ETV Bharat / entertainment

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান আজুৰিলে 'ৰঙাটাপু ১৯৮২' এ

ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । 'ৰঙাটাপু ১৯৮২' লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান । উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক বঁটা ।

National Film Awards 2025
ৰঙাটাপু ১৯৮২ ছবিৰ পোষ্টাৰ (Adityam Saikia FB Account)
author img

By ETV Bharat Assamese Team

Published : August 2, 2025 at 9:22 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : শুকুৰবাৰে ঘোষণা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । এই চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শিতানত এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰে 'ৰঙাটাপু ১৯৮২'-এ । ছবিখনৰ পৰিচালক হৈছে আদিত্যম শইকীয়া ।

আনহাতে, টাই-ফাকে ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে ‘Pai Tang... Step of Hope’ মানৰ ছবিখনে । এই ছবিখনৰ প্ৰযোজক নৱ কুমাৰ ভূঞা আৰু পৰিচালক প্ৰবাল খাউণ্ড । একেদৰে, নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে শিল্পীকা বৰদলৈয়ে । ইয়াৰ উপৰি উৎপল দত্তই লাভ কৰিছে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটা ।

২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ 'ৰঙাটাপু ১৯৮২' (ETV Bharat Assam)

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে বিভিন্ন শাখাৰ বিজয়ীসকলৰ নাম ।

উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰত মুক্তিলাভ কৰা 'ৰঙাটাপু ১৯৮২' ছবিখন বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, '৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল । চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন ।

'৮০ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় খিলঞ্জীয়া লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল । '৮০ৰ দশকত সেই বহিৰাগত লোকসকলৰ সৈতে থলুৱা খিলঞ্জীয়া লোকৰ সংঘাত-সংগ্ৰামৰ ঘটনাক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল ছবিখন ।

বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি 'ৰঙাটাপু ১৯৮২' ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । আনহাতে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে ।

ইয়াৰ উপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, অলিস্মিতাকে আদি কৰি বহু ন-পুৰণি শিল্পীয়ে ।

ইফালে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ পিছত এক ভিডিও বাৰ্তাযোগে নিজৰ অনুভৱ ব্যক্ত কৰি ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াই কয়, "আজি আমাৰ ছবি 'ৰঙাটাপু ১৯৮২'-এ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । এইক্ষণত মই ছবিখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ । এইখন মোৰ প্ৰথমখন ছবি । এই ছবিখনৰ জৰিয়তে মই ফেশ্বন ডিজাইনিঙৰ পৰা ছবি পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিলোঁ । এই যাত্ৰাত বহুতো অভিজ্ঞতা আছে, বহুজনৰ পৰা মই শিকিছোঁ । সেয়ে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

লগতে পঢ়ক :৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ১২ ফেইললৈ শ্ৰেষ্ঠ ছবি, ৰাণী মূখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা - 71ST NATIONAL FILM AWARDS
লগতে পঢ়ক :বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ২০২৫ বৰ্ষৰ ভবেন বৰুৱা বঁটা ঘোষণা - BHABEN BARUA AWARD 2025