অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ৯০ বছৰ: 'মন মন্দিৰ'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল ধীৰেণ কলিতাৰ যাত্ৰা
স্পট বয়ৰ পৰা শব্দ গ্ৰহণকাৰী-দৃশ্যগ্ৰহণকাৰীলৈকে... ৷ এটা এটা পৰ্যায় কেনেকৈ পাৰ হৈছিল ? সাংবাদিক বন্দনা শৰ্মাৰ বিশেষ প্ৰতিবেদন ৷

Published : March 10, 2025 at 7:03 PM IST
ৰঙিয়া: আজি চলচ্চিত্ৰ দিৱস । ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই জয়মতী নিৰ্মাণৰ জৰিয়তে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ এই যাত্ৰা ৷ ‘জয়মতী’ নিৰ্মাণৰ পিছতে অসমীয়া চিনেমা উদ্যোগটোৱে বহু উত্থান-পতনৰ মাজেৰে কেইবাটাও দশক পাৰ হৈ আজিৰ অৱস্থাত উপস্থিত হৈছেহি ।
মাজতে দুৰ্দশাগ্ৰস্ত হৈ একেবাৰে ভাঙি যোৱা উদ্যোগটোক এতিয়া নতুন প্ৰজন্মৰ কলা-কুশলীৰ চেষ্টাই পুনৰ জীপাল হোৱাত সহায় কৰিছে । আজিৰ এই বিশেষ দিনটোত আমি স্মৰণ কৰিব বিচাৰিছো আশী দশকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চিনেমা নিৰ্মাতাসকল যেনে- ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱাৰ দৰে পৰিচালকৰ সৈতে কাম কৰা এগৰাকী কাৰিকৰী কলা-কুশলীৰ বিষয়ে ।
তেওঁ হৈছে ৰঙিয়াৰ গুৰকুছিৰ নিবাসী ধীৰেণ কলিতা । সেইখিনি সময়ত বোলছবি জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৰঙিয়াৰ গুৰকুছিৰ নিবাসী ধীৰেণ কলিতা । ১৯৮৫ চনত মুক্তি পোৱা ‘‘মন মন্দিৰ’’ নামৰ বোলছবিখনৰ জৰিয়তে অসমীয়া চিনেমা জগতত খোজ পেলোৱা ধীৰেণ কলিতা এগৰাকী কাৰিকৰী কলা-কুশলী । আৰম্ভণিতে বোলছবিত শব্দগ্ৰহণ আৰু কেমেৰাত কাম কৰা ধীৰেণ কলিতাই মূলতঃ চিনেমাৰ বাবে লাইটৰ কাম কৰিছিল ।

শিৱপ্ৰসাদ ঠাকুৰে নিৰ্মাণ কৰা ‘‘মন মন্দিৰ’’ত এগৰাকী শব্দ গ্ৰহণকাৰী হিচাপে কাম কৰা ধীৰেণ কলিতাই পিছলৈ বলিউডৰ অভিনেতা ছলমান খান, নাছিৰুদ্দিন শ্বাহ, টম অলটাৰ, ৰূপা গাংগুলীৰ সৈতেও চিনেমাৰ দৃশ্যগ্ৰহণ কৰিছিল ।
তেওঁৰ বিষয়ে আৰু জানিবলৈ ই টিভি ভাৰতৰ সংবাদিক উপস্থিত হ’ল তেওঁৰ বৰ্তমানৰ কৰ্মস্থলীত । ৰঙিয়া গুৰকুছিৰ চ'কত এখন চাহৰ দোকান দি বৰ্তমান জীৱন নিৰ্বাহ কৰা ধীৰেণ কলিতাই জ্যোতিচিত্ৰবনত প্ৰথমে দিনটোৰ হাজিৰা ৫ টকা লৈ ‘‘স্পট বয়’’ হিচাপে কাম কৰিছিল । কিছুদিন পাছত যেতিয়া শিৱ প্ৰসাদ ঠাকুৰে ‘‘মন মন্দিৰ’’ নিৰ্মাণ কৰে তেতিয়া তেওঁ তাত শব্দ গ্ৰহণকাৰী হিচাপে কাম লাভ কৰে ।

লগতে পঢ়ক : জয়মতীৰ ৯০ বছৰ: আজিও অৱহেলিত অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ লগতে পঢ়ক : অসম সৌৰভ বঁটা: ১১৬ শাৰীৰ আটাইতকৈ দীঘলীয়া গীতটি ৰচনা কৰা গীতিকাৰগৰাকী আজি অভিভূত |
‘‘মন মন্দিৰ’’ৰ পাছত তেওঁ লাহে লাহে এখন দুখনকৈ অসমীয়া চলচ্চিত্ৰত কাম লাভ কৰিবলৈ ধৰে । পৰমানন্দ ৰাজবংশী, জাহ্নু বৰুৱা, আব্দুল মজিদ, নিপ বৰুৱা, মুন্না আহমেদ, ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱাৰ দৰে পৰিচালকৰ সৈতে কাম কৰি তেওঁ প্ৰায় ৩৩ বছৰ ছবি জগতত অতিবাহিত কৰিলে । এই সময়ছোৱাত তেওঁ সমুদায় ৩৭ খন চিনেমা নিৰ্মাণৰ সৈতেও জড়িত আছিল ।
তেওঁ চিনেমা জগতৰ সৈতে চিনাকি কেনেদৰে হৈছিল বুলি প্ৰশ্ন কৰোতে কয়, "মই সৰু থাকোতে এখন ছবি চাইছিলো ককাদেউতাৰ নাতি আৰু হাতী । সেই চিনেমাখনৰ পৰাই এই জগতখনৰ প্ৰতি এক বিশেষ আকৰ্ষণ অনুভৱ কৰিছিলো আৰু চিনেমাত কাম কৰাৰ উদ্দেশ্যে এদিন ঘৰৰ পৰা মই গুৱাহাটী অভিমুখে ৰাওনা হৈছিলো ।’’

