান পানী দিহিঙীয়া গাঁৱলৈ ঘূৰি আহে ৷ কিন্তু ইতিমধ্যে তেওঁৰ পৰিয়ালক সামাজিকভাৱে এঘৰীয়া কৰে গাঁৱৰ ৰাইজে ৷ কাৰণ বোলছবিত অভিনয় কৰাটো সেই সময়ত লাজৰ কথা বুলি গণ্য কৰা হৈছিল ৷ লগতে এমাহ ঘৰৰ পৰা বাহিৰত বিভিন্ন লোকৰ সৈতে একেটা কেম্পত থকা কথাটোক লৈয়ো বহুত সমালোচনা কৰা হৈছিল । ইয়াৰ উপৰিও তেওঁ জয়মতী চৰিত্ৰত অভিনয় কৰোতে গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক মৰমৰ স্বামী বুলি সম্বোধন কৰাটো এক ডাঙৰ অপৰাধ হিচাপে সকলোৱে গন্য কৰিছিল । এই ঘটনাবোৰৰ পিছত আইদেউ সন্দিকৈৰ পৰিয়ালে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা বিচৰাত পৰিয়ালৰ লোকক গাঁৱৰ ৰাইজে দোষমুক্ত কৰিছিল যদিও আইদেউ সন্দিকৈক ক্ষমা কৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালে তেওঁৰ বাবে মূল ঘৰৰ বাহিৰত বেলেগ ঘৰ সাজি থাকিবলৈ দিছিল ৷

পানী খাবলৈ আইদেউক পৃথককৈ পুখুৰী খান্দি দিয়া হৈছিল ৷ সেই পুখুৰীৰ পানী গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰাৰ পৰা বিৰত আছিল । সেই সময়ছোৱাত আইদেউ সন্দিকৈক বিয়া কৰিবলৈ কোনো আগবাঢ়ি নাহিল, যাৰ বাবে চিৰকুমাৰী হৈ দিন অতিবাহিত কৰিবলগীয়া হয় তেওঁ । অতি কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল এইগৰাকী মহীয়সী নাৰী আইদেউ সন্দিকৈয়ে ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বোলছবিত অভিনয় কৰাৰ বাবে সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ খবৰ পোৱাৰ পিছতো জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ খবৰ লোৱা নাছিল বুলি জানিব পৰা যায় ৷ আনকি জয়মতী বোলছবিখন মুক্তি দিয়াৰ সময়তো আইদেউ সন্দিকৈক নিমন্ত্ৰণ কৰা হোৱা নাছিল ।

আইদেউ সন্দিকৈলৈ চৰকাৰী স্বীকৃতি-

অসম চৰকাৰে ১৯৮৫ চনত অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰে ৷ সেই সময়ত আইদেউ সন্দিকৈয়ে জয়মতী বোলছবিৰ নিজে অভিনয় কৰা অংশ দেখিবলৈ পায় আৰু সেই সময়তে অসম চৰকাৰে তেওঁলৈ ১০০০ টকা মাহেকীয়া পেন্সন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু পাছলৈ ১৫০০ টকালৈ ইয়াক বৃদ্ধি কৰা হয় । ইয়াৰ উপৰিও তেওঁৰ গাঁৱত আইদেউ সন্দিকৈ মধ্য ইংৰাজী বিদ্যালয় এখন মুকলি কৰা হয় । তেওঁৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনয়ন কৰা হৈছিল যদিও মাত্ৰ এখন ছবিত অভিনয় কৰাৰ যুক্তি প্ৰদৰ্শন কৰি সেই বঁটাৰ পৰা নাম আঁতৰাই দিয়া হয় ।

90 years of the first assamese film joymoti neglected first female actress Aideu Handique
প্ৰথম মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ (Photo : ETV bharat Assam)

আইদেউ সন্দিকৈৰ জীৱনৰ শেষৰ কালছোৱা-

সামাজিকভাৱে এঘৰীয়া কৰা আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ কালছোৱা গোলাঘাট জিলাৰ কমাৰগাঁৱত থকা ভতিজাকৰ লগত অতিবাহিত কৰে যদিও ২০০২ চনৰ ১৭ ডিচেম্বৰত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে অসমীয়া বোলছবি জগতৰ কিংবদন্তি প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ আজিও অৱহেলিত । তেওঁ কৰা ত্যাগ আৰু বলিদানৰ কথা উঠি অহা নৱ-প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ কাৰোৰে যেন অৱকাশ নাই, সেয়া লাগিলে চৰকাৰেই হওঁক বা অসমৰ শিল্পী সমাজেই হওক । তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ গোলাঘাট জিলা সাহিত্য সভাই বোকাখাত সমষ্টিৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পানী দিহিঙীয়া গাঁৱত তেওঁৰ সমাধিস্থলীত শিল্পী আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় স্থাপন কৰে যদিও সেয়া এতিয়া ফুটুকাৰ ফেনলৈ পৰ্যবসিত হৈছে ।

গোলাঘাট জিলা সাহিত্য সভাৰ অধীনত থকা এই সংগ্ৰহালয়ৰ গেটত ১২ মাহে ওলমি থাকে এটা তলা । জিলা সাহিত্য সভাই প্ৰতি বছৰে কেৱল চলচ্চিত্ৰ দিৱস উদযাপন কৰিয়েই নিজৰ দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে । এই সম্পৰ্কে স্থানীয় ব্যক্তি দুগৰাকীয়ে মত প্ৰকাশ কৰে যে এই সংগ্ৰহালয়ত কেৱল ৰাইজেই সহযোগ কৰি আছে ৷ চৰকাৰৰ এটা সাংস্কৃতিক বিভাগ আছে, কিন্তু সেই বিভাগে আজিলৈকে এই সংগ্ৰহালয়ত কোনোধৰণৰ অনুদান দিয়া নাই, যাৰ বাবে ই এনেধৰণে অৱহেলিত হৈ পৰি ৰৈছে । ইয়াৰ উপৰিও জিলা সাহিত্য সভাই মাত্ৰ ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈৰ মৃত্যুৰ দিনটোত আহি নিয়ম মাফিক মৃত্যু তিথি পালন কৰে আৰু তাৰ পাছত গোটেই বছৰ কোনোধৰণৰ যোগাযোগ নাথাকে । জিলা সাহিত্য সভাৰ তত্বাৱধানত এই সংগ্ৰহালয় থকাৰ বাবে তেওঁলোকক অতিক্ৰম কৰি কাম-কাজ চলাই নিয়াত অসুবিধা হোৱাৰ কথাও উল্লেখ কৰে স্থানীয় লোকে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন, ছ্যুকাফাৰ বাবে যি কাম কৰিছে তেনেদৰে প্ৰথম অসমীয়া ছবিৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ বাবে কৰিবলৈয়ো তেওঁলোকে আহ্বান জনায় ৷ চৰকাৰে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, যাৰ দ্বাৰা আইদেউ সন্দিকৈক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায় । ইয়াৰ লগতে তেওঁলোকে শিল্পী সমাজৰ দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে । এই অনুষ্ঠানভাগ এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁৰ সংৰক্ষিত সম্পদসমূহ অসমৰ ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে মত প্ৰকাশ কৰে তেওঁলোকে ।

লগতে পঢ়ক: আইদেউ সন্দিকৈৰ মৃত্যু বাৰ্ষিকীত চৰকাৰৰ প্ৰতি ক্ষোভ স্থানীয় লোকৰ, কিন্তু কিয় ? - অসমীয়া বোলছবিৰ প্ৰথম গৰাকী মহিলা অভিনেত্ৰী