‘‘জ্যোতি চিত্ৰবনত স্পট বয় হিচাপে কাম কৰি থাকোতে অভিনেতা বিজু ফুকনৰ সৈতে মোৰ চিনাকি হৈছিল । মোৰ প্ৰথমখন ছবিত কাম লাভ কৰাৰ ক্ষেত্ৰতো বিজু ফুকনে মোক যথেষ্ট সহায় কৰিছিল । তেওঁ পিছলৈও বিভিন্ন সময়ত বিভিন্ন ধৰণে মোক সহায় কৰি আছিল ।" তেওঁ কয় ৷
চিনেমা জগতে তেওঁৰ ব্যক্তিগত জীৱনত পেলোৱা প্ৰভাৱৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ হাঁহি মাৰি কয়, "মোৰ বিয়াৰ আঠমঙলাৰ পিছদিনাই নতুন কইনাক এৰি শ্বুটিং কৰিবলৈ গুচি গৈছিলো । ইয়াৰ উপৰিও বহুদিনলৈ কেতিয়াবা কেইবা মাহলৈ পৰিয়ালৰ পৰা আঁতৰি থাকিব লগা হোৱা বাবেও পৰিয়ালে প্ৰায়েই মোক আপত্তি দৰ্শাইছিল ।’’

মাত্ৰ পাঁচ টকাৰে চিনেমা জগতত কাম আৰম্ভ কৰা ধীৰেণ কলিতা পিছলৈ অসমীয়া চিনেমা জগতৰ কাৰিকৰী বিভাগৰ এখন চিনাকি মুখ ৰূপে পৰিগণিত হৈছিল । সেই সময়ৰ প্ৰতিগৰাকী প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীৰ সৈতেও কাম কৰিছিল ধীৰেণ কলিতাই । ই টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত শ্বুটিঙৰ বিভিন্ন ৰসাল ঘটনাৰ কথা মনত পেলাই নষ্টালজিক হৈ পাৰে ধীৰেণ কলিতা ।
লগতে পঢ়ক : হিয়া দিয়া নিয়াৰ 25 বছৰ; অতীতক ৰোমন্থন কৰি আৱেগিক যতীন লগতে পঢ়ক : বৰপেটা দৌল মহোৎসৱৰ সৈতে ফানুচৰ সম্পৰ্ক কি ? |
তেওঁ কয়, "চিনেমাত কাম কৰি বৰ ভাল পাইছিলো । সকলোৱে ধেমালি-স্ফূৰ্তি কৰি সুন্দৰভাৱে কামবোৰ সমাধান কৰিছিলো । কেতিয়াবা কাম কৰোতে খোৱাৰ খেলিমেলি হৈছিল বা পইচা পাওঁতেও দেৰি হৈছিল । কিন্তু তেতিয়াৰ দিনত আমি য’তেই গৈছিলো যথেষ্ট সমাদৰ লাভ কৰিছিলো । প্ৰায়েই শ্বুটিঙত ৰাইজে আমাক আগুৰি ধৰি চাবলৈ আহিছিল । তেতিয়া নিজকে বৰ হিৰো যেন অনুভৱ কৰিছিলো ।"
তেওঁ চিনেমাৰ জগতখনৰ পৰা কিয় আঁতৰি আহিল বুলি প্ৰশ্ন কৰাত কয়, "আমি এনালগ পদ্ধতিৰে কাম কৰিছিলো । সময়ৰ লগে লগে প্ৰযুক্তিৰ সলনি হ'ল । উপযুক্ত প্ৰশিক্ষণৰ অভাৱত নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাই চলিবলৈ অসুবিধা হ’বলৈ ধৰিলে । ইয়াৰ উপৰিও মাজতে অসমীয়া চিনেমা জগতখনৰ সময় যথেষ্ট বেয়া চলি আছিল । লোকচানৰ বাবে প্ৰযোজকে চিনেমা বনাবলৈ প্ৰায় এৰিয়েই পেলাইছিল । সেয়েহে লাহে লাহে এই জগতখনৰ সৈতে লাহে লাহে সম্বন্ধ কমি আহিল । কাৰণ পৰিয়ালটো চলাবলৈ কিবা এটা কৰিবই লাগিব । সেয়েহে এতিয়া ঘৰৰ কাষৰ চ'কটোত দোকানখন দিছো ।"

এটা সময়ত বোলছবি নিৰ্মাণৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ কাৰিকৰী বিভাগত জীৱনৰ প্ৰায় ৩৩ বছৰ ধৰি কাম কৰা ধীৰেণ কলিতা হালধীয়া চৰায়ে বাওঁধান খাই, অদাহ্য, কোলাহল, অনল, সূৰ্য তেজৰ অন্য নামৰ দৰে ৰাষ্ট্ৰীয় তথা অন্যান্য পুৰস্কাৰপ্ৰাপ্ত বোলছবি নিৰ্মাণত জড়িত আছিল । বৰ্তমান তেওঁ চাহৰ হোটেল এখনেৰে জীৱন নিৰ্বাহ কৰিছে ।
পত্নী বীণা কলিতা আৰু দুগৰাকী কন্যা সন্তানৰ সৈতে সৰু সংসাৰখনৰ এই দোকানখনেই একমাত্ৰ সম্বল । চৰকাৰী স্বীকৃতি বা সাহাৰ্য অবিহনে নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা ধীৰেণ কলিতা আজিও অসমীয়া চিনেমা জগতখনক লৈ আশাবাদী ।

